অসমীয়া ছবি ৰঙাটাপু ১৯৮২ৰ বাবে ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ প্ৰযোজক অৰুণ কুমাৰ ৰায়ৰ
৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে প্ৰযোজক অৰুণ কুমাৰ ৰায়ক এই বঁটা প্ৰদান কৰে ।

By ETV Bharat Entertainment Team
Published : September 24, 2025 at 4:41 PM IST
হায়দৰাবাদ: আশীৰ দশকৰ অসমৰ বেদনা চিত্ৰিত কৰা ৰঙাটাপু ১৯৮২ নামৰ ছবিখনৰ বাবে উত্তৰ প্ৰদেশৰ গাজীপুৰৰ ব্যৱসায়ী তথা চলচ্চিত্ৰ নিৰ্মাতা অৰুণ কুমাৰ ৰায়ে ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে এই বঁটা প্ৰদান কৰে । দুবছৰ পূৰ্বে মুক্তি পাইছিল ৰঙাটাপু ১৯৮২ ।
প্ৰযোজক অৰুণ কুমাৰ ৰায়ৰ ব্যক্তিগত সম্পাদক চন্দন কুমাৰে ই টিভি ভাৰতক জনোৱা মতে, অৰুণ কুমাৰ ৰায় মূলতঃ গাজীপুৰৰ দহিনৱাৰ গাঁৱৰ । তেওঁৰ পিতৃ ওম প্ৰকাশ ৰায়ৰ ইতিমধ্যে মৃত্যু ঘটিছে । তেওঁৰ ভাতৃ অজয় কুমাৰ ৰায় বৰ্তমান বি আৰ চি গ্ৰুপৰ পৰিচালক । গাজীপুৰৰ পৰা আহি অৰুণ ৰায়ে কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামৰ জৰিয়তে অসমত নিজৰ পৰিচয় গঢ়ি তুলিছে । ১৯৬০ চনত তেওঁৰ পৰিয়ালে অসমত চাহ বাগিচাৰ ব্যৱসায় আৰম্ভ কৰে । ইয়াৰ পিছত বহু উত্থান-পতনৰ সন্মুখীন হ’বলগীয়া হয় ।
২০২৩ চনত মুক্তি লাভ কৰে ছবিখন:
বি আৰ চি গোটটো নিৰ্মাণ, হোটেল, সুৰা ব্যৱসায়, আমদানি-ৰপ্তানি আৰু চলচ্চিত্ৰ নিৰ্মাণৰ কামতো জড়িত । মঙলবাৰে দিল্লীত অনুষ্ঠিত ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত অৰুণ কুমাৰ ৰায়ে অসমীয়া ছবি ৰঙাটাপু ১৯৮২ ৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে । ২০২৩ চনত মুক্তি পোৱা এই প্ৰশংসিত অসমীয়া ছবিখনে আশীৰ দশকৰ অসমৰ পটভূমিত নদীৰ পাৰৰ অঞ্চলসমূহৰ সংগ্ৰাম আৰু হিংসাক চিত্ৰিত কৰিছে । চাৰিগৰাকী মহিলাৰ কাহিনীৰ জৰিয়তে হিংসা, আঘাত, জীয়াই থকাৰ ইচ্ছাক প্ৰাণৱন্ত কৰি তুলিছে পৰিচালক আদিত্যম শইকীয়াই ।

বি আৰ চি গ্ৰুপে অধিক ছবি নিৰ্মাণ কৰিব:
প্ৰযোজক হিচাপে অৰুণ কুমাৰ ৰায়ে এই ছবিখনৰ জৰিয়তে উত্তৰ প্ৰদেশ আৰু অসমলৈ সন্মান কঢ়িয়াই আনিছে । ছবিখনত আইমী বৰুৱা, গুঞ্জন ভৰদ্বাজ, ৰিম্পী দাস আদিয়ে অভিনয় কৰিছিল । বি আৰ চি গ্ৰুপৰ বেনাৰত নিৰ্মাণ কৰা হয় এই ছবিখন । চন্দন কুমাৰৰ মতে, ভৱিষ্যতে বি আৰ চি গ্ৰুপৰ বেনাৰত আৰু অধিক ছবি নিৰ্মাণ কৰা হ’ব । এই ছবিসমূহে অসমৰ সংস্কৃতি আৰু সমাজৰ সৈতে জড়িত কাহিনীসমূহ ডাঙৰ পৰ্দালৈ আনিব । অৰুণ কুমাৰৰ এই সাফল্যই উত্তৰ প্ৰদেশৰ যুৱক-যুৱতীসকলক নিশ্চয়কৈ অনুপ্ৰাণিত কৰিব ।
উল্লেখ্য যে, ৮০ৰ দশকত ৰাজ্যৰ বিভিন্ন অঞ্চললৈ প্ৰব্ৰজন কৰা সন্দেহযুক্ত লোক আৰু স্থানীয় খিলঞ্জীয়া লোকৰ মাজত সঘনাই সংঘৰ্ষৰ সৃষ্টি হৈছিল । ৮০ৰ দশকত সেই বহিৰাগত লোকসকলৰ সৈতে থলুৱা খিলঞ্জীয়া লোকৰ সংঘাত-সংগ্ৰামৰ ঘটনাক সামৰি এটা সঁচা কাহিনীৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছিল ছবিখন ।
লগতে পঢ়ক : ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা শ্বাহৰুখ খানৰ পৰিয়ালত উল্লাস

