পাঁচশ নাচনীৰ গিৰিপনিত কঁপি উঠিল নদীদ্বীপ মাজুলী
মাজুলীত ৰঙালীৰ পাৰ ভঙা উছাহ ৷ উজনি মাজুলীৰ ভকতিদুৱাৰ বিহুতলীত একেলগে ৫০০ নাচনীয়ে জুৰিলে বিহু ৷

By ETV Bharat Entertainment Team
Published : April 19, 2025 at 6:32 PM IST
মাজুলী: এগৰাকী-দুগৰাকী নহয়, একেলগে পাঁচশ নাচনীৰ গিৰিপনিত কঁপি উঠিল নদীদ্বীপ মাজুলী ৷ কোনো বিশ্ব ৰেকৰ্ডৰ বাবে নহয়, প্ৰাণৰ বিহুটিক অন্তৰৰ পৰা আজি যেন এনেদৰেই আদৰিলে সত্ৰপীঠখনৰ পাঁচ শতাধিক নাচনীয়ে ! ঢোল, পেঁপা, গগনাৰ মাতত মুখৰিত হৈ পৰিছে সমগ্র ৰাজ্য ৷ এনেহেন বতৰত মাজুলী জানো পিছপৰি থাকিব পাৰে !
বিহু বুলিলেই গা সাতখন আঠখন কৰে প্ৰতিজন অসমীয়াৰ । জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে উদযাপন কৰিছে ৰঙালী বিহু ৷ অতীতৰ পৰম্পৰা ৰক্ষা কৰি বহু জাতি-জনগোষ্ঠীয়ে এতিয়াও পালন কৰি আছে পুৰণি নীতি-নিয়ম ৷ অসমৰ প্ৰতিখন গাঁৱতে এতিয়া ঘৰে ঘৰে হুঁচৰি, জেং বিহুৰ দল । ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ব'হাগী উৎসৱসমূহো ।
সত্ৰপীঠ মাজুলীত আজিৰে পৰা দুদিনীয়াকৈ 'সৃষ্টি-এক সমন্বয় যাত্ৰা'ৰ উদ্যোগত আৰম্ভ হৈছে ব'হাগী উৎসৱ ৷ উজনি মাজুলীৰ ভকতিদুৱাৰত এই ব'হাগী উৎসৱ অনুষ্ঠিত হৈছে । এই ব'হাগী উৎসৱতেই একেলগে কঁকাল ভাঙিলে পাঁচ শতাধিক নাচনীয়ে ৷ এই নাচনীৰ গিৰিপনিৰেই উদ্বোধন হল ব'হাগী উৎসৱ ।

"সৃষ্টি-এক সমন্বয় যাত্ৰাৰ" সাধাৰণ সম্পাদকদ্বয়ে জনোৱা মতে আজি পুৱা পৰিবেশ নিকাকৰণ, গছপুলি ৰোপণ, পতাকা উত্তোলনৰ পাছত মাজুলীৰ প্ৰতিখন গাঁৱৰ পৰা অহা ৫০০ নাচনীৰ নাচেৰে উদ্বোধন কৰা হয় এই ব'হাগী উৎসৱ ।

আজি সৰু বিহুৱতী, বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে কাইলৈ দিনত জেং বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি আয়োজকসকলে জানিবলৈ দিয়ে । ইফালে কাইলৈ নিশাৰ ভাগত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নিতুল দাধৰাই তেওঁৰ সংগীতানুষ্ঠান পৰিবেশন কৰিব । মাজুলীৰ সকলো প্ৰান্তৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে আয়োজকসকলে ।
লগতে পঢ়ক : হায়ৈ ৰহিমলা ৰৈ ৰৈ ধেমালি কৰো... ! চেনেহী বিহুত পথাৰত আনন্দৰে নাচিছে জীয়াৰী-বোৱাৰীয়ে

