ETV Bharat / business

আন্তঃৰাষ্ট্ৰীয় বজাৰত বাঢ়িছে ভাৰতীয় 'গোলি চডা' ৰ সমাদৰ - INDIAS ICONIC GOLI SODA

ভাৰতৰ পৰম্পৰাগত গোলি চডাৰ নতুন সংস্কৰণে আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট সমাদৰ লাভ কৰিছে ।

Indias iconic Goli Soda
আন্তঃৰাষ্ট্ৰীয় বজাৰত বাঢ়িছে ভাৰতীয় 'গোলি চডা'ৰ সমাদৰ (X@APEDA)
author img

By ETV Bharat Assamese Team

Published : March 23, 2025 at 5:17 PM IST

4 Min Read

নতুন দিল্লী: ভাৰতৰ এক পৰম্পৰাগত পানীয় হৈছে গোলি চডা । ভাৰতত এই পানীয়ৰ বিশেষ জনপ্ৰিয়তা আছে ।

অৱশ্যে ভাৰতৰ উপৰিও গোলি চডা আমেৰিকা, ইউকে, ইউৰোপ আৰু গাল্ফকে ধৰি মুখ্য আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহত এক শক্তিশালী সঁহাৰি লাভ কৰিছে । গ্ৰাহকৰ পচন্দৰ পানীয় হৈ পৰিছে এই গোলি চডা ৷ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে দেওবাৰে এক চৰকাৰী বিবৃতিত এই কথা উল্লেখ কৰি ইয়াক কৌশলগত সম্প্ৰসাৰণ আৰু উদ্ভাৱনীমূলক বাণিজ্যিক বৃদ্ধি বুলি দাবী কৰিছে ।

Indias iconic Goli Soda
আন্তঃৰাষ্ট্ৰীয় বজাৰত বাঢ়িছে ভাৰতীয় 'গোলি চডা'ৰ সমাদৰ (X@APEDA)

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি বিকাশ প্ৰাধিকৰণে (এ পি ই ডি এ) পৰম্পৰাগত ভাৰতীয় গোলি চডাৰ বিশ্বব্যাপী পুনৰুত্থানৰ কথা ঘোষণা কৰে, যাক গোলি পপ চডা হিচাপে নতুনকৈ নামাকৰণ কৰা হৈছিল ।

এ পি ই ডি এয়ে বিবৃতিটোত কয়, "এসময়ত ঘৰুৱা বাণিজ্যত মুখ্য ভূমিকা পালন কৰা এই আইক’নিক পানীয়টোৱে ইয়াৰ উদ্ভাৱনীমূলক পুনৰ উদ্ভাৱন আৰু কৌশলগত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰসাৰণৰ দ্বাৰা বিশ্বৰ মঞ্চত এক উল্লেখযোগ্য প্ৰত্যাৱৰ্তন কৰিছে" ৷

গোলি চডাৰ নতুন ৰূপ

বিবৃতিত কোৱা হৈছে যে আমেৰিকা, বৃটেইন, ইউৰোপ আৰু গ’ল্ফ দেশসমূহলৈ সফল পৰীক্ষণ ৰপ্তানিৰ সৈতে পানীয়টোৱে ইতিমধ্যে বিশ্বৰ বজাৰত শক্তিশালী প্ৰৱেশ কৰিছে । কোৱা হৈছে, "ফেয়াৰ এক্সপ’ৰ্টছ ইণ্ডিয়াৰ সৈতে এক কৌশলগত অংশীদাৰিত্বত গ’ল্ফ অঞ্চলৰ অন্যতম বৃহৎ খুচুৰা শৃংখলা লুলু হাইপাৰ মাৰ্কেটলৈ সুস্থিৰ বিতৰণ নিশ্চিত কৰিছে । লুলু আউটলেটবোৰত হাজাৰ হাজাৰ বটল মজুত কৰা হৈছে, যাৰ এক অত্যধিক ইতিবাচক সঁহাৰি পোৱা গৈছে ।"

বৃটেইনত গোলি পপ চডা দ্ৰুতগতিত গ্ৰাহকৰ পচন্দৰ হৈ পৰিছে । গ্ৰাহকসকলে পৰম্পৰাগত ভাৰতীয় সোৱাদৰ সংমিশ্ৰণক এক আধুনিক জুতিৰে গ্ৰহণ কৰা হৈছে । বিবৃতিত কোৱা হৈছে, ‘‘এই উন্নয়নে বিশ্বৰ মঞ্চত ভাৰতৰ সমৃদ্ধ পানীয় ঐতিহ্য প্ৰদৰ্শনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপক নেতৃত্ব দিছে’’ ।

ব্যতিক্ৰমী উপস্থাপন

২০২৫ চনৰ ৪ ফেব্ৰুৱাৰীত এ বি এন এন-ৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত গোলি পপ চডাৰ আনুষ্ঠানিক গোলকীয় ৰপ্তানিৰ ফ্লেগ-অফ কৰা হৈছিল । এ পি ই ডি এয়ে সেই অনুষ্ঠানৰ কথাও স্মৰণ কৰে ।

বিবৃতিত কোৱা হৈছে অনুষ্ঠানটোৱে প্ৰামাণিক, উচ্চ মানদণ্ডৰ সামগ্ৰীৰ প্ৰচাৰ আৰু আন্তঃৰাষ্ট্ৰীয় পানীয় বজাৰত ইয়াৰ উপস্থিতি শক্তিশালী কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে । বিবৃতিত উল্লেখ কৰিছে, "বহুজাতিক পানীয় কোম্পানীৰ আধিপত্যৰ বাবে প্ৰায় নাইকিয়া হোৱা গোলি চডাৰ পুনৰুজ্জীৱিতকৰণে প্ৰামাণিক, ঘৰুৱা খাদ্য আৰু পানীয় সামগ্ৰীৰ প্ৰচাৰ আৰু ৰপ্তানিৰ বাবে ভাৰতৰ প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে কাম কৰে ।"

আধুনিক পেকেজিঙৰ সৈতে নষ্টালজিয়া মিহলি কৰি, গোলি পপ চডাই বিশ্বব্যাপী সমসাময়িক গ্ৰাহকসকলৰ বাবে এই প্ৰিয় পানীয়ৰ সাৰাংশ সফলতাৰে পুনৰ প্ৰৱৰ্তন কৰিছে বুলিও কোৱা হৈছে ।

অভিনৱ পেকেজিঙৰ সৈতে গোলি পপ চডা ব্যতিক্ৰমী হৈছে । য'ত এক অনন্য পপ অপেনাৰ আছে । এই চিন্তাশীল নতুন ৰূপে আন্তৰ্জাতিক বজাৰসমূহক আকৰ্ষিত কৰিছে । পানীয়টোক এক ৰোমাঞ্চকৰ আৰু ট্ৰেণ্ডি সামগ্ৰী হিচাপে স্থান দিছে ।

ইয়াৰ উপৰিও ২০২৫ চনৰ ১৭-১৯ মাৰ্চত অনুষ্ঠিত ইণ্টাৰনেশ্যনেল ফুড এণ্ড ড্ৰিংক ইভেণ্ট (আই এফ ই) লণ্ডন ২০২৫-ত এ পি ই ডি এয়ে গোলি পপ চডাক প্ৰদৰ্শন কৰা হৈছিল । এই অনুষ্ঠানটোৱে ভাৰতীয় উদ্যোগী আৰু ৰপ্তানিকৰ্তাসকলক আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাৰ সৈতে সংযোগ স্থাপন কৰাৰ লগতে নতুন ব্যৱসায়িক সহযোগিতা অন্বেষণ আৰু বিশ্বব্যাপী ভাৰতৰ বিবিধ কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰীৰ প্ৰচাৰৰ বাবে এক মঞ্চ প্ৰদান কৰে । গোলি চডাৰ নতুন ৰূপ গোলি পপ চডা কেৱল পানীয় নহয় - ই ভাৰতৰ সমৃদ্ধ ৰন্ধন ঐতিহ্য আৰু জীৱন্ত পানীয় উদ্যোগৰ এক প্ৰমাণ ।

লগতে পঢ়ক : চিন্তাৰ কাৰণ নাই, প্ৰধানমন্ত্ৰী সৌৰঘৰৰ পৰা প্ৰতিমাহে উপাৰ্জন হ’ব কেবাহাজাৰ টকা... - PM SURYA GHAR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.