ETV Bharat / business

মাৰ্গদৰ্শী চিট ফাণ্ডৰ ১২৫ সংখ্যক শাখা মুকলি

বুধবাৰে মলকাজগিৰিত মাৰ্গদৰ্শী চিট ফাণ্ডৰ ১২৫ নং শাখাটো মুকলি কৰে ৰামোজী গ্ৰুপৰ অধ্যক্ষ চি এইচ কিৰণ আৰু মাৰ্গদৰ্শীৰ পৰিচালন সঞ্চালিকা শৈলজা কিৰণে ।

Margadarsi Chit Fund
মলকাজগিৰিত মাৰ্গদৰ্শী চিট ফাণ্ডৰ ১২৫ সংখ্যক শাখা মুকলি অনুষ্ঠানত ৰামোজী গ্ৰুপৰ অধ্যক্ষ চি এইচ কিৰণ, মাৰ্গদৰ্শীৰ পৰিচালন সঞ্চালিকা শৈলজা কিৰণ, প্ৰয়াত ৰামোজী ৰাওৰ নাতি সুজয় (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 25, 2025 at 11:53 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: হায়দৰাবাদৰ মলকাজগিৰিত মাৰ্গদৰ্শী চিট ফাণ্ডৰ ১২৫ সংখ্যক শাখা মুকলি ৷ এই অনুষ্ঠানত উপস্থিত থাকি মাৰ্গদৰ্শীৰ পৰিচালন সঞ্চালিকা শৈলজা কিৰণে ইয়াৰ দশক দশকজোৰা যাত্ৰাক প্ৰশংসা কৰি কয় যে এই প্ৰতিষ্ঠানটো সদায় বিশ্বাস আৰু প্ৰতিশ্ৰুতিৰ সমৰ্থক আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নিৰ্ভৰযোগ্য সেৱা প্ৰদান কৰি সময়ৰ পৰীক্ষাত অৱতীৰ্ণ হৈ আহিছে ।

বুধবাৰে মলকাজগিৰিৰ আনন্দবাগ চক্ৰ বালাজী বিগ টাউনত ১২৫ নং শাখাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি পৰিচালন সঞ্চালিকা শৈলজা কিৰণে ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত ৰামোজী ৰাৱে প্ৰতিষ্ঠা কৰা মূল্যবোধক অনুসৰণ কৰি কেনেকৈ আইনগতভাৱে চলি আছে, সেই বিষয়ে আলোকপাত কৰে । এই অনুষ্ঠানত ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ চি এইচ কিৰণ আৰু ৰামোজী ৰাওৰ নাতি সুজয় উপস্থিত থাকে ।

১৯৬২ চনত আৰম্ভ হোৱা মাৰ্গদৰ্শী চিট ফাণ্ডে আজি ৬০ লাখৰো অধিক গ্ৰাহকক সেৱা আগবঢ়াই আছে । ‘‘১৯৬২ চনত এটা সৰু পদক্ষেপ হিচাপে আৰম্ভ হোৱা মাৰ্গদৰ্শীয়ে বছৰ বছৰ ধৰি ইয়াৰ পৰিসীমা বৃদ্ধি কৰি আহি সম্প্ৰতি ৬০ লাখৰো অধিক গ্ৰাহকক সেৱা আগবঢ়াই আছে । মাৰ্গদৰ্শী চিট ফাণ্ড ব্যক্তিগত আৰু ব্যৱসায়িক প্ৰয়োজনীয়তা পূৰণৰ বাবে এক অমূল্য আহিলা হিচাপে প্ৰমাণিত হৈছে, ই জৰুৰীকালীন পুঁজি হিচাপে আৰু বিত্তীয় বীমা সামগ্ৰী হিচাপে দুয়োটা কামেই কৰি আছে । দীৰ্ঘদিনীয়া ইতিহাসৰ সৈতে মাৰ্গদৰ্শী চিট ফাণ্ড আগন্তুক প্ৰজন্মৰ বাবেও সুস্থিৰ হৈ থাকিব’’ বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে পৰিচালন সঞ্চালিকা শৈলজা কিৰণে ৷

আনহাতে, ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ চি এইচ কিৰণে বিশদভাৱে কয়, ‘‘কিছু বছৰ আগতে ১০ হাজাৰ টকাৰ চিট পৰিচালনা কৰা হৈছিল । আজি আমি ১০ লাখ টকাৰ পৰা এক কোটি টকালৈকে ধন চম্ভালিছো আৰু অহা দহ বছৰত আমি ১০ কোটি টকাৰ চিট পৰিচালনা কৰাৰ আশা কৰিছো । বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ আৰ্থিক প্ৰয়োজনীয়তা বৃদ্ধি পোৱাৰ লগে লগে চিট ফাণ্ডে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । এই বিনিয়োগসমূহ বজাৰৰ অৱস্থাৰ পৰা স্বাধীন আৰু ইয়াৰ পৰা কোনো বিপদ নাই ।’’

তেওঁ লগতে কয়, ‘‘মাৰ্গদৰ্শীয়ে আমাৰ সৈতে জড়িত তিনিটা প্ৰজন্মৰ সম্পদ বৃদ্ধিৰ পথ প্ৰদৰ্শক । আমি আশা কৰোঁ আৰু বহু পৰিয়ালে একে পথ অনুসৰণ কৰিব ।’’

ললিতা দেৱী, বি গোপাল, সাৰথ বাবু, ভাগ্যলক্ষ্মীকে ধৰি গ্ৰাহকসকলে সন্তুষ্টি প্ৰকাশ কৰি কয় যে মাৰ্গদৰ্শীৰ সৈতে তেওঁলোকৰ সম্পৰ্কই বছৰ বছৰ ধৰি তেওঁলোকক বিভিন্ন আৰ্থিক প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিছে ।

এই অনুষ্ঠানত মাৰ্গদৰ্শীৰ চি ই অ’ পি সত্যনাৰায়ণ, চি অ’ অ’ মধুসুদন, সঞ্চালক ভেংকটস্বামী, উপ-সভাপতি ৰাজাজী, বালামকৃষ্ণ, সম্বামূৰ্তি, ৰামকৃষ্ণ, জে শ্ৰীনিবাস, জেনেৰেল মেনেজাৰ আদিনাৰায়ণ, ৰবীন্দ্ৰনাথ প্ৰসাদ, উপ-জেনেৰেল মেনেজাৰ বালকৃষ্ণ, মলকাজগিৰি শাখাৰ প্ৰবন্ধক চন্দ্ৰশেখৰকে ধৰি জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: অহা মাহত বজাৰলৈ 2025 বৰ্ষৰ Skoda Octavia RS; মূল্য কিমান ?