নতুন দিল্লী: ই এম আইত ঋণ লোৱাসকলৰ বাবে ভাল খবৰ । ভাৰতীয় ৰিজাৰ্ভ বেংকে বুধবাৰে ৰেপো ৰেটত ২৫ বেছিছ পইণ্ট হ্ৰাসৰ ঘোষণা কৰিছে । এই সিদ্ধান্তৰ অৰ্থ হৈছে যে বৰ্তমানৰ গ্ৰাহকসকলে তেওঁলোকৰ ই এম আইত হ্ৰাস দেখা পোৱাৰ সম্ভাৱনা আছে । লগতে নতুনকৈ ঋণ গ্ৰহণকাৰীসকলেও শীঘ্ৰেই গৃহ ঋণ, অটো ঋণ আৰু ব্যক্তিগত ঋণ অধিক সস্তাত পাব । এতিয়া ৰেপো ৰেট ৬.২৫ শতাংশৰ পৰা কমি ৬ শতাংশ হ'ল । ক'ভিড-১৯ পৰিস্থিতিৰ পিছত এয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বিতীয়টো ৰেপো ৰেট হ্ৰাস । ২০২০ চনৰ মে'ৰ পৰা ২০২২ চনৰ এপ্ৰিলৰ মাজৰ সময়ছোৱাত আৰ বি আইৰ ৰেপো ৰেট ৪ শতাংশত স্থিৰ আছিল । ২০২২ চনৰ এপ্ৰিলৰ পৰা ২০২৩ চনৰ মাজভাগলৈ ৰিজাৰ্ভ বেংকে লাহে লাহে ৰেট বৃদ্ধি কৰি ৬.৫ শতাংশকৈ বৃদ্ধি কৰিছিল । শেহতীয়া হ্ৰাসৰ পূৰ্বে ২ বছৰলৈ ৰেপো ৰেট স্থিৰ আছিল ।
ৰিজাৰ্ভ বেংকৰ ৰেপো ৰেট হ্ৰাসৰ প্ৰভাৱ
ইয়াৰ দ্বাৰা বছৰত মাত্ৰ ০.২৫ শতাংশৰ কৰ্তন হোৱাৰ লগতে ১০,৫০০ টকৰো বেছি ৰাহি হ'ব । এইটো এক বৃহৎ সকাহ হ'ব পাৰে । বিশেষকৈ সেইসকল গ্ৰাহকৰ বাবে যিয়ে ২০ বা ৩০ বছৰৰ বাবে ঋণ লয় ।
বেংকে কেনেদৰে কৰ্তন কৰিব ?
ঋণৰ সুদৰ হাৰত দুটা উপাদান থাকে- মাৰ্জিনেল কষ্ট অফ ফাণ্ডছ বেছড লেণ্ডিং ৰেট (MCLR) আৰু স্প্ৰেড । যেতিয়া ৰিজাৰ্ভ বেংকৰ দ্বাৰা ৰেপো ৰেট হ্ৰাস কৰা হয় তেতিয়া MCLR হ্ৰাস হোৱাৰ সম্ভৱনা থাকে । ইফালে বেংকসমূহৰ স্প্ৰেড পৃথক আৰু সেইটো তাৰ ওপৰত নিৰ্ভৰ কৰিব যে সুদৰ হাৰ হ্ৰাসৰ কিমান অংশ গ্ৰাহকক দিয়া হয় ।
লগতে পঢ়ক :BoB ৰ নতুন আঁচনি, FD ৰ অধীনত বেংকে ৪৪৪ দিনৰ বাবে গ্ৰাহকক দিছে উন্নত ৰিটাৰ্ণ - LAUNCHED NEW FD SCHEME