স্পেইন-আৰ্জেণ্টিনা-জাপান-মেক্সিকোৰ মূকাভিনয় শিল্পীৰ লিখনিৰে প্ৰকাশ পালে 'নিৰ্বাক'
২০২১ চনৰ পৰা মূকাভিনয়ৰ প্ৰচাৰৰ লক্ষ্যৰে প্ৰকাশ কৰি অহা হৈছে 'নিৰ্বাক' । অসমীয়া, হিন্দী, ইংৰাজী আৰু অন্যান্য ভাষাত প্ৰকাশ পাইছে লিখনি ।

Published : March 9, 2025 at 9:06 PM IST
গুৱাহাটী: মূকাভিনয়ৰ অৰ্থ হৈছে মুখেৰে শব্দ উচ্চাৰণ নকৰাকৈ বা সংলাপ নোকোৱাকৈ কেৱল অভিনয়ৰে ভাব প্ৰকাশ কৰা । নাট্যশিল্পৰ এক বিশেষ দিশ হৈছে এই মূকাভিনয় । মূকাভিনয়ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে প্ৰকাশ হোৱা বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মূকাভিনয় আলোচনী 'নিৰ্বাক'ৰ চতুৰ্থ সংস্কৰণৰ উন্মোচনী অনুষ্ঠান দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় । 'প্ৰান্তিক' আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱা, অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাস আৰু কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপিকা ড৹ ছয়নিকা দত্তই শতাধিক ব্যক্তিৰ উপস্থিতিত আলোচনীখন উন্মোচন কৰে ।
প্ৰবীণ সাংবাদিক প্ৰদীপ বৰুৱাই এই উদ্যোগৰ প্ৰশংসা কৰি কয়, "নিৰ্বাকে সকলোৰে মাজত হাঁহি বিলোৱাটো নিশ্চিত কৰিব লাগিব ।" আনহাতে, ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে মূকাভিনয়ৰ জৰিয়তে পথ সুৰক্ষা বিষয়ত নিৰ্বাক গোষ্ঠীৰ পদক্ষেপৰ শলাগ লৈ আলোচনীখনৰ প্ৰয়াসক স্বাগতম জনায় ।

অধ্যাপিকা ছয়নিকা দত্তই আলোচনীখনৰ উচ্চমানৰ কথা উল্লেখ কৰি ভৱিষ্যতে এই ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ আহ্বান জনায় । আলোচনীখনৰ সম্পাদক মিনাংক ডেকাই কয়, "২০২১ চনৰ পৰা প্ৰতি বছৰে মূকাভিনয়ৰ প্ৰচাৰৰ লক্ষ্যৰে এই আলোচনীখন প্ৰকাশ কৰি অহা হৈছে । ইয়াৰ জৰিয়তে পাঠকে বিশ্বৰ বিভিন্ন ঠাইৰ মূকাভিনয়ৰ বিষয়ে জানিব পাৰিব আৰু গৱেষণাৰ বাবে ই এক গুৰুত্বপূৰ্ণ সমল হ’ব ।" এইবাৰৰ আলোচনীখনত স্পেইন, আৰ্জেণ্টিনা, টকিঅ’ (জাপান), মেক্সিকো, ভাৰতৰ বেংগালুৰু, ৰাজস্থান, দিল্লী আদিৰ মূকাভিনয় শিল্পীসকলৰ লিখনি অসমীয়া, হিন্দী, ইংৰাজী আৰু অন্যান্য ভাষাত প্ৰকাশ পাইছে ।

