কোন হ'ব এইবাৰৰ চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্ট আৰু মেগা মিছ নৰ্থ ইষ্ট ?
দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হয় ১৪ সংখ্যক চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্ট আৰু ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্টৰ অডিশ্যন ।

By ETV Bharat Entertainment Team
Published : December 2, 2024 at 4:02 PM IST
গুৱাহাটী : এণ্টাৰটেইনমেণ্টৰ উদ্যোগত ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্টৰ অডিশ্যন অনুষ্ঠিত । দেওবাৰে গুৱাহাটীৰ হোটেল ডায়েস্কো অলে এল’ত অনুষ্ঠিত হয় এই অডিশ্যন । ইটানগৰ, আইজল, গেংটক, আগৰতলা, ডিমাপুৰ আৰু শ্বিলঙত অডিশ্যনৰ সফল সমাপ্তিৰ পিছত মেগা এণ্টাৰটেইনমেণ্টৰ দলটোৱে ১ ডিচেম্বৰত গুৱাহাটী আৰু ইম্ফলত পৰৱৰ্তী পৰ্যায়ৰ অডিশ্যনৰ অনুষ্ঠিত কৰে ।
ফেশ্বন উদ্যোগী অভিজিৎ সিংহই সৃষ্টিশীল দৃষ্টিভংগীৰে আৰম্ভ কৰে এই অনুষ্ঠানৰ ৷ অডিশ্যন সন্দৰ্ভত তেওঁ জনাই, "যোৱা দুটা দশকত আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিভাৰ ক্ৰমাগত বৃদ্ধি সঁচাকৈয়ে অবিশ্বাস্য ।

আজিৰ প্ৰতিযোগীসকলৰ মানদণ্ড, প্ৰস্তুতি আৰু উচ্চাকাংক্ষাই এক নতুন যুগৰ আত্মবিশ্বাস আৰু সামৰ্থ্যক প্ৰতিফলিত কৰে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ প্ৰতিভাৰ প্ৰচাৰ আৰু প্ৰদৰ্শন আমাৰ অবিৰত প্ৰচেষ্টাৰ জৰিয়তে বিকশিত হৈছে । এই মঞ্চ নিৰ্মাণৰ বাবে আমাৰ কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে প্ৰতিযোগীসকলে আজি আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজকে প্ৰমাণ কৰিবলৈ সক্ষম হৈছে ৷"
অভিজিৎ সিংহই লগতে আৰু জনাই, "উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু সন্মানীয় সৌন্দৰ্য প্ৰতিযোগিতা হিচাপে আমি আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজকে প্ৰমাণ কৰিবলৈ সক্ষম হোৱা অনেক প্ৰতিভা আৱিষ্কাৰ কৰি আৰু তেওঁলোকক সঠিকভাৱে পথ প্ৰদৰ্শন কৰি গৌৰৱান্বিত অনুভৱ কৰো ।
২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্ট আৰু ১৪ সংখ্যক চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ জৰিয়তে আমি যুৱ কৃতিত্বকাৰীসকলক অনন্য সুযোগেৰে সৱলীকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু তেওঁলোকৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতাৰ পথ প্ৰশস্ত কৰিবলৈ আমি কঠোৰ পৰিশ্ৰম কৰিছো ।"
বিগত বছৰসমূহত মেগা মিছ নৰ্থ ইষ্টে অসমৰ পৰা অনেক অসাধাৰণ প্ৰতিভাক প্ৰজ্বলিত কৰি আহিছে । সুকন্যা ৰাজগুৰু, জুহি গগৈ, স্মৃতি শৰ্মা, জ্যোতিস্মিতা বৰুৱা, নেহা বৰুৱা আৰু বৰ্তমানৰ মেগা মিছ নৰ্থ ইষ্ট দীপ্তি বসুমতাৰীৰ লগতে অনেক প্ৰতিভাৰ জন্ম দিছে মেগা মিছ নৰ্থ ইষ্টে । একেদৰে মেগা মিষ্টাৰ নৰ্থ ইষ্টতো নিজৰ অসাধাৰণ প্ৰদৰ্শনেৰে উজলি উঠিবলৈ সক্ষম হৈছে পীয়ুষ শৰ্মা, সিদ্ধাৰ্থ বড়ো, বাবুল বড়ো, হীৰক জ্যোতি কলিতা, বিশাল ব্ৰহ্ম, ভাৰ্গৱ গগৈ আৰু বৰ্তমানৰ মেগা মিষ্টাৰ নৰ্থ ইষ্ট কৃষ্ণ দাসৰ দৰে যুৱ প্ৰতিভা । আনহাতে আঠখন ৰাজ্যৰ অডিশ্যন ট্যুৰৰ সামৰণিৰ পিছত গুৱাহাটীত চূড়ান্ত প্ৰতিযোগীসকলে এসপ্তাহৰ পেছাদাৰী প্ৰশিক্ষণ আৰু গ্ৰুমিং কৰিব । তাৰ পিছত ২০২৫ চনৰ ৩০ আৰু ৩১ জানুৱাৰীত গুৱাহাটীৰ মাছখোৱাস্থ আই টি এ সাংস্কৃতিক কেন্দ্ৰত এই প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠিত হ’ব ।
লগতে পঢ়ক : লেভিটেটিং-ৱ’ লড়কী জোৰ মেশ্বাপত দুৱা লিপাৰ প্ৰদৰ্শন, সুহানাৰ প্ৰতিক্ৰিয়া

