ETV Bharat / entertainment

শ্বাহৰুখৰ সৈতে এটা বিশেষ চৰিত্ৰ প্ৰত্যাখ্যান কৰিছিল কাজলে, মিছ ৱৰ্ল্ডে কৰিলে স্ক্ৰীণ শ্বেয়াৰ

২৫ বছৰ সম্পূৰ্ণ কৰিলে এখন জনপ্ৰিয় ছবিয়ে য’ত কাজলে তৎক্ষণাত নাকচ কৰিছিল শ্বাহৰুখৰ সৈতে এটা চৰিত্ৰ ৷ আমোদজনক কাহিনীটো পঢ়ক -

25 YEARS OF JOSH
মনছুৰ খানৰ ছবি ‘জোশ’ এ ২৫ বছৰ সম্পূৰ্ণ কৰে (Photo : Film Poster)
author img

By ETV Bharat Entertainment Team

Published : June 9, 2025 at 1:36 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: মনছুৰ খানৰ ছবি ‘জোশ’ এ ২৫ বছৰ সম্পূৰ্ণ কৰিলে ৷ বিশেষ ক্ষণত পৰিচালকে ছবিখনৰ বিষয়ে কিছু বিশেষ কথা শ্বেয়াৰ কৰিছে । ‘জোশ’ ছবিখনত শ্বাহৰুখ খান আৰু ঐশ্বৰ্য ৰায়ে ভাই-ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছিল । যশ চোপ্ৰাৰ মহব্বতে আৰু দেৱদাসত তেওঁলোকৰ ৰোমাণ্টিক চৰিত্ৰৰ পৰা ই সম্পূৰ্ণ পৃথক ৷ এই দুয়োখন ছবি জোশৰ পিছত মুক্তি পাইছিল ।

‘জোশ’ৰ মুক্তিৰ একেটা বছৰতে অক্টোবৰ মাহত মুক্তি পোৱা ‘মহব্বতে’ৰ দুবছৰৰ পাছত ‘দেৱদাস’ এ মুক্তি লাভ কৰে । গতিকে চিনেমাপ্ৰেমীৰ বাবে প্ৰতিখন ছবিয়ে আনিছিল বেলেগে বেলেগ অভিজ্ঞতা ।

স্পষ্টভাৱে এই নতুন ভাই-ভনী যুটিটোৱে উদ্যোগটোত আৰু চিনেমা প্ৰেমীসকলৰ মাজত যথেষ্ট গুঞ্জনৰ সৃষ্টি কৰিছিল । ছবিখনত গোৱাৰ পৰিৱেশ দেখুওৱা হৈছিল ৷ দলীয় হিংসা আৰু পাৰিবাৰিক বিষয়ক চিত্ৰিত কৰা হৈছে । কেৱল একশ্যন-ৰোমাণ্টিক নাছিল ছবিখন ৷ ইয়াৰ কাষ্টিং আছিল বহুত বেলেগ আৰু অনন্য । শ্বাহৰুখ খানে মেক্সৰ চৰিত্ৰত আৰু ঐশ্বৰ্য ৰায়ে তেওঁৰ যমজ ভগ্নী শ্বাৰলীৰ চৰিত্ৰত অভিনয় কৰিছিল ।

কাজল আছিল পৰিচালকৰ প্ৰথম পছন্দ

আমোদজনক কথাটো হ’ল যে শ্বাহৰুখৰ ভগ্নীৰ চৰিত্ৰটো ঐশ্বৰ্যই পিছতহে লাভ কৰিছিল, মনছুৰৰ প্ৰথম পছন্দ আছিল কাজল, যিয়ে শ্বাহৰুখৰ বিপৰীতে ‘দিলৱালে দুলহনীয়া লে জায়েংগে’, ‘বাজীগৰ’, ‘কৰণ অৰ্জুন’ আৰু ‘কুচ কুচ হোতা হে’ৰ দৰে ডাঙৰ হিট ছবিত মুখ্য নাৰী হিচাপে স্ক্ৰীণ শ্বেয়াৰ কৰিছিল । কিন্তু কাজলে ভগ্নীৰ এই চৰিত্ৰটো কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু হয়তো এয়া সঠিক সিদ্ধান্ত আছিল কাৰণ দুয়োকে ভাতৃ-ভগ্নী হিচাপে দেখুওৱাটো দৰ্শকে নিশ্চয়কৈ ভাল নাপালেহেঁতেন ।

শ্বাহৰুখৰ ভনীয়েক হ’ব বিচৰা নাছিল কাজল

কিন্তু মনছুৰে এতিয়াও ভাবে যে কাজলে কিয় শ্বাহৰুখ খানৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিবলৈ অস্বীকাৰ কৰিছিল ! এই বিষয়ে তেওঁ কয়, “হয়, মোৰ মনত কাজল আছিল... ‘দিলৱালে দুলহনীয়া লে জায়েংগে’ত শ্বাহৰুখৰ সৈতে তেওঁৰ যোৰাটো শক্তিশালী আছিল । আচলতে মই নিয়ম ভংগ কৰি ভাল পাওঁ নহ’লে কি লাভ ? মাদাৰ ইণ্ডিয়াত নাৰ্গিছে কেনেকৈ সুনীল দত্তৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু কিয় ই এখন ক্লাছিক চিনেমা । মই নাজানো তেওঁৰ (কাজলৰ) কাৰণ কি আছিল । তেওঁ ভদ্ৰভাৱে নাকচ কৰিলে আৰু মই আগবাঢ়িলোঁ ।”

মনছুৰে তেওঁৰ প্ৰথম ছবি ‘কায়ামত ছে কায়ামত টক’ (১৯৮৮) পৰিচালনাও কৰিছিল । ‘জো জীতা ৱহি ছিকন্দৰ’ (১৯৯২) আৰু ‘আকেলে হম আকেলে তুম’ তেওঁৰ আন দুখন অতি সফল ছবি । ‘জোশ’ৰ বাহিৰে তেওঁৰ আন আন ছবিসমূহত তেওঁৰ খুলশালীয়েক আমিৰ খানে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ।

ঐশ্বৰ্যই কেনেকৈ পালে ছবিখন ?

ঐশ্বৰ্য কেনেকৈ জড়িত হ’ল এই প্ৰজেক্টত ? তেওঁক কেনেকৈ পতিয়ন নিয়ালে নিৰ্মাতাই ? মনছুৰে কয়, “তেতিয়া মই বুজিলোঁ যে সম্ভৱতঃ কোনেও মেক্সৰ ভনীয়েকৰ চৰিত্ৰত অভিনয় কৰিব নিবিচাৰিব, কিন্তু সৌভাগ্য যে ঐশ্বৰ্যই ছবিখন কৰিবলৈ মান্তি হ’ল । তেওঁ আছিল সম্পূৰ্ণ পেছাদাৰী । মই ভাবো ‘জোশ’ তেওঁৰ শ্ৰেষ্ঠ ছবি আছিল । আমাৰ লগত কাম কৰিবলৈ তেওঁৰ ইমানেই আগ্ৰহ আছিল যে মই তেওঁক পতিয়ন নিয়াবলগীয়া নহ’ল ৷ ভূমিকাটোৰ বাবে তেওঁ নিখুঁত আছিল ।”

লগতে পঢ়ক : ছবিখন জীৱনৰ ডাঙৰ হিট স্বত্বেও এটা কথাত সুখী নাছিল শ্বাহৰুখ - Shah Rukh Khan Look in KKHH