ETV Bharat / business

কাঠফুলাৰ পৰা নহয় কি ! চাবোন, মিঠাই, আচাৰ প্ৰস্তুত কৰি দেখুৱাই দিলে এগৰাকী উদ্যমী মহিলাই

উৎপাদিত কাঠফুলা ক্ৰয়ৰ বাবে গ্ৰাহকৰ অভাৱ হোৱাৰ দিনাই বিকল্প সপোন দেখা জ্যোৎস্না গগৈ এতিয়া সফল ক্ষুদ্ৰ উদ্যোগী ।

SELF RELIANT BY  MUSHROOM CULTIVATION
কাঠফুলাৰ খেতিৰে স্বাৱলম্বী হোৱা জ্যোৎস্না গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 1, 2025 at 3:51 PM IST

6 Min Read
Choose ETV Bharat

মৰাণ: কাঠফুলাৰ খেতি কৰি স্বাৱলম্বী হোৱা বহু নিদৰ্শন দেখিছে আপুনি । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৈজ্ঞানিক ভিত্তিত কৰা কাঠফুলাৰ এখন ভাল বজাৰ গঢ়ি উঠিছে; কিন্তু কাঠফুলাৰ পৰা পৰা চাবোন, মিঠাই, আচাৰ আদি প্ৰস্তুত কৰাৰ কথা শুনিছেনে ?

এগৰাকী উদ্যমী মহিলাই কাঠফুলাৰ পৰা চাবোন, মিঠাই, আচাৰকে ধৰি বহু খাদ্য সামগ্ৰী প্ৰস্তুত কৰি সমাদৃত হ'বলৈ সক্ষম হৈছে । হয়, আজি আমি কাঠফুলাৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ এগৰাকী মহিলাৰ বিষয়ে ক'ব বিচাৰিছো । জিলাখনৰ খোৱাং সমষ্টিৰ অন্তৰ্গত বিনৈগুটীয়া গাঁৱৰ জ্যোৎস্না গগৈ নামৰ মহিলাগৰাকীয়ে নিজে জৈৱিকভাৱে কাঠফুলাৰ খেতি কৰি কাঠফুলাৰ পৰা নিত্য ব্যৱহাৰ্য বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।

কাঠফুলাৰ খেতিৰে স্বাৱলম্বী হোৱা জ্যোৎস্না গগৈ (ETV Bharat Assam)
SELF RELIANT BY  MUSHROOM CULTIVATION
কাঠফুলাৰ পৰা চাবোন, মিঠাই, আচাৰ প্ৰস্তুত কৰা জ্যোৎস্না গগৈ (ETV Bharat Assam)

বৰ্ণিল যাত্ৰাৰ আৰম্ভণি :

এনে সাফল্য়ৰ বাবে তেওঁ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । সুৰুজমুখী নামৰ এটা বেচৰকাৰী সন্থাৰ পৰা প্ৰশিক্ষণ লৈ ২০২১ চনৰ পৰা কাঠফুলাৰ খেতি কৰি আহিছে মহিলাগৰাকীয়ে । কাঠফুলাৰ পৰা বৰ্তমান তেওঁ চাবোন, মিঠাই, আচাৰ, প্ৰ'টিনকে ধৰি বহু খাদ্য সামগ্ৰী প্ৰস্তুত কৰিছে । জিলাখনৰ বিভিন্ন বজাৰৰ লগতে অসমৰ ভিন্ন প্ৰান্তত অসম চৰকাৰে অনুষ্ঠিত কৰা মেলাসমূহত তেওঁৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰি আহিছে । প্ৰাৰ্থনা এণ্টাৰপ্ৰাইজ নামৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আন ৬ গৰাকী মহিলাক সংস্থাপন দিয়া জ্যোৎস্না গগৈক অসম চৰকাৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে ।

SELF RELIANT BY  MUSHROOM CULTIVATION
কাঠফুলাৰ পৰা চাবোন, মিঠাই, আচাৰ প্ৰস্তুত কৰা জ্যোৎস্না গগৈ (ETV Bharat Assam)
SELF RELIANT BY  MUSHROOM CULTIVATION
এডভান্টেজ অসমত অংশগ্ৰহণ জ্যোৎস্না গগৈৰ (ETV Bharat Assam)

কাঠফুলাৰ প্ৰতি দেশ-বিদেশৰ লোকো হৈছে আকৰ্ষিত :

উৎপাদিত কাঠফুলা বিক্ৰীৰ ক্ষেত্ৰত গ্ৰাহকৰ অভাৱ হোৱাৰ দিনাই বিকল্প সপোন দেখা জ্যোৎস্না গগৈ এতিয়া ক্ষুদ্ৰ উদ্যোগী হিচাপে নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে । তেওঁৰ উৎপাদনমুখী চিন্তা আৰু উদ্যমেৰে কৰ্মসংস্কৃতিৰ নিদৰ্শন দাঙি ধৰাৰ বাবে বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে তেওঁক সন্মান যাচিছে । কাঠফুলাৰ পৰা প্ৰস্তুত কৰা চাবোন, মিঠাই, আচাৰ, প্ৰ'টিনকে ধৰি বিভিন্ন খাদ্য সামগ্ৰীসমূহ সমাদৃত হোৱাত অসমৰ লগতে দিল্লী, আমেৰিকা আদি ভিন্ন ঠাইৰ ব্যক্তিয়ে জ্যোৎস্না গগৈৰ বাসগৃহলৈ আহি এই সামগ্ৰীসমূহ প্ৰস্তুত কৰা প্ৰক্ৰিয়াৰ বুজ লৈছে ।

SELF RELIANT BY  MUSHROOM CULTIVATION
কাঠফুলাৰ পৰা চাবোন, মিঠাই, আচাৰ প্ৰস্তুত (ETV Bharat Assam)
SELF RELIANT BY  MUSHROOM CULTIVATION
প্ৰদৰ্শনীত জ্যোৎস্না গগৈৰ বিপণি (ETV Bharat Assam)

গ্ৰাহক নোহোৱাত আৰম্ভ হৈছিল বিকল্প চিন্তা:

কাঠফুলাৰ পৰা বিভিন্ন খাদ্য সামগ্ৰী, চাবোন নিৰ্মাণ কৰি ৰাজ্যত চৰ্চা লাভ কৰা উদ্যমী মহিলা জ্যোৎস্না গগৈৰ পৰা তেওঁৰ কৰ্ম-সংস্কৃতিৰ কথা জানিব বিচৰাত তেওঁ কয়, "২০২১ চনৰ পৰাই মোৰ ঘৰতে কাঠফুলাৰ খেতি কৰিবলৈ আৰম্ভ কৰিছিলো; কিন্তু কাঠফুলা বিক্ৰীৰ বাবে যেতিয়া উৎপাদন হয় তেতিয়া বিক্ৰী কৰিবলৈ সক্ষম হোৱা নাছিলো। যিহেতু গাঁও অঞ্চলত আমি কাঠফুলাৰ খেতি কৰিছিলো, সেয়ে গ্ৰাহকৰ সমস্যা হৈছে । তেনে এটা পৰিস্থিতিত কাঠফুলাৰ পৰা বিকল্প চিন্তা আৰম্ভ কৰিছিলো । প্ৰথমে একো জনা নাছিলো যদিও চিন্তা কৰিছিলো উৎপাদিত কাঠফুলাসমূহৰ পৰা নতুন কিবা এটা কৰাৰ বাবে । সেই সময়ত ডিব্ৰুগড়ত হোৱা কেইবাটাও প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলো আৰু তাতে এনেধৰণৰ সামগ্ৰী নিৰ্মাণ কৰাৰ বাবে আভাস দিয়ে ।"

SELF RELIANT BY  MUSHROOM CULTIVATION
কাঠফুলাৰ খেতিৰে স্বাৱলম্বী হোৱা জ্যোৎস্না গগৈ (ETV Bharat Assam)
SELF RELIANT BY  MUSHROOM CULTIVATION
প্ৰদৰ্শনীত জ্যোৎস্না গগৈৰ বিপণিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (ETV Bharat Assam)

কি কি সামগ্ৰী কাঠফুলাৰ পৰা প্ৰস্তুত কৰা হৈছে:

জ্যোৎস্না গগৈয়ে এতিয়া কাঠফুলাৰ পৰা খাদ্যৰ লগতে আন সামগ্ৰী প্ৰস্তুত কৰি ক্ষুদ্ৰ উদ্যোগী হিচাপে পৰিচিত হৈছে । জ্যোৎস্না গগৈয়ে কয়, "কাঠফুলাৰ পৰা খুৰমা, আচাৰ, চাবোন, শুকান কাঠফুলা, লস্কৰাৰ লগতে আন কেইবাটাও মিঠাই প্ৰস্তুত কৰি ৰাইজৰ বাবে মুকলি কৰি দিছো । ৰাইজৰ মাজত ভাল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে এই সামগ্ৰীসমূহে । এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰৰ বাবে আগ্ৰহী হৈছে সেই কথাই আমাক উৎসাহিত কৰিছে । সামগ্ৰীসমূহ প্ৰস্তুত কৰিবলৈ নিজৰ ঘৰতে উৎপাদিত হোৱা কাঠফুলা ব্যৱহাৰ কৰাৰ লগতে যিসকলে জৈৱিকভাৱে খেতি কৰিছে তেওঁলোকৰ পৰাও অনা হয় ।‌"

SELF RELIANT BY  MUSHROOM CULTIVATION
প্ৰদৰ্শনীত জ্যোৎস্না গগৈৰ বিপণি (ETV Bharat Assam)
SELF RELIANT BY  MUSHROOM CULTIVATION
প্ৰদৰ্শনীত জ্যোৎস্না গগৈৰ বিপণিত মন্ত্ৰী বিমল বড়া (ETV Bharat Assam)

কেনেকৈ বিক্ৰী কৰা হয় ?

বিনৈগুটীয়া গাঁৱৰ দৰে অতি ভিতৰুৱা গাঁৱৰ পৰিৱেশত আৰম্ভ হোৱা এই উৎপাদনশীল কৰ্মই বহুতকে কৰ্ম-সংস্কৃতিৰ প্ৰতি অনুপ্ৰাণিত কৰিছে ।‌ কাঠফুলাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীসমূহ বিক্ৰী কৰা সম্পৰ্কে জ্যোৎস্না গগৈয়ে কয়, "চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন্ন অনুষ্ঠানৰ লগত জড়িত কৰি বাণিজ্য মেলা অনুষ্ঠিত কৰে । সেই মেলাসমূহত সামগ্ৰীসমূহ বিক্ৰী কৰা হয় । গুৱাহাটী,বজালি,মাজুলীৰ লগতে উজনিৰ প্ৰতিখনৰ জিলাত সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ যোৱা হয় । "

SELF RELIANT BY  MUSHROOM CULTIVATION
কাঠফুলাৰ খেতিৰে স্বাৱলম্বী হোৱা জ্যোৎস্না গগৈ (ETV Bharat Assam)
SELF RELIANT BY  MUSHROOM CULTIVATION
উদ্যমী মহিলা হিচাপে সম্বৰ্ধনা ডিব্ৰুগড় জিলা প্ৰশাসনৰ (ETV Bharat Assam)

এডভাণ্টেজ আছামত অংশগ্ৰহণ:

জ্যোৎস্না গগৈয়ে গুৱাহাটীত অনুষ্ঠিত এডভাণ্টেজ আছামৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছিল । এই সন্দৰ্ভত, তেওঁ কয়, "এডভাণ্টেজ আছামত খুব ভাল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিলো । বিশেষকৈ কাঠফুলাৰ পৰা প্ৰস্তুত কৰা চাবোনে বেছি বিক্ৰী হৈছিল । এডভাণ্টেজ আছামত ৪৫ হাজাৰ সামগ্ৰী বিক্ৰী হৈছিল । চৰকাৰৰ আমন্ত্ৰণত এডভাণ্টেজ আছামত অংশগ্ৰহণ কৰিবলৈ পাই বহু মানুহৰ লগত চিনাকি হোৱাৰ লগতে সামগ্ৰীসমূহৰ কথা ক'বলৈ সুযোগ সুবিধা লাভ কৰিলো ।"

SELF RELIANT BY  MUSHROOM CULTIVATION
জ্যোৎস্না গগৈয়ে প্ৰস্তুত কৰা মিঠাই, আচাৰৰ সোৱাদ লৈছে বিদেশী পৰ্যটক (ETV Bharat Assam)
SELF RELIANT BY  MUSHROOM CULTIVATION
জ্যোৎস্না গগৈয়ে প্ৰস্তুত কৰা মিঠাই, আচাৰৰ সোৱাদ লৈছে বিদেশী পৰ্যটক (ETV Bharat Assam)

স্বাৱলম্বিতাৰ পথত প্ৰত্যাহ্বান থাকিবই:

বহু মহিলাৰ বাবে এতিয়া আদৰ্শ জ্যোৎস্না গগৈ । অসম চৰকাৰৰ লগতে বিভিন্ন সংস্থাসমূহে জ্যোৎস্না গগৈক প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ দি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ খেতি আৰু কাঠফুলাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ ওপৰত প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে । জ্যোৎস্না গগৈয়ে মহিলাসকলৰ লগতে নতুন প্ৰজন্মক আহ্বান জনাই কয়, "আমি যিহেতু পূৰ্ণাংগ শৰীৰ লৈ জন্মলাভ কৰিছো গতিকে নিজৰ ভৰিত থিয় দি জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগে ।‌ নিজক স্বাৱলম্বী কৰিবলৈ হ'লে সন্মুখত প্ৰত্যাহ্বান থাকিবই; কিন্তু তাক অতিক্ৰম কৰি যাব পাৰিব লাগিব । যি কাম কৰে সেইটো ভালদৰে সময়ৰ সদ্ব্যৱহাৰ কৰি কৰিব লাগিব ।"

লগতে পঢ়ক:অসমত প্ৰথমবাৰৰ বাবে দুগ্ধ কাঠফুলাৰ খেতি কৰা যুৱকৰ সৈতে এখন্তেক - MUSHROOM CULTIVATION

কাঠফুলা বুলি ক’লে নাখায় মাছৰুম বুলিলেহে খায় একাংশ মানুহে: এজন কৃষকৰ মনৰ কথা - MUSHROOM FARMING