SIP নে RD; ক’ত বিনিয়োগ কৰিলে লাভ অধিক হ’ব জানি লওক
প্ৰণালীবদ্ধ বিনিয়োগ পৰিকল্পনা (SIP) আৰু পুনৰাবৃত্তিমূলক জমা (RD) দুয়োটা জনপ্ৰিয় বিকল্প । কিন্তু দুয়োটাৰ ভিতৰত কোনটো বেছি লাভজনক, জানেনে...

Published : March 5, 2025 at 12:43 PM IST
নতুন দিল্লী : অনুশাসিত সঞ্চয়ৰ কথা আহিলে চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন (SIP) আৰু ৰিকাৰিং ডিপ’জিট (RD) দুয়োটা জনপ্ৰিয় বিকল্প । কিন্তু যেতিয়া লক্ষ্য দীৰ্ঘম্যাদী সম্পদ সৃষ্টি হয়, তেতিয়া এই দুটা বিকল্পৰ মাজৰ পাৰ্থক্য মহত্বপূৰ্ণ হৈ পৰে ৷
ৰিটাৰ্ণ, কম্পাউণ্ডিঙৰ শক্তি, অৱগত ৰিস্ক আৰু কৰ দক্ষতাৰ দৰে কাৰকসমূহ বিবেচনা কৰি SIP আৰু RD কেনেকৈ ষ্টেক আপ হয় চাওঁ আহক...
- সময়ৰ লগে লগে কম্পাউণ্ডিঙৰ শক্তি – কম্পাউণ্ডিঙক প্ৰায়ে পৃথিৱীৰ অষ্টম আশ্চৰ্য বুলি কোৱা হয়, কাৰণ ৰিটাৰ্ণৰ সৰু সৰু পাৰ্থক্যই দীৰ্ঘম্যাদী সম্পদ সঞ্চয়ত যথেষ্ট ফলাফল দিব পাৰে ।
উদাহৰণসহ জানো আহক...
SIP : ২০ বছৰৰ বাবে ১২ শতাংশ বাৰ্ষিক ৰিটাৰ্ণ থকা মিউচুৱেল ফাণ্ডত প্ৰতিমাহে ১০ হাজাৰ টকা বিনিয়োগ কৰিলে প্ৰায় ৯৯.৯ লাখ টকা উপাৰ্জন হ’ব পাৰে ।
RD : ৭ শতাংশ বাৰ্ষিক ৰিটাৰ্ণত ২০ বছৰৰ বাবে প্ৰতিমাহে ১০ হাজাৰ টকা বিনিয়োগ কৰিলে প্ৰায় ৫২.৪ লাখ টকা উপাৰ্জন হ’ব পাৰে ।
ইয়াৰ পৰা স্পষ্টকৈ দেখা যায় যে দীৰ্ঘম্যাদীভাৱে SIP-এ RD ৰ তুলনাত প্ৰায় দুগুণ ৰিটাৰ্ণ দিব পাৰে আৰু ইয়াৰ কাৰণ হৈছে সময়ৰ লগে লগে অধিক ৰিটাৰ্ণ কম্পাউণ্ড হোৱাৰ প্ৰভাৱ ।
- বিনিয়োগক বিত্তীয় লক্ষ্যৰ সৈতে সংযোগ কৰা : RD সমূহে নূন্যতম বিপদৰ সৈতে নিশ্চিত ৰিটাৰ্ণ প্ৰদান কৰে । আনহাতে, ইকুইটি মিউচুৱেল ফাণ্ডত SIP বিনিয়োগে বিনিয়োগকাৰীক বজাৰ বৃদ্ধিৰ পৰা লাভৱান হোৱাত সহায় কৰে, যাৰ ফলত দীৰ্ঘম্যাদীভাৱে যথেষ্ট সম্পদৰ সৃষ্টি হয় ।
ইয়াৰ উপৰিও SIP ৰ পৰিমাণ বৃদ্ধি কৰাৰ নমনীয়তাই (ষ্টেপ-আপ এছ আই পি) সম্পদ সৃষ্টিৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি কৰে ।
- দীৰ্ঘম্যাদী লাভৰ বাবে অৱগত ৰিস্ক লোৱা : ৰিস্ক আৰু ৰিটাৰ্ণ একেটা মুদ্ৰাৰ দুটা ফাল । RD সমূহ বিপদমুক্ত, ৭ শতাংশ ৰিটাৰ্ণে মুদ্ৰাস্ফীতিক কষ্টেৰে পৰাস্ত কৰে, যাৰ ফলত সীমিত বৃদ্ধি পোৱা যায় ।
আনহাতে, SIP ত বজাৰৰ বিপদ জড়িত হৈ থাকে ৷ কিন্তু দীৰ্ঘ সময়ৰ বাবে ধাৰাবাহিকভাৱে বিনিয়োগ কৰিলে বজাৰৰ অস্থিৰতা গড়ে আউট হয় আৰু সম্ভাৱ্য ১২ শতাংশ ৰিটাৰ্ণে মুদ্ৰাস্ফীতি হ্ৰাস কৰাত সহায় কৰে ।
- কৰ : ব্যক্তিজনৰ আয়কৰ স্লেব অনুসৰি উপাৰ্জন কৰা সুত সম্পূৰ্ণৰূপে কৰযোগ্য । ৩০ শতাংশ কৰ ব্ৰেকেটত পৰা কোনোবা এজনৰ বাবে ৭ শতাংশ RDৰ পৰা কাৰ্যকৰী ৰিটাৰ্ণ যথেষ্ট কম হ’ব । যদি এবছৰতকৈ অধিক সময় ধৰি ৰখা হয়, তেন্তে SIP ৰ ৰিটাৰ্ণক দীৰ্ঘম্যাদী মূলধনী লাভ (LTCG) হিচাপে শ্ৰেণীভুক্ত কৰা হয় আৰু ভাৰতত ১২.৫ শতাংশ অনুকূল হাৰত কৰ আৰোপ কৰা হয় ।

