UPI ব্য়ৱহাৰকাৰীৰৰ বাবে ডাঙৰ সকাহ : ভুলতো আন ব্য়ক্তিলৈ নাযায় পেমেন্ট
UPI ৰ ব্য়ৱহাৰকাৰীক এতিয়া কোনেও কৰিব নোৱাৰে প্ৰৱঞ্চনা । জানি লওক নতুন নিয়ম ...

Published : May 2, 2025 at 2:13 PM IST
নতুন দিল্লী: UPI ব্য়ৱহাৰ ভাৰতৰ উপৰি পৃথিৱীৰ কেইবাখনো দেশলৈ প্ৰসাৰ হৈছে । এতিয়া কোটি কোটি লোকে UPI ব্যৱহাৰ কৰিছে । এই ডিজিটেল পৰিশোধ ব্য়ৱস্থাই লেন-দেন সহজ কৰি তুলিছে । এয়া হৈছে নগদহীন লেনদেন ব্য়ৱস্থা । নেশ্য়নেল পেমেণ্টছ কৰ্পোৰেশ্য়ন অৱ ইণ্ডিয়া(NPCI ) ই প্ৰায়ে ব্যৱহাৰকাৰীৰ স্বাৰ্থত বিভিন্ন পৰিৱৰ্তন কৰি থাকে । NPCI-এ প্ৰৱঞ্চকৰ প্ৰৱঞ্চনা প্ৰতিৰোধৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে । এতিয়া ব্যৱহাৰকাৰীসকলে নতুন বৈশিষ্ট্যৰ সুবিধা লাভ কৰিব পাৰিব ।
নতুন বিধিৰ অধীনত এতিয়া লাভ কৰা ব্যক্তিৰ চিনাক্তকৰণ বিনা ইউ পি আই পেমেন্টত সম্ভৱ নহ'ব । এতিয়া বেছিভাগ লেনদেন ইউ পি আই নম্বৰ বা ভাৰ্চুৱেল আই ডিৰ মাধ্যমত কৰা হয়। এনেক্ষেত্রত পেমেন্ট কৰা ব্যক্তিয়ে পেমেন্ট লাভ কৰা ব্যৱহাৰকাৰীৰ চিনাক্ত কৰিব পৰা নাছিল । কিন্তু এতিয়া এনে নহ’ব । এতিয়া ইউ পি আই এপত পেমেন্ট কৰাৰ পূৰ্বে গ্ৰাহকক মাথোন চূড়ান্ত লাভ কৰোতাৰ নাম দেখুওৱা হ’ব । এন পি চি আয়ে এই সম্পৰ্কত এক জাননী জাৰি কৰিছে । পি২প আৰু পি২পিএম লেনদেনৰ বাবে নতুন বিধি ৩০ জুন ২০২৫লৈ কার্যকৰী থাকিব ।
এন পি চি আইে নতুন বৈশিষ্ট্যৰ বিষয়ে কি কৈছে?
এন পি চি আয়ে প্ৰকাশ কৰা জাননীত উল্লেখ কৰা হৈছে যে ইউ পি আই এপ্লিকেশ্বনে নিশ্চিত কৰিব যে প্ৰি-ট্ৰেঞ্জেকশ্যন বিৱৰণ পৃষ্ঠাত কেৱল অন্তিম লাভ কৰোতাৰ (ভেলিডেট এড্ৰেছ এ পি আইৰ পৰা লাভ কৰা বেংকিং নাম ) নামেৰেহে ব্যৱহাৰকাৰীলৈ দেখুওৱা হ'ব । QR কোড,পেমেন্টকাৰীৰ ব্যৱহাৰকাৰী-উল্লেখিত নাম বা আন কাৰণৰ পৰা উলিওৱা নাম এপ্লিকেশ্বনত পেমেন্টকাৰীৰ বাবে প্ৰদৰ্শন কৰা নহ'ব ।
এপত দেখা পাব বেংকৰ পঞ্জীভূত নাম
ভাৰতত সকলো বেংক গ্ৰাহক ডাটাবেচ আৰু একাউণ্টৰ তথ্য সংৰক্ষণ কৰিবলৈ কোৰ বেংকিং ছিষ্টেম (CBS) ব্যৱহাৰ কৰে । যাৰ দ্বাৰা বাস্তৱ-সময়ৰ লেনদেনৰ সুবিধা লাভ কৰিব পাৰে । অন্তিম লাভকাৰীৰ নামৰ অৰ্থ হৈছে পেমেন্টকাৰীৰ বেংকৰ আনুষ্ঠানিক ৰেকৰ্ড আৰু ডাটাবেচত তলিকাৰ কৰা নাম । এই নামৰ অধিকাৰ থকা বেংকিং API ৰ মাধ্যমত লাভ কৰা হয় য'ত ব্যৱহাৰকাৰী বা এপক পৰিৱৰ্তন কৰাৰ অনুমতি নাথাকে । সেইবাবে এই নামক সৰ্বাধিক সঠিক আৰু যোগ্য চিনাকি হিচাপে গণ্য কৰা হয় ।
সমগ্ৰ দেশতে হঠাতে বন্ধ হৈ পৰিল UPI সেৱা; সমস্যাত ব্যৱহাৰকাৰী - UPI DOWN

