ETV Bharat / business

Lakh নে Lac লিখিলে আপোনাৰ চেকখন বাউন্স হ’ব, জানেনে ?

চেকবুক ব্যৱহাৰ কৰোতে লেনদেনৰ ক্ষেত্ৰত আপুনি 'Lakh' নে 'Lac' শব্দটো ব্যৱহাৰ কৰে? যদি এই দুটা শব্দৰ ক্ষেত্ৰত মনত দোদুল্যমানকতা আছে, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে...

What you use when you write a cheque Lakh or Lac know what is right to write
বেংকৰ চেক বুক (Getty Image)
author img

By ETV Bharat Business Team

Published : December 2, 2024 at 1:29 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : বেংকিঙৰ ক্ষেত্ৰত সহজ আৰু সুবিধাজনক লেনদেনৰ বাবে চেক হয়তো সকলোৱে ব্যৱহাৰ কৰে ৷ কিন্তু চেক বুক লিখাৰ আগত কিছুমান ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন ৷ এটা সামান্য ভুল হ’লেও বেংকৰ লেনদেন কাৰ্য বাতিল হ’ব পাৰে ।

ATM আৰু অনলাইন বেংকিং ব্যৱহাৰ কৰাৰ পিছতো এতিয়াও বহুতে চেকবুক ব্যৱহাৰ কৰাটো বেছি পছন্দ কৰে । বিশেষকৈ মোটা অংকৰ ধন বা ডাঙৰ লেনদেনৰ ক্ষেত্ৰত অধিকাংশই চেক ব্যৱহাৰ কৰাটো বেছি প্ৰধান্য দিয়ে । কিন্তু চেক লিখাৰ সময়ত বিশেষকৈ সংখ্যাৰ বানানৰ ক্ষেত্ৰত সঠিক পদ্ধতি মানি চলাটো গুৰুত্বপূৰ্ণ ।

চেকত লাখ টকাৰ পৰিমাণ লিখি থাকোতে কেতিয়াবা বিভ্ৰান্তিৰ সৃষ্টি হয় । যেনে ১০,০০,০০০ টকা (১০ লাখ) লিখিব লগা হ’লে, সংখ্যাগত উপস্থাপন স্পষ্ট হ’লেও, ধনৰ পৰিমাণ শব্দৰে লিখাৰ সময়ত প্ৰায়ে সমস্যাৰ সৃষ্টি হয় । সততে চেক পাতত ইংৰাজীত টকাৰ পৰিমাণ লিখা হয় ৷ তেনে ক্ষেত্ৰত ‘Lakh’ ব্যৱহাৰ কৰিব লাগে নে ‘Lac’ এই ক্ষেত্ৰটো কিছু বিভ্ৰান্তি হোৱা দেখা যায় ৷

  • এই সন্দৰ্ভত RBI-এ কি কয় ?

ভাৰতীয় ৰিজাৰ্ভ বেংক(RBI)ৰ মতে শুদ্ধ শব্দটো হ'ল ‘Lakh’ । RBI ৰ নিৰ্দেশনা তথা গাইডলাইনত স্পষ্টকৈ উল্লেখ আছে যে চেক লিখাৰ সময়ত ইংৰাজীত ‘Lakh’ শব্দটো ব্যৱহাৰ কৰিব লাগে । এই শব্দটো RBI ৰ ৱেবছাইটত পোৱা যায় । লগতে বেংকে জাৰি কৰা সকলো চৰকাৰী চেকত ‘Lakh’ শব্দটো ব্যৱহাৰ কৰা হয় ৷

ইফালে ‘Lac’ শব্দটো চৰকাৰী বেংকিং পৰিভাষাৰ ক্ষেত্ৰত ব্যৱহাৰ নহয় ৷ সেয়ে চেক লিখাৰ সময়ত ‘Lac’ ৰ সলনি ‘Lakh’ লিখিব লাগে ৷ এইবোৰৰ উপৰিও ‘Lac’ ৰ সলনি ‘Lakh’ শব্দটো ব্যৱহাৰ কৰিলে চেক বাতিল হোৱাৰ সম্ভাৱনা নাথাকে ৷

দৈনন্দিন ভাষাত লাখৰ ঘৰত থকা সংখ্যাক পৰিমাণ বুজাবলৈ ‘Lakh’ শব্দটো ব্যৱহাৰ কৰা হয় ৷ বেংকিঙৰ ক্ষেত্ৰত ‘Lakh’ হৈছে শুদ্ধ শব্দ । গতিকে কোনো ধৰণৰ সম্ভাৱ্য সমস্যাৰ পৰা হাত সাৰিবলৈ চেক ব্যৱহাৰ কৰা সময়ত ‘Lakh’ লিখাটো বাঞ্ছনীয় ।

লগতে পঢ়ক : QR কোডৰ সৈতে আহি আছে নতুন পান কাৰ্ড, সলনি হৈ পৰিব ব্যৱহাৰৰ ধৰণ, জানক বিশেষত্ব