ETV Bharat / business

২০২৬ৰ জানুৱাৰীৰ পূৰ্বে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে পাব নে অষ্টম দৰমহা আয়োগৰ লাভ ? - 8TH PAY COMMISSION

পেঞ্চনাৰসকলে অষ্টম দৰমহা আয়োগৰ লাভালাভ পাব নে নাপাব, এই সন্দৰ্ভত বিত্তমন্ত্ৰীয়ে দিছে স্পষ্টীকৰণ ।

8TH PAY COMMISSION
২০২৬ৰ জানুৱাৰীৰ পূৰ্বে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে পাব নে অষ্টম দৰমহা আয়োগৰ লাভ (ANI)
author img

By ETV Bharat Assamese Team

Published : April 5, 2025 at 3:32 PM IST

5 Min Read

নতুন দিল্লী : ২০২৬ চনৰ ১ জানুৱাৰীৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলে অষ্টম দৰমহা আয়োগৰ অধীনৰ অধিকাংশ সুবিধাৰ পৰা বঞ্চিত হ'ব নেকি ? এই সন্দৰ্ভত কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজত উদ্বেগ বৃদ্ধি পোৱা দেখা গৈছে ।

এই কথা চৰ্চা হৈছে যে কেন্দ্ৰীয় চৰকাৰে বিত্তীয় বিল, ২০২৫ ৰ সংশোধনৰ জৰিয়তে পেঞ্চনাৰসকলক দুটা ভাগত বিভক্ত কৰাৰ চেষ্টা কৰিছে । য'ত এটা গোটত সেইসকল কৰ্মচাৰী আছে, যিসকলে ২০২৬ চনৰ জানুৱাৰীৰ পূৰ্বে অৱসৰ হৈছে । দ্বিতীয় গোটত তাৰ পিছত অৱসৰ হোৱা কৰ্মচাৰীসকল আছে ।

ফাইনেঞ্চিয়েল এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি মুখ্য বিৰোধী দল কংগ্ৰেছে পেঞ্চন নিয়মত কৰা বৰ্তমানৰ সংশোধনবোৰক কেন্দ্ৰীয় চৰকাৰৰ গোপন এজেণ্ডা হিচাপে অভিহিত কৰিছে । অৱশ্যে চৰকাৰে কৈছে যে শেহতীয়াকৈ কৰা সংশোধনবোৰ বৰ্তমানৰ পেঞ্চন নীতিবোৰৰ এক মাত্ৰ বৈধকৰণ আৰু ইয়াৰ উদ্দেশ্য চিভিল আৰু প্ৰতিৰক্ষাৰ পেঞ্চনাৰসকলৰ বাবে সুবিধাবোৰৰ পৰিৱর্তন কৰা নহয় ।

  • পেঞ্চন বিতৰ্ক কিয় হ'ল ?

এই বিষয়টো তেতিয়া চৰ্চালৈ আহিছে যেতিয়া বিত্তীয় বিধেয়ক ২০২৫ ত কেন্দ্ৰীয় চিভিল সেৱা (CCS) পেঞ্চন নিয়মত কিছুমান পৰিৱৰ্তন অনা হৈছে । ইয়াৰ বাবে অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ (AITUC) আৰু কংগ্ৰেছৰ সাংসদ কেচি বেণুগোপালৰ দৰে নেতাসকলে অভিযোগ কৰিছে যে চৰকাৰে ২০২৬ ৰ পূৰ্বে বা পিছত অৱসৰ হোৱা পেঞ্চনাৰসকলক অষ্টম দৰমহা আয়োগৰ সুবিধাৰ পৰা বঞ্চিত কৰিব পাৰে ।

প্ৰতিবেদন অনুসৰি, AITUCৰ অমিত্ৰাজিৎ কৌৰে ইয়াক লাখ লাখ পেঞ্চনাৰ সৈতে বিশ্বাসঘাতকতা বুলি দাবী কৰিছে । একেদৰে বেণুগোপালে ইয়াক চৰকাৰৰ গোপন এজেণ্ডা বুলি কৈছে ।

কিছু সংবাদ মাধ্যমৰ প্ৰতিবেদনত এয়াও প্ৰকাশ পাইছে যে অষ্টম দৰমহা আয়োগৰ পৰা চৰকাৰৰ ওপৰত ১ লাখ কোটিৰো অধিক টকাৰ বোজা আহিব পাৰে, যাৰ বাবে ইয়াৰ পৰিৱৰ্তন প্ৰয়োজনীয় হৈ পৰিছে ।

  • বিত্তমন্ত্ৰীয়ে কি কৈছে ?

অৱশ্যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এই অভিযোগবোৰ সম্পূৰ্ণৰূপে খাৰিজ কৰিছে । সীতাৰমনে ৰাজ্যসভাত বিত্তীয় বিধেয়ক ২০২৫ আৰু বিনিয়োগ (সংখ্যা ৩) বিধেয়ক, ২০২৫ৰ ওপৰত হোৱা আলোচনাত কৈছে যে পেঞ্চন নীতিত সাম্প্ৰতিক পৰিৱৰ্তন বৰ্তমানৰ নীতিসমূহৰ বৈধকৰণ মাত্ৰ আৰু ইয়াৰ বাবে চিভিল বা প্ৰতিৰক্ষা পেঞ্চনাৰসকলে পোৱা লাভত কোনো পৰিৱর্তন নহ'ব ।

  • অষ্টম দৰমহা আয়োগৰ প্ৰভাৱ

চৰকাৰে ২০২৫ চনৰ জানুৱাৰীত অষ্টম দৰমহা আয়োগক মঞ্জুৰি দিছিল, যি ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব । ইয়াৰ উদ্দেশ্য হৈছে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহা, ভাট্টা আৰু পেঞ্চনত সংশোধন কৰা ।

২০১৬ চনত কাৰ্যকৰী হোৱা সপ্তম দৰমহা আয়োগে নিশ্চিত কৰিছে যে ২০১৬ চনৰ পূৰ্বে বা পাছত অৱসৰ হোৱা কৰ্মচাৰীসকলক সম পেঞ্চন প্ৰদান কৰা । অৰ্থাৎ পুৰণি আৰু নতুন পেঞ্চনাৰৰ মাজত কোনো বৈষম্য নাথাকিব ।

চৰকাৰী তথ্যৰ মতে ২০২৫ চনৰ ১ মাৰ্চলৈ প্রায় ৩৬.৫৭ লাখ চৰকাৰী কৰ্মচাৰী আৰু ৩৩.৯১ লাখ পেঞ্চনাৰ এই আয়োগৰ পৰা প্ৰভাৱিত হ'ব ।

উল্লেখ্য যে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫ চনৰ ২৭ মাৰ্চতো সংসদত এই বিতৰ্কত এক স্পষ্টীকৰণ দিছিল । তেওঁ কৈছিল, "২০১৬ চনৰ পূৰ্বে অৱসৰ হোৱা পেঞ্চনাৰসকলক সপ্তম দৰমহা আয়োগৰ অধীনত ২০১৬ চনৰ পাছত অৱসৰ হোৱা পেঞ্চনাৰসকলৰ সমান লাভ পাব আৰু এই সিদ্ধান্ত বৰ্তি থাকিব ।"

তেওঁ এইটোও স্পষ্ট কৰি দিছে যে বিত্তীয় বিধেয়কত কৰা পৰিৱৰ্তন মাত্ৰ প্ৰক্ৰিয়াগত সংশোধন । পেঞ্চন সম্পৰ্কীয় কোনো বৈষম্য নাই । তাৰ পূৰ্বে ২০২৫ চনৰ ১৮ মাৰ্চত তেওঁ সাংসদ কংগনা ৰনৌতৰ আৰু সাজদা আহমেদৰ প্রশ্নৰ উত্তৰত কৈছিল যে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শসমূহ শীঘ্ৰে চূড়ান্ত ৰূপ দিয়া হ'ব আৰু তাৰ বিত্তীয় প্ৰভাৱৰ মূল্যায়ন পিছত কৰা হ'ব ।

  • জ্যেষ্ঠ পেঞ্চনাৰসকলৰ লোকচান হ'ব নেকি ?

তেওঁ কৈছিল যে চৰকাৰৰ উদ্দেশ্য পেঞ্চনৰ গণনা সহজ কৰা । জ্যেষ্ঠ পেঞ্চনাৰসকলক ইয়াৰ পৰা বাহিৰ কৰাটো নহয় । অষ্টম দৰমহা আয়োগৰ পৰামৰ্শসমূহ ২০২৬ বৰ্ষৰ শেষৰ ফালে বা ২০২৭ বৰ্ষৰ আৰম্ভণিতে আহিব আৰু তেতিয়ালৈ সকলো পেঞ্চনাৰ সংশোধন কৰাৰ সম্ভাৱনা আছে ।

ইয়াৰ পূৰ্বে চৰকাৰে দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ সময়ত এবছৰৰ বকেয়া প্ৰদান কৰিছিল, যাৰ দ্বাৰা বিত্তীয় চাপ হ্ৰাস পাব পাৰে । উল্লেখ্য যে এতিয়ালৈকে এই কথা নিশ্চিত কৰিব পৰা হোৱা নাই যে জ্যেষ্ঠ পেঞ্চনাৰসকলক অষ্টম দৰমহা আয়োগৰ বাদ দিয়া হ'ব ।

বিত্তমন্ত্ৰীৰ স্পষ্টীকৰণ অনুসৰি সকলো পেঞ্চনাৰে দৰমহা আয়োগৰ লাভ পাব । অষ্টম দৰমহা আয়োগৰ পৰামৰ্শসমূহৰ ৰূপৰেখা ২০২৫ৰ এপ্ৰিললৈ নিৰ্ধাৰিত হোৱাৰ আশা কৰা হৈছে । এনে পৰিস্থিতিত পেঞ্চনাৰসকলে চৰকাৰী ঘোষণাৰ ওপৰত গুৰুত্ব দিব লাগে ।

লগতে পঢ়ক :অষ্টম দৰমহা আয়োগ: ভেঙুচালিত পৰিণত হ’ব নেকি কেন্দ্ৰীয় কৰ্মচাৰীৰ আশা ! - 8TH PAY COMMISSION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.