ETV Bharat / business

উত্তৰ-পূৰ্বাঞ্চলে এটা দশকত ৬.৭৫ লাখ কোটি টকা বৃদ্ধিৰে বিনিয়োগৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে: ড'নাৰ মন্ত্ৰী সিন্ধিয়া - RISING NORTH EAST INVESTORS SUMMIT

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টাৰ্ছ ছামিট ৷ এই সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে জ্যোতিৰাদিত্য সিন্ধিয়াই ।

Rising North East Investors Summit
জ্যোতিৰাদিত্য এম সিন্ধিয়া (ANI)
author img

By ANI

Published : May 23, 2025 at 1:50 PM IST

2 Min Read

নতুন দিল্লী: উত্তৰ-পূব উন্নয়ন (ড'নাৰ) দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা এটা দশকত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰিৱৰ্তনশীল অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে ।

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টাৰ্ছ ছামিটৰ উদ্বোধনী অধিৱেশনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

সিন্ধিয়াই ঘোষণা কৰে যে উত্তৰ-পূব অঞ্চলটোৰ বাবে মুঠ বাজেট সমৰ্থন অতিশয় বৃদ্ধি পাইছে, যোৱা দহ বছৰত মাত্ৰ ১০ শতাংশৰ পৰা বৃদ্ধি পাই প্ৰায় ৬.৭৫ লাখ কোটি টকাৰ বিনিয়োগ সম্ভৱ হৈছে উত্তৰ-পূবত ।

তেওঁ কয় যে এই উল্লেখযোগ্য আবণ্টনে অঞ্চলটোৰ বৃদ্ধিৰ ট্ৰেজেক্টৰীক পুনৰ সংজ্ঞায়িত কৰি সুযোগৰ ভূমিলৈ ৰূপান্তৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । তেওঁ কয়, ‘‘আমাৰ নিজৰ প্ৰধানমন্ত্ৰীয়েই যোৱা দহ বছৰত উত্তৰ-পূবত প্ৰায় ৬.৭৫ লাখ কোটি টকাৰ বিনিয়োগ সম্ভৱপৰ কৰিবলৈ মুঠ বাজেট সমৰ্থন ১০ শতাংশৰ পৰা বৃদ্ধি কৰিছে ।’’

উল্লেখ্য যে, বিশ্ব আৰু ঘৰুৱা উভয় বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হোৱা এই ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টাৰ্ছ সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ অপৰিসীম অৰ্থনৈতিক সম্ভাৱনাক আলোকপাত কৰিবলৈ চেষ্টা কৰা হৈছে । ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ অঞ্চলটো হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ প্ৰাচীন সংস্কৃতি আৰু বাণিজ্যিক সজীৱতাৰ উৎপত্তি স্থান বুলিও তেওঁ উল্লেখ কৰে ।

তেওঁ কয়, ‘‘এটা সময় আছিল যেতিয়া এই আঠোখন ৰাজ্যই দক্ষিণ এছিয়াৰ বিশ্বব্যাপী বাণিজ্যিক কেন্দ্ৰ হিচাপে কাম কৰিছিল, স্থল আৰু জল দুয়োটা পথৰ জৰিয়তে পূবক পশ্চিমৰ সৈতে সংযোগ কৰাত উল্লেখযোগ্য অৰিহণা যোগাইছিল ।’’ কিন্তু সিন্ধিয়াই আক্ষেপ প্ৰকাশ কৰি কয় যে ভাৰতৰ স্বাধীনতাৰ পিছৰ সত্তৰ বছৰত এই অঞ্চল অৱহেলিত হৈ ৰৈ গৈছে ।

"কিন্তু যোৱা দহ বছৰত এই সমগ্ৰ অঞ্চলটোৰ ৰূপান্তৰ ঘটিছে আৰু সেই ৰূপান্তৰ আজি সকলোৰে সন্মুখত আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ ৰূপত থিয় দিছে ।" তেওঁ কয় ৷

বিগত আন্তঃগাঁথনিৰ ব্যৱধানৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘উত্তৰ-পূৰ্বাঞ্চল এসময়ত মাত্ৰ ৯টা বিমানবন্দৰ আছিল আৰু দুখন ৰাজ্যত একেবাৰেই কোনো বিমানবন্দৰ নাছিল । প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলত বিমানবন্দৰৰ সংখ্যা সোতৰটালৈ বৃদ্ধি পাইছে আৰু অঞ্চলটোক সংযোগ আৰু অৰ্থনৈতিক সংহতিৰ ক্ষেত্ৰত নতুন বাট দিছে ।’’

লগতে পঢ়ক : মোদীৰ মনটো শান্ত, কিন্তু প্ৰবাহিত ৰক্ত উষ্ণ; সেন্দূৰ মোৰ ধমনীত প্ৰবাহিত হৈ আছে: প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.