হায়দৰাবাদ: সমুখত আহিছে আছে উৎসৱ-পাৰ্বন ৷ সকলোৰে মনত কি যে আনন্দ ! উৎসৱৰ বাবে গৃহিনীয়ে ঘৰতে বনাব বিবিধ খাদ্য, লাড়ুৰ পৰা আদি কৰি অতিথিক আপ্যায়নৰ বাবে বিভিন্ন সুস্বাদু ব্যঞ্জন ৷
কিন্তু ৰাজ্যৰ একাংশ লোকৰ বাবে এয়া সম্ভৱ নহয় ৷ এক কেজি ৫০-৬০ টকীয়া চাউল কিনি অতিথিক শুশ্ৰূষা কৰাটো একাংশৰ বাবে আজিও সপোনৰো অগোচৰ ৷ সেয়ে ৰাজ্য চৰকাৰে ৰেচন কাৰ্ডধাৰীক দিব বিনামূলীয়াকৈ চাউল ৷ ৰাজ্যৰ সকলো ৰেচনৰ দোকানত ১ এপ্ৰিলৰ পাব এই চাউল ৷
ৰেচন কাৰ্ডধাৰীৰ সংখ্যা অনুসৰি প্ৰতিজন ব্যক্তিক ৬ কেজি বিনামূলীয়া চাউল দিয়া হ’ব । এই কথা ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
পিছে ৰ’ৱ, এয়া অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা নাই ৷ এই কথা ৰাজ্যবাসীৰ বাবে ঘোষণা কৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে ৷ তেওঁ উল্লেখ কৰা অনুসৰি, তেলেংগানা চৰকাৰে ৰেচন কাৰ্ডধাৰীক বিনামূলীয়া চাউল বিতৰণৰ প্ৰস্তুতি চলাইছে । কাৰণ এইবাৰ ৩০ মাৰ্চত উদযাপন কৰা হ’ব উগাডি (দক্ষিণ ভাৰতৰ ৰাজ্য অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু কৰ্ণাটকৰ নৱবৰ্ষ) ৷
উগাডিৰ দিনা আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী আৰম্ভ কৰিব তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে । ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ সকলো ৰেচনৰ দোকানতে উপলব্ধ হ’ব এই বিনামূলীয়া চাউল ৷
- চাৰি মাহৰ বাবে যথেষ্ট হ’ব এই খাদ্য
ৰাজ্য চৰকাৰে প্ৰতি কুইণ্টল শস্যৰ বাবদ ৫০০ টকাৰ বোনাছ দিছে । অসামৰিক যোগান সংস্থাৰ সূত্ৰ অনুসৰি ধান বানি প্ৰায় ৮ লাখ টন উন্নত মানৰ চাউল পোৱা গৈছে । এই সকলোবোৰ জিলাসমূহৰ গুদামত ৰখা হৈছে । তাৰ পৰা চাউলবোৰ ষ্টক পইণ্টলৈ নিয়া হ’ব আৰু তাৰ পিছতে ৰেচনৰ দোকানলৈ লৈ যোৱা হ’ব ৷
জানিব পৰা মতে, সমগ্ৰ তেলেংগানাত আছে ৯১,১৯,২৬৮ খন ৰেচন কাৰ্ড । ইয়াত ২,৮২,৭৭,৮৫৯ জন হিতাধিকাৰী আছে ।
- স্মাৰ্ট ৰেচন কাৰ্ডত QR ক'ড
তেলেংগানাৰ যোগান বিভাগে স্মাৰ্ট কাৰ্ডৰ ৰূপত নতুন ৰেচন কাৰ্ড প্ৰদানৰ প্ৰস্তুতি চলাইছে । প্ৰতিখন স্মাৰ্ট ৰেচন কাৰ্ডত QR ক’ড লগোৱাৰ সিদ্ধান্ত লোৱা হৈছে । স্মাৰ্ট কাৰ্ড কেনেকুৱা হ’ব লাগে ? ইয়াৰ বাবে বিভিন্ন ডিজাইনৰ কথা বিবেচনা কৰা হৈছে । জানিব পৰা মতে, এই ডিজাইনৰ প্ৰক্ৰিয়া কেইদিনমানৰ ভিতৰত সম্পূৰ্ণ হ’ব ।