ETV Bharat / business

নিষ্ক্ৰিয় হৈ পৰিছে নেকি আপোনাৰ পানকাৰ্ড ? মিনিটৰ ভিতৰতে কৰক সক্ৰিয় অন্যথা ভৰিব লাগিব ১০ হাজাৰ টকা জৰিমনা - PAN CARD ACTIVATE

পানকাৰ্ড কেৱল আই টি আৰ দাখিলৰ বাবেই নহয়, বৰং যিকোনো ধৰণৰ আৰ্থিক লেনদেনৰ ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰা হয় ।

PAN CARD ACTIVATE
পানকাৰ্ডৰ প্ৰতীকী ফটো (Getty Image)
author img

By ETV Bharat Assamese Team

Published : June 8, 2025 at 2:33 PM IST

2 Min Read

নতুন দিল্লী: যদি আপুনি পানকাৰ্ড ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ বাবে আছে এটা গুৰুত্বপূৰ্ণ খবৰ ৷ যিসকলৰ পানকাৰ্ড নিষ্ক্ৰিয় কৰা হৈছে, তেওঁলোকে ভৰিব লাগিব ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা ৷ এই নিৰ্দেশ প্ৰদান কৰিছে আয়কৰ বিভাগে ৷

বহুলোকে নিজৰ পানকাৰ্ড বৈধ হয় নে নহয়, তাক জনাৰ সলনি পূৰ্বৰ দৰেই ব্যৱহাৰ কৰি আছে ৷

কাক বিহা হ’ব ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা ?

পানকাৰ্ড কেৱল আই টি আৰ দাখিলৰ বাবেই নহয়, বৰং বেংকিং, বিনিয়োগ, সম্পত্তি ক্ৰয়-বিক্ৰয়, ঋণ লোৱা আদি প্ৰতিটো গুৰুত্বপূৰ্ণ বিত্তীয় কামৰ বাবেও ব্যৱহাৰ কৰা হয় ।

যদি কাৰোবাৰ পানকাৰ্ড নিষ্ক্ৰিয় হৈ পৰে আৰু তেওঁ কাৰ্ডখন পুনৰ সক্ৰিয় নকৰে, তেন্তে আয়কৰ বিভাগে ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহিব পাৰে ।

পানকাৰ্ড সক্ৰিয় আছে নে নাই কেনেকৈ জানিব ?

  • ইয়াৰ বাবে আপুনি আয়কৰ বিভাগৰ ই-ফাইলিং ৱেবছাইট চাব লাগিব ।
  • তাত আপুনি তলত Quick Links বা Instant e-Services ত Verify your PAN ৰ বিকল্প পাব ।
  • ইয়াত আপুনি আপোনাৰ পান নম্বৰ, সম্পূৰ্ণ নাম, জন্ম তাৰিখ আৰু পান আৰু আধাৰৰ সৈতে সংযুক্ত ম’বাইল নম্বৰ দিব লাগিব ।
  • ইয়াৰ পিছত আপুনি এটা OTP পাব । ইয়াত ক্লিক কৰাৰ পিছত আপুনি চাব পাৰিব যে আপোনাৰ পানকাৰ্ড সক্ৰিয় হৈছে নে নাই ।

যদি আপোনাৰ পানকাৰ্ড নিষ্ক্ৰিয় হৈ আছে, তেন্তে কি কৰিব ?

যদি আপোনাৰ পানকাৰ্ড নিষ্ক্ৰিয় হয়, তেন্তে প্ৰথমে পৰীক্ষা কৰক যে ই আপোনাৰ আধাৰৰ সৈতে লিংক আছে নে নাই । যদি লিংক কৰা হোৱা নাই, তেন্তে তৎক্ষণাত লিংক কৰাওক । কেতিয়াবা ই লিংক কৰা হয় কিন্তু বৈধ নহয়, গতিকে এবাৰ ষ্টেটাছ পৰীক্ষা কৰক ।

যদি আপোনাৰ হাতত দুখন পানকাৰ্ড আছে বা ভুলতে ডুপ্লিকেট বনাইছে, তেন্তে তাৰে এখন জমা দিব লাগিব । যদি আপুনি বিচাৰে তেন্তে NDLS বা UTIITSL ৰ ৱেবছাইটৰ পৰাও এই অনুৰোধ কৰিব পাৰে ।

যদি আপুনি জৰিমনা ভৰিব নিবিচাৰে আৰু আপোনাৰ পান সম্পৰ্কীয় কোনো সমস্যা নাই, তেন্তে নিশ্চিতভাৱে আপোনাৰ পানৰ ষ্টেটাছ এতিয়াই পৰীক্ষা কৰক । এটা সৰু গাফিলতিয়ে আপোনাক ডাঙৰ বিপদত পেলাব পাৰে ।

লগতে পঢ়ক: হ্ৰাস পাব গৃহঋণৰ ই এম আই: চলিত বছৰত তৃতীয়বাৰৰ বাবে হ্ৰাস ৰেপো ৰেট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.