আধাৰ কাৰ্ড আপডেট কৰাটো অধিক ব্যয়বহুল হৈছে, বায়’মেট্ৰিক আৰু নথি-পত্ৰ সংশোধনৰ বাবে প্ৰয়োজন অধিক ধনৰ
UIDAI-এ আধাৰ আপডেট মাচুল বৃদ্ধি কৰিছে । এতিয়াৰে পৰা বায়’মেট্ৰিক, জনগাঁথনি আৰু নথিপত্ৰ সংশোধন অধিক ব্যয়বহুল হ’ব । শিশুৰ বাবে কিছুমান আপডেট এতিয়াও বিনামূলীয়া হ’ব।

Published : October 4, 2025 at 1:56 PM IST
নতুন দিল্লী: শেহতীয়াকৈ আধাৰ কাৰ্ডৰ সবিশেষ আপডেট কৰাৰ মাচুল সংশোধন কৰিছে ভাৰতীয় ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটিয়ে (UIDAI)। জনগাঁথনিগত, বায়’মেট্ৰিক আৰু নথি-পত্ৰ সম্পৰ্কীয় সংশোধন কৰাৰ বাবে এতিয়াৰে পৰা সকলোৱে অধিক মাচুল দিব লাগিব । এই নতুন মাচুলৰ গাঁথনি ২০২৮ চনৰ ৩০ ছেপ্টেম্বৰলৈকে প্ৰযোজ্য হৈ থাকিব ।
- বায়’মেট্ৰিক আপডেটসমূহ
বায়’মেট্ৰিক আপডেট মাচুল বিশেষভাৱে শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বাবে আঁতৰাই ৰখা হৈছে । ৫ ৰ পৰা ৭ বছৰ বয়সৰ শিশু আৰু ১৫ৰ পৰা ১৭ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ বাবে প্ৰথম বায়’মেট্ৰিক আপডেট বিনামূলীয়া হ’ব । সময় মতে আধাৰ কাৰ্ড আপডেট কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে UIDAI-এ ৭ ৰ পৰা ১৫ বছৰ বয়সৰ শিশুৰ বাবে এই মাচুল ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে ৰেহাই দিছে ।
- জনগাঁথনিগত আপডেটসমূহ
জনগাঁথনিগত আপডেটত নাম, লিংগ, জন্ম তাৰিখ, ঠিকনা, মোবাইল নম্বৰ বা ই-মেইলৰ দৰে তথ্য অন্তৰ্ভুক্ত কৰা হয় । যদি বায়’মেট্ৰিক আপডেটৰ সৈতে কৰা হয়, তেন্তে কোনো অতিৰিক্ত চাৰ্জ লোৱা নহয় । অৱশ্যে পৃথক জনগাঁথনিগত আপডেটৰ মূল্য এতিয়া হ’ব ৭৫ টকা ৷ পূৰ্বে ইয়াৰ মূল্য আছিল ৫০ টকা ।
- নথিপত্ৰ আপডেট
নথিপত্ৰ আপডেটত পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ দাখিল কৰা হয় । যদি myAadhaar পৰ্টেলৰ জৰিয়তে কৰা হয় তেন্তে ২০২৬ চনৰ ১৪ জুনলৈকে বিনামূলীয়া হ’ব । কিন্তু আধাৰ কেন্দ্ৰত আপডেট কৰিলে এতিয়া মাচুল দিব লাগিব ৭৫ টকা, যিটো পূৰ্বে আছিল ৫০ টকা ।
- ঘৰতে আধাৰ সেৱা
UIDAI-এ ঘৰতে উপলব্ধ আধাৰ সেৱাৰ বাবে (GSTৰ লগতে) মাচুল নিৰ্ধাৰণ কৰিছে ৭০০ টকা । যদি একে ঠিকনাতে একাধিক লোকে এই সেৱা ব্যৱহাৰ কৰে তেন্তে প্ৰথম ব্যক্তিৰ বাবে 700 টকা আৰু অতিৰিক্ত ব্যক্তিসকলৰ বাবদ 350 টকা চাৰ্জ লোৱা হ’ব । এই সুবিধা সেইসকল লোকৰ বাবে যিসকলে নামভৰ্তি কেন্দ্ৰলৈ যাব নোৱাৰে ।
- বাসিন্দাসকলে কি জানিব লাগিব
এই পৰিৱৰ্তনে আধাৰ সম্পৰ্কীয় অধিকাংশ আপডেট অধিক ব্যয়বহুল কৰি তুলিব । কিছুমান বয়সৰ শিশুৰ বাবে বায়’মেট্ৰিক আপডেট বিনামূলীয়া হৈ থাকিব যদিও, প্ৰাপ্তবয়স্কসকলে জনগাঁথনি আৰু বায়’মেট্ৰিক সংশোধন, নথিপত্ৰ আপডেট আৰু প্ৰিণ্টআউটৰ বাবে অধিক মাচুল বহন কৰিব । UIDAI-এ বাসিন্দাসকলক অপ্ৰত্যাশিতভাৱে মাচুল বৃদ্ধিৰ পৰা হাত সাৰিবলৈ সময় মতে পৰিকল্পনা আৰু আপডেট কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে ।
বিশেষজ্ঞসকলে কয় যে আধাৰ তথ্যৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি আৰু সময়মতে আপডেট নিশ্চিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে । ইয়াৰ উপৰিও নিৰাপত্তা উন্নত কৰাৰ লগতে প্ৰৱঞ্চনামূলক কাৰ্যকলাপ হ্ৰাস কৰাত সহায় কৰিব ।

