ETV Bharat / business

হ্ৰাস পাব গৃহঋণৰ ই এম আই: চলিত বছৰত তৃতীয়বাৰৰ বাবে হ্ৰাস ৰেপো ৰেট

দেশবাসীক সামান্য সকাহ ৷ এম পি চিৰ বৈঠকৰ পিছতে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে ৰেপো ৰেটত ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে ।

RBI Governor Sanjay Malhotra
চলিত বছৰত তৃতীয়বাৰৰ বাবে হ্ৰাস ৰেপো ৰেট (PTI)
author img

By ETV Bharat Assamese Team

Published : June 6, 2025 at 1:00 PM IST

3 Min Read
Choose ETV Bharat

মুম্বাই: বাণিজ্যিক ক্ষেত্ৰত বিশ্বব্যাপী বৰ্ধিত অনিশ্চয়তাৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গুৰুত্বপূৰ্ণ ঘোষণা । পুনৰ ৰেপো ৰেট হ্ৰাস কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতি সমিতিয়ে । এইবাৰ ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা কৰা হৈছে । ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই ৰেপো ৰেটত ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা কৰি দেশবাসীক ডাঙৰ সকাহ দিয়ে । বিশেষকৈ গৃহঋণকে ধৰি অন্যান্য ঋণৰ ই এম আই ইয়াৰ ফলত কিছু পৰিমাণে হ্ৰাস পাব ৷ এই কৰ্তনৰ পিছত ৰেপো ৰেট ৫.৫০ শতাংশলৈ হ্ৰাস হৈছে । লক্ষণীয়ভাৱে চলিত বছৰত একেৰাহে তৃতীয়বাৰৰ বাবে ৰেপো ৰেট হ্ৰাস কৰা হৈছে । ৪ জুনৰ পৰা অনুষ্ঠিত এম পি চিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ইয়াৰ পূৰ্বে অন্তিমবাৰৰ বাবে এপ্ৰিল মাহত ৰেপো ৰেট হ্ৰাস কৰা হৈছিল । বিশ্বজুৰি বাণিজ্যিক অস্থিৰতাৰ মাজতে ৰিজাৰ্ভ বেংকৰ এই ঘোষণাই শ্বেয়াৰ বজাৰত ব্যাপক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে ।

ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই এই সন্দৰ্ভত কয়,"বিশ্বজুৰি বাণিজ্যিক উদ্বেগৰ মাজতে ভাৰতীয় অৰ্থনীতিয়ে শক্তি, স্থিতিশীলতা আৰু সুযোগক প্ৰতিনিধিত্ব কৰিছে ।" তেওঁ কয় যে যেতিয়া কেন্দ্ৰীয় বেংকসমূহে কঠিন পৰিস্থিতিৰ মুখামুখি হৈছে তেনে সময়তে ভাৰতীয় অৰ্থনীতিয়ে শক্তি, স্থিৰতা আৰু সুযোগ প্ৰদান কৰিছে । তেওঁ লগতে কয় যে চৰকাৰে কেপেক্সৰ ওপৰত অব্যাহত ৰখা বিনিয়োগ কাৰ্যকলাপ পুনৰুজ্জীৱিত কৰাত সহায় কৰিব লাগে ।

ইফালে আৰ বি আয়ে ২০২৫ চনৰ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৪ টা কিস্তিত চি আৰ আৰ (কেছ ৰিজাৰ্ভ ৰেচিঅ') ৪ শতাংশৰ পৰা ৩ শতাংশলৈ ১০০ বেছিছ পইণ্ট কৰ্তন কৰিব । এতিয়া ২০২৬ বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতি ৩.৭ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে, যি পূৰ্বে ৪ শতাংশ আছিল । আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয় যে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা কেন্দ্ৰীয় বেংকে ৯.৫ লাখ কোটি টকাৰ বহনক্ষম লিকুইডিটি প্ৰদান কৰিছে ।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই লগতে কয় যে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত ১১ মাহৰ ব্যৱসায়িক সামগ্ৰীৰ আমদানি সামৰি লোৱাৰ লগতে বাকী থকা বিদেশী ঋণৰ ৯৬ শতাংশ পৰিশোধ কৰিবলৈ সক্ষম ।

উল্লেখ্য যে এইবছৰৰে ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহত ৰেপো ৰেট হ্ৰাস কৰা হৈছিল । ৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বেংকে ৰেপো ৰেট ৬.৫ শতাংশৰ পৰা ৬.২৫ শতাংশলৈ হ্ৰাস কৰিছিল । এপ্ৰিলত ৰেপো ৰেটত ২৫ বেছিছ পইণ্ট হ্ৰাস কৰা হৈছিল ।

লগতে পঢ়ক :মাজত মাত্ৰ কেইটামান দিন... সোনকালে আপডেট কৰক আপোনাৰ আধাৰ কাৰ্ড - FREE AADHAAR CARD UPDATE