ভাৰতৰ সৈতে কোনো ধৰণৰ বাণিজ্যিক আলোচনা নকৰে ট্ৰাম্পে
শুল্ক বিবাদ সমাধান নোহোৱালৈ ভাৰতৰ সৈতে কোনো আলোচনা নকৰে ড'নাল্ড ট্ৰাম্পে ।

Published : August 8, 2025 at 7:01 PM IST
ৱাশ্বিংটন: ভাৰতৰ ওপৰত আমেৰিকাৰ ৫০ শতাংশ শুল্ক আৰোপ কৰাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে । এই বিতৰ্কৰ মাজতে ট্ৰাম্পৰ আন এক গুৰুত্বপূৰ্ণ ঘোষণা । শুল্কক লৈ হোৱা বিবাদৰ সমাধান নোহোৱালৈকে ভাৰতৰ সৈতে কোনো বাণিজ্যিক আলোচনা নকৰে ড'নাল্ড ট্ৰাম্পে ।
৫০ শতাংশ শুল্ক সন্দৰ্ভত পুনৰ আলোচনা কৰিব নেকি বুলি সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ ট্ৰাম্পে কয়, "নাই, আমি সমাধান নোপোৱালৈকে নহয় ।"
#WATCH | Responding to ANI's question, 'Just to follow up India's tariff, do you expect increased trade negotiations since you have announced the 50% tariffs?', US President Donald Trump says, "No, not until we get it resolved."
— ANI (@ANI) August 7, 2025
(Source: US Network Pool via Reuters) pic.twitter.com/exAQCiKSJd
বুধবাৰে হোৱাইট হাউছে এক কাৰ্যবাহী আদেশ জাৰি কৰি ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰি মুঠ শুল্ক ৫০ শতাংশলৈ বৃদ্ধি কৰে । আমেৰিকা প্ৰশাসনে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বৈদেশিক নীতিৰ উদ্বেগ উল্লেখ কৰি ৰাছিয়াৰ পৰা ভাৰতৰ তেল আমদানিৰ দিশটো বিশেষভাৱে আঙুলিয়াই দিয়ে । এই আদেশত দাবী কৰা হৈছে যে প্ৰত্যক্ষভাৱে হওঁক বা মধ্যস্থতাকাৰীৰ জৰিয়তে হওঁক এই আমদানিয়ে আমেৰিকাৰ বাবে এক অস্বাভাৱিক আৰু অসাধাৰণ ভাবুকিৰ সৃষ্টি কৰে আৰু জৰুৰীকালীন অৰ্থনৈতিক ব্যৱস্থাৰ ন্যায্যতা প্ৰদান কৰে ।
আমেৰিকাৰ বিষয়াসকলৰ মতে, প্ৰাৰম্ভিক ২৫ শতাংশ শুল্ক ৭ আগষ্টৰ পৰা কাৰ্যকৰী হৈছে । ২১ দিনৰ ভিতৰত কাৰ্যকৰী হ'ব অতিৰিক্ত ২৫ শতাংশ শুল্ক । এই শুল্ক আমেৰিকাৰ বন্দৰত প্ৰৱেশ কৰা সকলো ভাৰতীয় সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব । অৱশ্যে ইতিমধ্যে ট্ৰেনজিটত থকা সামগ্ৰী আৰু কিছুমান ৰেহাইযুক্ত সামগ্ৰীৰ ক্ষেত্ৰত ব্যতিক্ৰম বুলিও উল্লেখ কৰা হৈছে আদেশত ।
ইফালে নতুন দিল্লীত অনুষ্ঠিত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ সময়ত প্ৰত্যাহ্বানমূলক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নতুন দিল্লীয়ে অৰ্থনৈতিক হেঁচাত পিছুৱাই নাযায় বুলি সংকেত দিয়ে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আমাৰ বাবে আমাৰ কৃষকৰ স্বাৰ্থ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ । ভাৰত কেতিয়াও কৃষক, মাছমৰীয়া আৰু দুগ্ধপালকৰ স্বাৰ্থৰ সৈতে আপোচ নকৰে । মই জানো যে ইয়াৰ বাবে আমি গধুৰ মূল্য ভৰিব লাগিব আৰু মই ইয়াৰ বাবে সাজু । ইয়াৰ বাবে ভাৰত সাজু ।"

