ETV Bharat / business

ব্যয়বহুল হৈ পৰিছে ATM ৰ ব্যৱহাৰ; পইচা উলিয়ালে, বেলেঞ্চ চেক কৰিলেও দিব লাগিব ধন - RBI APPROVES HIKE IN ATM FEES

RBI আৰু NPCI-এ নগদ ধন উলিওৱাৰ ক্ষেত্ৰত ATM দ্বাৰা আদান-প্ৰদান মাচুল ২ টকা বৃদ্ধিৰ অনুমোদন জনাইছে ।

RBI approves hike in ATM interchange fees new changes effective from 1st May 2025
ব্যয়বহুল হৈ পৰিছে ATM ৰ ব্যৱহাৰ (Getty Image)
author img

By ETV Bharat Assamese Team

Published : March 26, 2025 at 6:19 PM IST

2 Min Read

নতুন দিল্লী : আপুনি বাৰু সঘনাই ধনৰ লেনদেনৰ বাবে ATM কাৰ্ডখন ব্যৱহাৰ কৰে নেকি ? যদিহে বেছিকে ATM কাৰ্ডখন ব্যৱহাৰ কৰে, তেন্তে এই বাতৰি আপোনাৰ বাবে ৷ জানিব পৰা মতে, পুনৰ বৃদ্ধি কৰা হৈছে ATM কাৰ্ডৰ জৰিয়তে ধনৰ লেনদেন কৰা মাচুলৰ পৰিমাণ ৷

ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) ATM ৰ জৰিয়তে আদান-প্ৰদান কৰা মাচুলৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে অনুমোদন জনাইছে । আনকি কেন্দ্ৰীয় বেংকে বিত্তীয় লেনদেনৰ বাবে ২ টকা আৰু অবিত্তীয় লেনদেনৰ বাবে ১ টকাকৈ মাচুল বৃদ্ধি কৰিবলৈ সন্মত হৈছে । সম্ভৱতঃ ১ মে’ৰ পৰাই কাৰ্যকৰী হ’ব এই নতুন শুল্ক ।

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নেশ্যনেল পেমেণ্ট কৰ্পৰেশ্যন(NPCI)-এ নগদ ধন উলিওৱাৰ ক্ষেত্ৰত ATM ব্যৱহাৰ কৰা মাচুল ২ টকা বৃদ্ধিৰ বাবে অনুমোদন জনাইছে । NPCI-এ ১৩ মাৰ্চত সকলো সদস্য বেংকসমূহক এই পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰিছিল আৰু নতুন শুল্ক ২০২৫ চনৰ ১ মে’ৰ পৰা কাৰ্যকৰী হ’ব ।

  • বিত্তীয় লেন-দেনৰ বাবে ATM ৰ শুল্ক কিমান ?

বিত্তীয় সেৱা উদ্যোগত একোৱেই বিনামূলীয়া নহয় । কোনো এটা বিশেষ বেংকৰ গ্ৰাহকে যেতিয়াই কোনো লেনদেনৰ বাবে আন বেংকৰ ATM ব্যৱহাৰ কৰে – সেয়া আৰ্থিক হওক বা অবিত্তীয় হওক - প্ৰথম বেংকে দ্বিতীয় বেংকক মাচুল দিব লাগে । এই মাচুল, যিটো সাধাৰণতে প্ৰতিটো লেনদেনৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ ধন হয়, ইয়াক ATM আদান-প্ৰদান মাচুল বা বিত্তীয় লেন-দেনৰ বাবে ATM ৰ শুল্ক বুলি কোৱা হয় ।

  • নতুন শুল্ক কি হ’ব ?

এই বৃদ্ধিৰ পিছত নতুন শুল্ক তলত দিয়া ধৰণৰ হ’ব-

  1. বিত্তীয় লেনদেনৰ বাবে অৰ্থাৎ নগদ ধন উলিওৱাৰ বাবে – প্ৰতি লেনদেনত ১৭ টকাৰ পৰা ১৯ টকালৈ বৃদ্ধি কৰা হ’ব ।
  2. অবিত্তীয় লেনদেন অৰ্থাৎ বেলেঞ্চ অনুসন্ধান আৰু এনেধৰণৰ অন্যান্য বিষয়ৰ বাবে – ইয়াক বৰ্তমানৰ ৬ টকাৰ পৰা প্ৰতিটো লেনদেনত ৭ টকালৈ বৃদ্ধি কৰা হ’ব ।
  • এই পদক্ষেপে গ্ৰাহকক প্ৰভাৱিত কৰিবনে ?

বেংকে প্ৰায়ে এই মাচুল বেংকিং খৰচৰ অংশ হিচাপে গ্ৰাহকলৈ প্ৰেৰণ কৰে । অৱশ্যে এই মাচুল বৃদ্ধিৰ সুবিধা গ্ৰাহকে পাব নে নাপাব সেয়া এতিয়াও স্পষ্ট হোৱা নাই । এই বৃদ্ধি ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগম(NPCI)ৰ প্ৰস্তাৱৰ ভিত্তিত RBI-এ অনুমোদন জনোৱা সংশোধনীৰ অংশ ।

লগতে পঢ়ক : অষ্টম দৰমহা আয়োগ; মাহে ৮৮ হাজাৰকৈ বাঢ়িব পাৰে এইসকল কৰ্মচাৰীৰ দৰমহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.