ETV Bharat / business

ট্ৰাম্পক প্ৰত্যাহ্বান; দেশবাসীক স্বদেশী সামগ্ৰী ব্যৱহাৰৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

স্বদেশী সংকল্পৰে ভাৰততে নিৰ্মিত সামগ্ৰী ব্যৱহাৰ কৰিবলৈ দেশবাসীক আহ্বান মোদীৰ ।

PM Modi
দেশবাসীক স্বদেশী সামগ্ৰী ব্যৱহাৰৰ আহ্বান প্ৰধানমন্ত্ৰীৰ (@narendramodi)
author img

By ETV Bharat Assamese Team

Published : August 3, 2025 at 5:18 PM IST

3 Min Read
Choose ETV Bharat

বাৰাণসী : আমেৰিকাই আৰোপ কৰা ২৫ শতাংশ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে । নিজৰ সংসদীয় সমষ্টি বাৰাণসীত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫ শতাংশ শুল্ক সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰে । তেওঁ দেশবাসীক স্বদেশীৰ সংকল্পৰে 'মেক ইন ইণ্ডিয়া' সামগ্ৰী গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে ভাৰতকে ধৰি ৭০ খন দেশৰ ওপৰত আমেৰিকাই গধুৰ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বাণিজ্যিক সম্পৰ্কতো উত্তেজনাৰ সৃষ্টি হৈছে ।

ট্ৰাম্পৰ মন্তব্যৰ প্ৰতিক্ৰিয়া

শেহতীয়াকৈ ড'নাল্ড ট্ৰাম্পে ভাৰতৰ অৰ্থনীতিক 'মৃত' বুলি অভিহিত কৰি সমালোচনা কৰিছিল । ইয়াৰ প্ৰত্যক্ষ সঁহাৰি নিদিলেও প্ৰধানমন্ত্ৰী মোদীয়ে কঠোৰ বাৰ্তা দিলে ।

তেওঁ কয়, "এতিয়া আমি সেইবোৰ সামগ্ৰী ক্ৰয় কৰিম, য'ত এগৰাকী ভাৰতীয়ৰ ঘাম জড়িত হৈ থাকে । এয়া কেৱল অৰ্থনৈতিক বিষয় নহয়, ই আত্মসন্মান আৰু আত্মনিৰ্ভৰশীলতাৰ কথা ।"

প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টকৈ কয় যে ভাৰত যদি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ'ব লাগে তেন্তে দেশবাসীয়ে থলুৱা সামগ্ৰীৰ সমৰ্থন কৰিব লাগিব । তেওঁ লগতে কয় যে দেশৰ প্ৰতিজন নাগৰিক, প্ৰতিজন ব্যৱসায়ী আৰু প্ৰতিজন নেতাই 'লোকেল ফৰ ভ'কেল'ৰ মন্ত্ৰ গ্ৰহণ নকৰালৈকে অৰ্থনৈতিক উন্নয়নৰ এই যাত্ৰা অসম্পূৰ্ণ ।

স্বদেশী আন্দোলনৰ নতুন সংজ্ঞা

প্ৰধানমন্ত্ৰী মোদীয়ে 'স্বদেশী আন্দোলন'ক এক নতুন মাত্ৰা দিয়াৰ কথাও কয় । তেওঁ ব্যৱসায়ীসকলক স্থানীয় সামগ্ৰীক অগ্ৰাধিকাৰ দিয়াৰ লগতে গ্ৰাহকক বিদেশী সামগ্ৰীৰ পৰিৱৰ্তে থলুৱা বিকল্প বাছি ল'বলৈ অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনায় ।

তেওঁ কয়, "এয়া কেৱল মোদীৰ অনুৰোধ নহয়, ই প্ৰতিজন ভাৰতীয়ৰ কৰ্তব্য । আমি নিজৰ ওপৰত, আমাৰ কৃষক, আমাৰ যুৱক-যুৱতী আৰু আমাৰ শিপিনীৰ ওপৰত বিশ্বাস ৰাখিব লাগিব । যেতিয়া বিশ্বই নিজৰ স্বাৰ্থ ৰক্ষা কৰি আছে, তেতিয়া ভাৰতেও নিজৰ জনসাধাৰণৰ স্বাৰ্থক সৰ্বোচ্চ কৰি ৰাখিব লাগিব ।"

বিশ্বৰ অস্থিৰতা আৰু ভাৰতৰ ৰণনীতি

প্ৰধানমন্ত্ৰীয়ে ভাষণত বিশ্বৰ অৰ্থনৈতিক অনিশ্চয়তাৰ কথাও উল্লেখ কৰে । তেওঁ কয় যে বৰ্তমান সমগ্ৰ বিশ্বই অস্থিৰতাৰ মাজেৰে সময় পাৰ কৰিছে । এনে পৰিস্থিতিত সকলো দেশেই নিজৰ স্বাৰ্থ ৰক্ষাৰ কামত নিয়োজিত হৈ আছে । ভাৰতে নিজৰ নীতি আৰু কাৰ্যকৰীকৰণৰ ক্ষেত্ৰতো স্বাৱলম্বিতাক অগ্ৰাধিকাৰ দিব লাগিব ।

তেওঁৰ কয়, "আজি ভাৰতে এনে সিদ্ধান্ত ল'ব লাগিব যিবোৰ আমাৰ কৃষক, আমাৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এমএছএমই) আৰু আমাৰ যুৱক-যুৱতীসকলৰ স্বাৰ্থত থাকে । ভাৰতক আত্মনিৰ্ভৰশীল কৰি তোলাটোৱেই এতিয়া আমাৰ ৰাষ্ট্ৰীয় লক্ষ্য হ'ব লাগে ।"

ৰাজনৈতিক সীমাৰ বাহিৰত

প্ৰধানমন্ত্ৰীয়ে বিৰোধী আৰু সকলো ৰাজনৈতিক দলকো এই অভিযানত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায় । তেওঁ কয় যে এইটো কোনো ৰাজনৈতিক এজেণ্ডা নহয় বৰঞ্চ জাতি গঠনৰ বাবে অগ্ৰাধিকাৰ দিব লাগে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "প্ৰতিটো মতাদৰ্শৰ মানুহ একত্ৰিত হ'ব লাগিব, কাৰণ এই সময় ভাৰত গঢ়াৰ সময় । আমি সকলোৱে স্বাধীনতাৰ মনোভাৱ জনসাধাৰণৰ মাজলৈ লৈ যাব লাগিব ।"

লগতে পঢ়ক :আমেৰিকাৰ নতুন শুল্কত স্তম্ভিত ভাৰতীয় ৰপ্তানিকাৰক; আগন্তুক বাণিজ্যিক আলোচনাৰ ওপৰত আশা সকলোৰে - 25 PERCENT TARIFFS ON INDIA