ETV Bharat / entertainment

বিহুৰ পূৰ্বে মোহময়ী তাৰকা লীমা দাসৰ অতুলনীয় উপহাৰ

এইবাৰ বিহুগীত শুনাৰহে কথা ৷ ছিজনটোত মুক্তি পাইছে বহু শ্ৰুতিমধুৰ গীত ৷ শেহতীয়াকৈ পুৰণি গীত এটা নতুন ৰূপেৰে সজাই শ্ৰোতাৰ বাবে আগবঢ়াইছে লীমা দাসে ৷

[1:57 pm, 12/04/2025] Upasana Nath: wait [1:58 pm, 12/04/2025] Upasana Nath: lima das sings Nahor Phula Nai, Togor Phula Nai a classic by Luit Konwar Rudra Barua recreated by actress and Riyan Bora
লীমা দাস (Photo : Lima Das Facebook)
author img

By ETV Bharat Entertainment Team

Published : April 12, 2025 at 2:22 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : বিহু আহি পালেহিয়ে, তৎ নাই অসমীয়াৰ ৷ গাত মুগা-ৰিহা মেৰিয়াই, নতুন ধুতি-গেঞ্জী পিন্ধি বিহুটিক আদৰিবলৈ সকলো সাজু হৈ উঠিছে ৷ গছৰ ডালত কুলি-কেতেকীৰ বিননি, কপৌফুল, ন-কুঁহিপাত সকলোবোৰে এই সময়ত প্ৰতিগৰাকী অসমীয়াৰে মন সেউজীয়া কৰি তোলে ৷

ব’হাগ বিহুৰ সমান্তৰালকৈ অসমীয়া নৱবৰ্ষৰো প্ৰস্তুতি চলি আছে ৷ ইতিমধ্যেই কণ্ঠশিল্পীসকলৰ এই বিহুৰ ছিজনটোৰ সূচী প্ৰকাশ কৰা হৈছে সামাজিক মাধ্যমৰ জৰিয়তে ৷ আখৰাও প্ৰায় সম্পূৰ্ণ হৈ উঠিছেগৈ তেওঁলোকৰ ৷

মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলগীয়া শিল্পীসকলৰ সমান্তৰালকৈ এতিয়া এগৰাকী তাৰকাই অন্য ধৰণে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ 1960 দশকৰ এটা অতিকে জনপ্ৰিয় গীতক ন-ৰূপেৰে সজাই শ্ৰোতা-দৰ্শকৰ মাজলৈ এৰি দিছে তেওঁ ৷ মোহময়ী শিল্পী লীমা দাসৰ উপহাৰ এয়া অসমৰ ৰাইজলৈ ৷

ৰুদ্ৰ বৰুৱা, আধুনিক অসমীয়া সংগীত জগতখনৰ এটা উল্লেখনীয় নাম । অসমীয়া চলচ্চিত্ৰ জগত আৰু অসমৰ সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে লুইত কোঁৱৰ উপাধি দিয়া হৈছে বৰুৱাক । কলংপৰীয়া গীতিকাৰ তেখেতৰ অন্য এটা জনপ্ৰিয় উপাধি । ৰুদ্ৰ বৰুৱাৰ সৃষ্টিয়ে অসমৰ সংগীত ক্ষেত্ৰখনৰ ভেটি মজবুত কৰি তুলিছিল ৷ তেওঁৰ অমৰ সৃষ্টিৰাজিয়ে আজিও অসমীয়া সংগীত জগতখনক টনকিয়াল কৰি ৰাখিছে ৷

পকা ধানৰ মাজে মাজে, কলৰে পাততে কাউৰী পৰে, অ’ তুলতুল অ’ বুলবুল অ’ সেউটি তৰা, অ’ হেৰা জেতুকী বাই, বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা, জোনধন জোনালীতে, বৰষুণৰ বতৰত ইত্যাদি গীতসমূহেৰে ৰুদ্ৰ বৰুৱাই খলকনি তুলিছিল ৷ তেওঁৰ বহুত গীতত খগেন মহন্ত, দিপালী বৰঠাকুৰে কণ্ঠদান কৰিছিল ৷ তেখেতৰ অন্য এটি জনপ্ৰিয় গীত ‘নাহৰ ফুলা নাই, তগৰ ফুলা নাই’ তেখেতে ৰচনা কৰাৰ লগতে কণ্ঠদানো কৰিছিল ৷ এই গীতটোতেই এতিয়া কণ্ঠ নিগৰাইছে ‘আমিষ’ ছবিখনেৰে লোকচক্ষুৰ মাজলৈ অহা সুন্দৰ চকুৰ গৰাকী লীমা দাসে ৷

‘নাহৰ ফুলা নাই, তগৰ ফুলা নাই’ গীতটোৰ ক‘ভাৰ ছং বনাই লীমা দাস সহিতে তেওঁলোকৰ দলটোৱে নেটিজনৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ শিল্পী ৰুদ্ৰ বৰুৱাৰ সৃষ্টিক পুনৰ কল্পনাৰে সজালে ৰিয়ান বৰা আৰু লীমা দাসে ৷ মুক্তি মংগল প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত এই গীতটিৰ ভিডিঅ’ লীমা দাসৰ সামাজিক মাধ্যমত উপলব্ধ ৷

লগতে পঢ়ক : মুক্তি পালে পাপন-দীপলিনাৰ গুণমাইৰ ঘনকাই, কঁকাল ঘূৰাই নচাৰহে কথা