ETV Bharat / business

এতিয়াৰে পৰা নাবালকৰ নামতো বেংকত থাকিব পাৰিব একাউণ্ট; সুখবৰ আনিলে ভাৰতীয় ৰিৰ্জাভ বেংকে

কষ্টৰ ধন জমা কৰিবলৈ সকলোৱে বিচাৰে ৷ ১০ বছৰৰ ওপৰৰ নাবালকক স্বতন্ত্ৰভাৱে বেংক একাউণ্ট চলাবলৈ অনুমতি দিছে ৰিজাৰ্ভ বেংকে ৷

RESERVE BANK OF INDIA
ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া (ETV Bharat)
author img

By PTI

Published : April 22, 2025 at 11:26 AM IST

2 Min Read
Choose ETV Bharat

মুম্বাই: ১০ বছৰৰ ওপৰৰ নাবালকৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ৰিজাৰ্ভ বেংকে ৷ সোমবাৰে বেংকসমূহক স্বতন্ত্ৰভাৱে ছেভিংছ/ টাৰ্ম ডিপ’জিট একাউণ্ট খুলিবলৈ আৰু পৰিচালনা কৰিবলৈ অনুমতি প্ৰদান কৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৷

ভাৰতীয় ৰিজাৰ্ভ বেংকে নাবালকৰ জমা একাউণ্ট খোলা আৰু চলোৱাৰ ক্ষেত্ৰত সংশোধিত নিৰ্দেশনা জাৰি কৰিছে ।

যিকোনো বয়সৰ নাবালকক তেওঁৰ স্বাভাৱিক বা আইনী অভিভাৱকৰ জৰিয়তে ছেভিংছ আৰু টাৰ্ম ডিপ’জিট একাউণ্ট খুলিবলৈ আৰু পৰিচালনা কৰিবলৈ অনুমতি দিয়া হ’ব পাৰে বুলি আৰ বি আইয়ে বাণিজ্যিক বেংক আৰু সমবায় বেংকক উদ্দেশ্যি এক বিজ্ঞপ্তি প্ৰকাশ কৰিছে । মাতৃক অভিভাৱক হিচাপে লৈও এনে একাউণ্ট খুলিব পাৰিব নাবালকসকলে ৷

এই সন্দৰ্ভত বিজ্ঞপ্তিটোত এনেদৰে কোৱা হৈছে, “নাবালকসকলৰ বয়স কমেও ১০ বছৰ হ’ব লাগিব আৰু বেংকসমূহে নিজৰ ৰিস্ক মেনেজমেণ্ট নীতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰণ কৰিব পৰা ধন আৰু চৰ্ত অনুযায়ী, তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিলে স্বতন্ত্ৰভাৱে ছেভিংছ/টাৰ্ম ডিপ’জিট একাউণ্ট খুলিবলৈ আৰু পৰিচালনা কৰিবলৈ অনুমতি দিব পাৰিব ৷ এনে চৰ্তসমূহ একাউণ্টধাৰীক যথাযথভাৱে প্ৰেৰণ কৰা হ’ব ।”

তদুপৰি বয়স বৃদ্ধিৰ লগে লগে একাউণ্টধাৰীৰ নতুন পৰিচালনা নিৰ্দেশনা (Fresh Operating Instructions) আৰু নমুনাৰ স্বাক্ষৰ লাভ কৰি ৰেকৰ্ডত ৰাখিব লাগিব ।

বিজ্ঞপ্তিটোত কোৱা হৈছে যে বেংকসমূহে তেওঁলোকৰ ৰিস্ক মেনেজমেণ্ট পলিচী, প্ৰডাক্টৰ উপযুক্ততা আৰু গ্ৰাহকৰ উপযুক্ততাৰ ভিত্তিত নাবালক একাউণ্টধাৰীসকলক ইণ্টাৰনেট বেংকিং, এ টি এম/ডেবিট কাৰ্ড, চেকবুক সুবিধা আদিৰ দৰে অতিৰিক্ত বেংকিং সুবিধা প্ৰদান কৰিবলৈ স্বাধীনভাৱে কাম কৰিব পাৰিব ।

বেংকসমূহে নিশ্চিত কৰিব লাগিব যে সেয়া নাবালকসকলৰ একাউণ্ট ৷ যি স্বতন্ত্ৰভাৱে চলোৱাই হওক বা অভিভাৱকৰ জৰিয়তে হওক, অতিৰিক্ত ধন উলিওৱাবলৈ প্ৰদান কৰা নহয় অনুমতি ৷

ইয়াৰ উপৰিও বেংকসমূহে নাবালকৰ ছেভিংছ একাউন্ট খোলা গ্ৰাহকৰ উচিত তদন্ত কৰাৰ লগতে ধাৰাবাহিকভাৱে পৰীক্ষা-নিৰীক্ষা কৰিব লাগিব বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকে জনায় ।

ৰিজাৰ্ভ বেংকে ২০২৫ চনৰ ১ জুলাইৰ ভিতৰত সংশোধিত নিৰ্দেশনা অনুসৰি নতুন নীতি প্ৰণয়ন বা বৰ্তমানৰ নীতি সংশোধন কৰিবলৈ কয় ।

লগতে পঢ়ক: ৫ বছৰত ২০ লাখ টকা, ডাকঘৰে সুৰক্ষিত কৰিব আপোনাৰ ভৱিষ্যত