নাৰী দিৱস ২০২৫ : জানো আহক, মহিলাৰ বাবে ৰূপায়িত চৰকাৰী আঁচনিৰ বিষয়ে
মহিলাসকলৰ কৃতিত্বক সন্মান জনোৱাৰ উদ্দেশ্য প্ৰতি বছৰে ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় ।

Published : March 8, 2025 at 1:26 PM IST
নতুন দিল্লী : মহিলাসকলৰ সাফল্যক সন্মান জনোৱাৰ লগতে লিংগ সমতাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয় । এইবাৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ২০২৫ৰ বিষয়বস্তু হৈছে ‘‘ক্ৰিয়া ত্বৰান্বিত ।’’ এই বিষয়বস্তুসমূহ হৈছে মহিলাৰ উন্নতিৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলোৱা কৌশল, সম্পদ আৰু কাৰ্যকলাপসমূহ ৰূপায়ণক স্বীকাৰ আৰু সমৰ্থন কৰাৰ বাবে বিশ্বজুৰি এক আহ্বান ।
ভাৰতবৰ্ষত মহিলাসকলক সমাজত উচিত স্থান দিবলৈ যোৱা কেইবছৰমানৰ পৰা চৰকাৰে বহু আঁচনি আৰম্ভ ৰূপায়ণ কৰিছে । এই আঁচনিসমূহৰ লক্ষ মহিলাৰ গুৰুত্বক স্বীকাৰ কৰা আৰু তেওঁলোকক অধিক শক্তিশালী কৰা ৷
- মহিলাৰ বাবে আঁচনি :-
1. উজ্জ্বলা আঁচনি
২০১৬ চনৰ মে’ মাহত আৰম্ভ হোৱা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা(PMUY)ৰ মূল উদ্দেশ্য হৈছে BPL পৰিয়ালসমূহক বিনামূলীয়া গেছৰ সংযোগ আৰু ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰ প্ৰদান কৰা । চৰকাৰে প্ৰথমে দৰিদ্ৰ পৰিয়ালক পাঁচ কোটি LPG সংযোগ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল, যিটো আঠ কোটিলৈ বৃদ্ধি কৰা হৈছিল । এই লক্ষ্য ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত, নিৰ্ধাৰিত সময়ৰ সাত মাহ আগতেই পূৰণ কৰা হৈছিল ।
2. বেটী বচাও বেটী পঢ়াও
২০১৫ চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা বেটী বচাও বেটী পঢ়াও(BBBP) আঁচনিৰ লক্ষ্য হৈছে ভাৰতত বিশেষকৈ লিংগ ভেদভাব দূৰ কৰা । সুকন্যা সমৃদ্ধি যোজনা (SSY) BBBP ৰ এটা অংশ, যাৰ অধীনত অভিভাৱকসকলে নিজৰ নৱজাত কন্যা সন্তানৰ বাবে বেংক একাউণ্ট খুলিব পাৰে।
3. মিছন ইন্দ্ৰধনু
মিছন ইন্দ্ৰধনু ভাৰতৰ মহিলা সবলীকৰণৰ বাবে ৰূপায়ণ কৰা এক অভিলাষী চৰকাৰী আঁচনি । এই আঁচনিৰ অধীনত চৰকাৰে গৰ্ভৱতী মহিলা আৰু শিশুৰ সম্পূৰ্ণ টিকাকৰণ নিশ্চিত কৰে।
4. প্ৰধানমন্ত্ৰীৰ মাতৃ বন্দনা আঁচনি
গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃক (পি ডব্লিউ এণ্ড এল এম) পৰিয়ালটোৰ প্ৰথমটো জীৱিত সন্তানৰ বাবে তিনিটা কিস্তিত ৫ হাজাৰ টকাৰ নগদ ধনৰাশি প্ৰদান কৰা হয় । যদিহে তেওঁলোকে নিৰ্দিষ্ট চৰ্ত পূৰণ কৰে ।
5. কিশোৰী শক্তি যোজনা
এই আঁচনিৰ লক্ষ্য হৈছে ১১-১৮ বছৰ বয়সৰ কিশোৰীৰ পুষ্টি আৰু স্বাস্থ্যৰ অৱস্থা আৰু আত্মবিকাশৰ উন্নতি সাধন কৰা । ইয়াৰ উপৰিও কিশোৰীক অন্যান্য জীৱন দক্ষতা উন্নত/উন্নীতকৰণৰ বাবে প্ৰশিক্ষণ আৰু সজ্জিত কৰাত সহায় কৰে ।
6. মুদ্ৰা আঁচনি
PMMY (প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা)-এ ক্ষুদ্ৰ ব্যৱসায়ীক ২০ লাখ টকা পৰ্যন্ত জামিনবিহীন ঋণ প্ৰদান কৰে (২৪-২৫ বাজেটত সীমা বৃদ্ধি কৰা হৈছে)।
7. ঘৰুৱা হিংসাৰ পৰা সুৰক্ষা
ঘৰুৱা হিংসাৰ সমাধানৰ বাবে নিষেধাজ্ঞাসহ সুৰক্ষা বিষয়াই মধ্যস্থতা সেৱা প্ৰদান কৰে ৷
- আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ গুৰুত্ব :-
১৯৭৫ চনত ৰাষ্ট্ৰসংঘই প্ৰথমবাৰৰ বাবে ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰে । তেতিয়াৰ পৰাই ৰাষ্ট্ৰসংঘই এই বাৰ্ষিক অনুষ্ঠানৰ প্ৰধান পৃষ্ঠপোষক হৈ পৰে আৰু বিশ্বৰ দেশসমূহক ইয়াক গ্ৰহণ কৰিবলৈ উৎসাহিত কৰি আহিছে ।

