ETV Bharat / business

ছটা দশকৰ জটিলতা আঁতৰাব নতুন কৰ আইনে, সৰলতাৰ ওপৰত গুৰুত্ব চৰকাৰৰ

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডৰ সদস্য আৰ এন পৰ্বতে কয় যে নতুন আয়কৰ আইনখনে পুৰণি নীতিসমূহ আঁতৰাই পেলাইছে ৷

NEW INCOME TAX ACT
আৰ এন পৰ্বত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 26, 2025 at 10:48 AM IST

|

Updated : August 26, 2025 at 11:05 AM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন । কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে প্ৰস্তুতি চলাইছে ৷ সমান্তৰালকৈ সকলো ব্যৱস্থা যাতে আগতীয়াকৈ সাজু হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিছে যাতে কৰদাতাসকলে এক সৰল আৰু চাপমুক্ত পৰিৱৰ্তন অনুভৱ কৰে ।

নতুন আয়কৰ আইনখনে ১৯৬১ চনৰ পৰা চলি অহা প্ৰায় ছয় দশক পুৰণি আইনখনৰ ঠাই ল’ব । সৰল আৰু স্পষ্ট ভাষাত লিখা এই নতুন আইনখনে আজিৰ ডিজিটেল অৰ্থনীতিৰ লগত খোজ মিলাই সাধাৰণ নাগৰিকৰ বাবে কৰ দাখিল কৰাটো সহজ কৰি তুলিব, আইনী শব্দৰ জটিলতা আৰু বেমেজালি হ্ৰাস কৰিব বুলি আশা কৰা হৈছে ৷

ইটিভি ভাৰতৰ সৈতে হোৱা বিশেষ বাৰ্তালাপত কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডৰ সদস্য আৰ এন পৰ্বতে এই সন্দৰ্ভত বিতংভাৱে কিছু কথা প্ৰকাশ কৰে ৷ পৰ্বতে কয়, ‘‘পুৰণি আইনখনত ৪ হাজাৰৰো অধিক সংশোধনীৰ পিছত নতুন আইনখনে কেৱল পুৰণি নীতি-নিয়মসমূহ আঁতৰ কৰাই নহয়, বৰং সামঞ্জস্য নোহোৱা নিয়মবোৰো একে স্থানত একত্ৰিত কৰি তুলিছে ।’’

এই নতুন ব্যৱস্থা আগন্তুক বিত্তীয় বৰ্ষৰ পৰা কাৰ্যকৰী হ’ব ৷ চৰকাৰে সঘনাই সোধা প্ৰশ্ন (FAQs), ভিডিঅ’ আৰু গাইড নোট প্ৰকাশ কৰি জনসচেতনতা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা বুলি তেওঁ লগতে কয় ৷

থোৰতে ইটিভি ভাৰতৰ সৈতে হোৱা এই বিশেষ বাৰ্তালাপ

প্ৰশ্ন: কৰ আইন সাধাৰণতে অতি জটিল বুলি গণ্য কৰা হয় । এই নতুন আয়কৰ আইনখনৰ জৰিয়তে সাধাৰণ মানুহৰ বাবে কৰ দাখিল কৰাটো কেনেকৈ সহজ হৈ পৰিব ?

উত্তৰ: নতুন আইনখন জটিল আইনী শব্দ ব্যৱহাৰ কৰাৰ সলনি সহজ ভাষা আৰু পোনপটীয়া শব্দত লিখা হৈছে । সাধাৰণ মানুহে বুজিবলৈ সহজ হ’ব লাগে, কাৰণ ই ইমান সহজ যে কৰদাতাই কেনেকৈ আৰু কিয় নিজৰ কৰ দি আছে, সেয়া সোনকালে বুজিব পাৰে ।

প্ৰশ্ন: আমি ১৯৬১ চনৰ পৰাই পুৰণি কৰ আইনখন ব্যৱহাৰ কৰি আহিছো ৷ এতিয়া সম্পূৰ্ণ নতুন আইন এখন অনাটো কিহৰ বাবে প্ৰয়োজনীয় আছিল ?

উত্তৰ: ব্যৱস্থাটোত কাম কৰা লোকসকলে কিছুদিনৰ পৰা এই বিষয়ে কৈ আহিছে । ১৯৬১ চনৰ পৰা এই আইনখনৰ ৪০০০ ৰো অধিক সংশোধনী কৰা হৈছে । মূল আইনখন পুৰণি আৰু জটিল ভাষাত লিখা হৈছিল । প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ স্বাধীনতা দিৱসত লালকিল্লাত দিয়া ভাষণকে ধৰি বহুবাৰ কৈছে যে আইনৰ ভাষা সৰল কৰি পুৰণি আইন বাতিল কৰিব লাগে ।

ইয়াৰ পিছত বিত্তমন্ত্ৰীগৰাকীয়ে বিত্ত বিধেয়কখন দাখিল কৰাৰ সময়ত এই ভাষাটো সৰল কৰি তোলাৰ কথা ঘোষণা কৰে । ইয়াৰ অধীনত বছৰ বছৰ ধৰি প্ৰচলিত প্ৰাচীন নীতি-নিয়মসমূহ আঁতৰাই পেলোৱা হৈছে । লগতে বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা একেটা বিষয়ৰ লগত জড়িত কেতবোৰ নিয়মকো একত্ৰিত কৰা হ’ল । এই প্ৰক্ৰিয়াৰ পিছত সাধাৰণ ৰাইজৰ বাবে আইন বুজিবলৈ বহুত সহজ হৈ পৰিছে ।

প্ৰশ্ন: আজিকালি প্ৰায় প্ৰতিটো পেমেণ্ট বা লেনদেনে ডিজিটেল মাধ্যমতে হয় । নতুন আইনখনে ইয়াক কেনেকৈ ব্যৱহাৰ কৰি অনুসৰণ কৰাটো সৰল কৰি তুলিব আৰু বেমেজালি হ্ৰাস কৰিব ?

উত্তৰ: নতুন আইনখন মূলতঃ পুৰণি আইনখনৰ সৰলীকৃত সংস্কৰণ । ইয়াৰ লগতে কিছু ব্যৱস্থা সংস্কাৰৰ জৰিয়তে আইনখনক অধিক ফলপ্ৰসূ কৰি তোলাৰ কাম আৰম্ভ হৈছে । ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ই অধিক কাৰ্যকৰী কৰা হ’ব ।

প্ৰশ্ন: মানুহৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বিভাগ আৰু চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব ?

উত্তৰ: আমি সঘনাই সোধা প্ৰশ্ন (FAQ), কিছুমান ভিডিঅ’ আৰু লগতে সাধাৰণ জনতাক এই কথা বুজিবলৈ সহায়ক হোৱাকৈ গাইডেন্স নোট প্ৰকাশ কৰিম ।

লগতে পঢ়ক: নতুন আয়কৰ আইনত সন্মতি ৰাষ্ট্ৰপতিৰ

Last Updated : August 26, 2025 at 11:05 AM IST