ETV Bharat / business

একে ৰাতিতে সৃষ্টি হোৱা 'মৌপ্ৰিয়া'ই অসমীয়া সমাজলৈ দিছে বজাৰ দখলৰ বাৰ্তা

এগৰাকী সংবাদকৰ্মী তথা শিক্ষিত যুৱতীয়ে যোৰহাটত আৰম্ভ কৰিছে পদপথৰ সংগ্ৰাম । ফলৰ ৰস আৰু চালাড বিক্ৰী কৰি সমাজলৈ দিছে আত্মনিৰ্ভৰশীলতাৰ বাৰ্তা ।

Jorhat Moupriya juice corner
'মৌপ্ৰিয়া'ই অসমীয়া সমাজলৈ দিছে বজাৰ দখলৰ বাৰ্তা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 21, 2025 at 4:20 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : "এয়া আমাৰ আন্দোলন, কৰ্ম সংস্কৃতিৰ আন্দোলন । পথাৰ আৰু বজাৰ, কথাত নহয়: হ'ব কামেৰেহে । কথাৰ চিঞৰে নহয় ! কামৰ চিঞৰে হওঁক আমাৰ পৰিচয় যে আমি অসমীয়া ।" এই শ্ল'গানেৰে আৰম্ভ হৈছিল 'মৌপ্ৰিয়া' । এখন ফলৰ ৰসৰ বিপণি । এগৰাকী শিক্ষিত অসমীয়া যুৱতীৰ চিন্তাৰ ফল এই মৌপ্ৰিয়া ।

একাংশৰ মনত থকা চাকৰিৰ ধাৰণাক নস্যাৎ কৰি এক অনন্য উদাহৰণ দাঙি ধৰিছে যোৰহাটৰ এইগৰাকী উচ্চশিক্ষিত যুৱতী প্ৰিয়দর্শিনী হাজৰিকাই । ইংৰাজী আৰু পৰিৱেশ্য কলা এই দুটা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰিয়দর্শিনী বৰ্তমান যোৰহাটৰ এটা স্থানীয় সংবাদ মাধ্যমত কৰ্মৰত ।

যোৰহাটৰ সাংবাদিকৰ ফলৰ ৰসৰ বিপণি (ETV Bharat)

নিজৰ সপোন বাস্তৱত পৰিণত কৰা আৰু অসমীয়াই কেনেদৰে বজাৰ দখল কৰিব লাগে সেই আৰ্হি আগত ৰাখি পদপথতে আৰম্ভ কৰিছে বজাৰ দখলৰ আন্দোলন । ৰাজপথৰ আন্দোলনৰ বাবে তেওঁ বাছি ল'লে এক সজীৱ আৰু স্বাস্থ্যকৰ বিকল্প ফ্ৰুটছ চালাড আৰু ফলৰ ৰসৰ বিপণি ।

যোৰহাট চহৰৰ নেহৰু পাৰ্কৰ সন্মুখতে তেওঁ আৰম্ভ কৰিছে মৌপ্ৰিয়া নামৰ এখন সৰু বিপণি । য'ত উপলব্ধ স্বাস্থ্যকৰ আৰু সতেজ ফলৰ ৰস আৰু চালাড । কেৱল ব্যৱসায় নহয়, মৌপ্ৰিয়া হৈছে তেওঁৰ সৃষ্টিশীলতাৰ এক পৰিচায়ক । যোৰহাটবাসীৰ বাবে মৌপ্ৰিয়া কেৱল এখন ফলৰ ৰসৰ বিপণি নহয়, ই হৈছে এগৰাকী যুৱতীৰ এক সাহসী পদক্ষেপ, আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত এক অনুপ্ৰেৰণা ।

Jorhat Moupriya juice corner
যোৰহাটৰ মৌপ্ৰিয়ালৈ গ্ৰাহকৰ সঁহাৰি (ETV Bharat)

বজাৰ আমাৰ, পথাৰ আমাৰ এই সংগ্ৰামখনত জপিয়াই পৰা প্ৰিয়দৰ্শিনী হাজৰিকাই এই সন্দৰ্ভত কয়, "মৌপ্ৰিয়া এটা ৰাতিত সৃষ্টি হোৱা মোৰ এক সপোন । ইয়াত আপুনি পাব সুস্বাদু, স্বাস্থ্যসন্মত আৰু জৈৱিক ফলৰ ৰস আৰু ফ্ৰুটছ চালাড । কাৰণ মই উপলব্ধি কৰিলো ফলৰ ৰসৰ দোকান বহু কম । মোৰ ইয়াত উপলব্ধ সকলোবোৰ ফলৰ ৰস আৰু ফ্ৰুটছ চালাড অৰ্গেনিক আৰু মই নিজে ঘৰতে ইয়াক প্ৰস্তুত কৰোঁ ।" তেওঁ লগতে কয়, "আমি যদি বজাৰ দখল কৰো তেতিয়া নিজেই বিদেশীয়ে আমাৰ ঠাই এৰিব । আমাৰ ল'ৰা-ছোৱালীয়ে কষ্ট কৰিবলৈ টান পায়, সহজ পথৰ সন্ধানত থাকে, কিন্তু তাৰ মাজতে বহু অসমীয়া ল'ৰা-ছোৱালী এতিয়া ওলাই আহিবলৈ লৈছে ।"

Jorhat Moupriya juice corner
মৌপ্ৰিয়াৰ স্বত্বাধিকাৰী প্ৰিয়দৰ্শিনী হাজৰিকা (ETV Bharat)

প্ৰিয়দৰ্শিনীয়ে নিজৰ ব্যস্ততাপূৰ্ণ কেৰিয়াৰৰ কথা উল্লেখ কৰি কয়, "মই সংবাদ ক্ষেত্ৰখনত সময় দিয়াৰ সমান্তৰালকৈ আৰু দুই এটা ব্যৱসায় চলাই আছো । কষ্ট কৰিলে সকলো কামে সহজ হৈ পৰে, কামৰ সৰু বৰ নাই, মোৰ ধাৰণা- ৰাস্তাতে বেছি পইচা আছে । মোৰ লাজটো ক'ম কিন্তু সাহসটো বেছি ।"

আনহাতে প্ৰিয়দৰ্শিনীৰ পদপথৰ এই সংগ্ৰামক প্ৰশংসা কৰি সহযোগী এজন যুৱ ব্যৱসায়ীয়ে কয়, "আগতে আমাৰ অসমীয়া ল'ৰা-ছোৱালীবোৰক এলেহুৱা বুলি কৈছিল, কিন্তু এতিয়া বহু অসমীয়া যুৱক-যুৱতী বজাৰলৈ ওলাই আহিছে । প্ৰিয়দৰ্শিনীয়ে ৰাজপথত আৰম্ভ কৰা কৰ্মসংস্কৃতি আন্দোলনক কৃতজ্ঞতা জ্ঞাপন কৰিছো, কাৰণ আমি চিঞৰি থাকিলে নহ'ব বজাৰ আমাৰ, পথাৰ আমাৰ বুলি । সেয়া কামৰ চিঞৰৰ মাজেৰে আগবাঢ়ি যাব লাগিব । অসমীয়া ব্ৰেণ্ডে বজাৰ দখল কৰিব লাগিব ।"

প্ৰিয়দৰ্শিনীৰ এই কামক যোৰহাটৰ বহু সচেতন নাগৰিকেও আদৰণি জনাইছে আৰু কৈছে যে সঁচাকৈয়ে কেৱল পথাৰ আমাৰ বজাৰ আমাৰ বুলি ক'লেই নহ'ব, প্ৰিয়দৰ্শিনীৰ দৰে অসমীয়া যুৱক-যুৱতী ওলাই আহিব লাগিব ।

লগতে পঢ়ক :বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ মহৰ্ষি তুহিন কাশ্যপৰ ‘কক কক ককক’ - MAHARISHI TUHIN KOK KOK KOKOOOK