ETV Bharat / entertainment

শ্বোলেৰ পঞ্চাছ বছৰ: চিনেমাখনৰ আকৰ্ষণীয় তথ্যবোৰ জানিবলৈ মন নাযায়নে ?

এই ছবিখন ১৯৭০ চনৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি আছিল আৰু ৫ বছৰ অৰ্থাৎ ২০০০ দিন ছবিগৃহত চলিছিল ।

50 YEARS OF SHOLAY
শ্বোলেৰ পঞ্চাছ বছৰ (Photo : Film Poster)
author img

By ETV Bharat Entertainment Team

Published : August 15, 2025 at 5:16 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ২০২৫ চনৰ স্বাধীনতা দিৱসত ভাৰতীয় মনোৰঞ্জন জগতৰ হিট ছবি ‘শ্বোলে’ ই মুক্তিৰ ৫০ বছৰ সম্পূৰ্ণ কৰিলে । ১৯৭৫ চনৰ আজিৰ দিনটোতে মুক্তি লাভ কৰা ৰমেশ চিপ্পীৰ শ্বোলে ছবিখন সত্তৰৰ দশকৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি আছিল আৰু ৫ বছৰ অৰ্থাৎ ২০০০ দিন ছবিগৃহত চলিছিল । শ্বোলে অতি কম বাজেটত নিৰ্মাণ কৰা হৈছিল । কিন্তু মুক্তিৰ পাছত এই ছবিখনে বাজেটৰ ১০ গুণতকৈও অধিক উপাৰ্জন কৰে । শ্বোলেৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে ছবিখনৰ বিষয়ে কিছু অজ্ঞাত আৰু আকৰ্ষণীয় তথ্য জানো আহক ।

ছবিৰ বাজেট-তাৰকাৰ পাৰিশ্ৰমিক আৰু বহুতো নজনা কথা

শ্বোলে পৰিচালনা কৰিছিল ৰমেশ চিপ্পীয়ে । কাহিনীটো আছিল চেলিম-জাভেদৰ । শ্বোলেৰ বাজেট আছিল ৩ কোটি । ছবিখনে বক্স অফিচত ৩৫ কোটি টকা উপাৰ্জন কৰে । অভিনেতাসকলৰ পাৰিশ্ৰমিকৰ কথা ক’বলৈ গ’লে ধৰ্মেন্দ্ৰই লাভ কৰিছিল সৰ্বাধিক পাৰিশ্ৰমিক । বীৰুৰ চৰিত্ৰৰ বাবে ধৰ্মেন্দ্ৰই লাভ কৰিছিল ১.৫ লাখ টকা । ‘ঠাকুৰ’ৰ চৰিত্ৰত অভিনয় কৰা সঞ্জীৱ কুমাৰে পাইছিল ১.২৫ লাখ টকা । জয়ৰ চৰিত্ৰত অভিনয় কৰা অমিতাভ বচ্চনে ছবিখনত পাৰিশ্ৰমিক হিচাপে ১ লাখ টকা লাভ কৰিছিল । বসন্তী অৰ্থাৎ হেমা মালিনীৰ পাৰিশ্ৰমিক আছিল ৭৫ হাজাৰ টকা ।

আনহাতে, অভিনেতা আমজাদ খানে খলনায়ক গব্বৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে ৬৫ হাজাৰ টকা লৈছিল । ৰাধাৰ চৰিত্ৰত অভিনয় কৰি জয়া বচ্চনে মাত্ৰ ৩৫ হাজাৰ টকাহে পাইছিল । ইয়াৰ উপৰিও অভিনেতা মেক মোহনে ছম্ভাৰ চৰিত্ৰত অভিনয় কৰি ১২ হাজাৰ টকা, কালিয়াৰ চৰিত্ৰত অভিনয় কৰি বিজয় খোটেই ১০ হাজাৰ টকা আৰু ইমাম চাহেবৰ চৰিত্ৰত অভিনয় কৰি অভিনেতা এ কে হাংগলে ৮ হাজাৰ টকা লাভ কৰিছিল ।

প্ৰথম অৱস্থাত জাভেদ আখতাৰে ভাবিছিল যে তেওঁ আমজাদ খানক এই প্ৰকল্পৰ পৰা আঁতৰাই দিব । কাৰণ, আমজাদৰ কণ্ঠ শুনাৰ পিছত তেওঁ বিশ্বাস কৰিব পৰা নাছিল যে অভিনেতা আমজাদে পৰ্দাত ভয়ংকৰ ডকাইতৰ চৰিত্ৰটো চিত্ৰিত কৰিবলৈ সক্ষম হ’ব । অৱশ্যে জাভেদ আখতাৰৰ সন্দেহ ভুল প্ৰমাণিত হ’ল । পৰ্দাত গব্বৰ সিঙৰ চৰিত্ৰত আমজাদ খান সদায় জনপ্ৰিয় ।

৭০ ৰ দশকৰ ব্লকবাষ্টাৰ ছবি শ্বোলে বক্স অফিচত হিট হৈছিল যদিও ইয়াৰ বঁটা লাভৰ সংখ্যা প্ৰায় শূন্য আছিল । ছবিখনে মাত্ৰ এটা ফিল্মফেয়াৰ বঁটাহে লাভ কৰিছিল । সেইটোও বেষ্ট এডিটিঙৰ বাবে । শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ সংলাপ, শ্ৰেষ্ঠ পৰিচালক আদি সকলো বঁটা অমিতাভ বচ্চন আৰু শশী কাপুৰ অভিনীত 'দীৱাৰ' এ লাভ কৰিছিল ।

ভাৰতীয় চিনেমাৰ ইতিহাসৰ প্ৰথমখন ছবি যি সমগ্ৰ ভাৰতৰ ১০০ টাতকৈও অধিক ছবিগৃহত একেৰাহে ২৫ সপ্তাহ ধৰি চলিছিল ।

ছবিখনত চেলিম খানৰ কলেজীয়া বন্ধু ইন্দোৰৰ খজৰানা কোঠীৰ জাগীৰদাৰৰ পুত্ৰ বীৰেন্দৰ সিং বেয়াছ আৰু খেতিয়ক জয় সিং ৰাও কালেৱৰৰ নামেৰে জয় আৰু বীৰুৰ নাম ৰখা হৈছিল ।

‘গব্বৰ সিং’ চৰিত্ৰটো ইমানেই জনপ্ৰিয় হৈছিল যে বিস্কুট কোম্পানী এটাই আমজাদ খানক লৈ প্ৰচাৰমূলক বিজ্ঞাপন দিছিল । প্ৰথমটো ঘটনা য’ত কোনো কোম্পানীয়ে নিজৰ সামগ্ৰীৰ প্ৰচাৰৰ বাবে কোনো খলনায়ক চৰিত্ৰক বিজ্ঞাপনৰ মুখ হিচাপে ব্যৱহাৰ কৰিছিল । এই বিজ্ঞাপনটো শিশুৰ মাজত জনপ্ৰিয় হৈ পৰাত বিক্ৰী দুগুণ বৃদ্ধি পাইছিল ।

পানভেলৰ সমীপৰ মুম্বাই-পুনে লাইনত ৰে’ল ডকাইতিৰ দৃশ্যৰ বাবে প্ৰায় ২০ দিন ধৰি শ্বুটিং চলিছিল ।

অভিনেতা শচীনে এই ছবিখনত অভিনয় কৰাৰ বাবে পাৰিশ্ৰমিক হিচাপে এটা ফ্ৰীজ লাভ কৰিছিল ।

বীৰুৱে টেংকৰ ওপৰত উঠি মাহীয়েকক ভাবুকি দিয়া বিখ্যাত দৃশ্যটো নিশ্চয় মনত আছে । লগতে জয়ে কেনেকৈ মাহীয়েকক বীৰুক বিয়া কৰাবলৈ মান্তি কৰিছিল, সেয়াও পাহৰিব নোৱৰা দৃশ্য ৷ চিনেমাখনৰ এই সমগ্ৰ ঘটনা কাল্পনিক নাছিল । বৰঞ্চ সত্য কাহিনীৰ ওপৰত আধাৰিত আছিল ।

ছবিখনত অভিনেতা শৰ্মন যোশীৰ পিতৃয়ে সঞ্জীৱ কুমাৰৰ এজন পুত্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল ।

১৯৯৬ চনৰ ১৫ আগষ্টত শ্বোলে চিনেমাখনৰ ২১ বছৰীয়া জয়ন্তীত ছবিখন প্ৰথমবাৰৰ বাবে দূৰদৰ্শনত প্ৰচাৰ কৰা হয় । জনা যায় যে সেইদিনা চিনেমাখনৰ টেলিকাষ্টৰ সময়ত দেশৰ বহু ঠাইত ৰাস্তা প্ৰায় খালী হৈ পৰিছিল ।

এই ছবিখনৰ শ্বুটিং আৰম্ভ কৰাৰ সময়ত জয়া বচ্চন গৰ্ভৱতী আছিল । কন্যা শ্বেতা আছিল তেওঁৰ গৰ্ভত । আনহাতে শ্বোলেৰ মুক্তিৰ সময়ত অভিষেক বচ্চন জয়াৰ গৰ্ভত আছিল ।

লগতে পঢ়ক : মনোজ কুমাৰৰ পৰা অক্ষয় কুমাৰলৈকে দেশপ্ৰেমমূলক ছবিৰে জনাজাত অভিনেতাসকল