আপোনাৰ আধাৰ কাৰ্ডৰ ফটো কিদৰে সলনি কৰিব ? অনলাইন আপডেট সম্ভৱ নেকি ? জানক সবিশেষ - AADHAAR CARD PHOTO UPDATE
HOW TO CHANGE YOUR AADHAAR CARD PHOTO : বৰ্তমান সময়ত আমাৰ সকলোৰে বাবে আধাৰ কাৰ্ড এক গুৰুত্বপূৰ্ণ তথা প্ৰয়োজনীয় নথি ৷ আধাৰ কাৰ্ডে চৰকাৰী আৰু বেচৰকাৰী সেৱা লাভ, ৰাজসাহায্য, পেন্সন আদিৰ দৰে একাধিক ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পিছে আপোনাৰ আধাৰ কাৰ্ডৰ সালসলনি ঘটোৱাৰ ক্ষেত্ৰত আমি কি কৰিব লাগে সেয়াও জনাটো দৰকাৰী ৷ যদিহে আপোনাৰ আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব লগা হয় কেনেকৈ কৰিব ? জানো আহক...

Published : September 9, 2024 at 12:52 PM IST
নিউজ ডেস্ক, 9 ছেপ্টেম্বৰ : বৰ্তমান সময়ত আধাৰ কাৰ্ড আমাৰ সকলোৰে বাবে এক প্ৰয়োজনীয় নথি ৷ যিকোনো বিশেষ চৰকাৰী বা বেচৰকাৰী সা-সুবিধা লাভ কৰাৰ ক্ষেত্ৰত আধাৰ কাৰ্ডৰ থকাটো খুবেই জৰুৰী ৷ স্বাভাৱিকতেই আধাৰ কাৰ্ডৰ তথ্য সঠিক আৰু শুদ্ধ হোৱাটোও সমানেই গুৰুত্বপূৰ্ণ ৷ কিন্তু আধাৰ কাৰ্ডত যদি কিবা ভুল তথ্য সন্নিবিষ্ট হৈ থাকে, তেনেহ’লে তাক শুদ্ধ কৰাৰ প্ৰক্ৰিয়া সম্পৰ্কে আমাৰ বহুতৰে স্পষ্ট ধাৰণা নথকাৰ বাবে আমি বিপাঙত পৰিবলগীয়া হয় ৷
- UIDAI এ কি কি সুবিধা আগবঢ়ায় ?
ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ বা Unique Identification Authority of India (UIDAI) এ আপোনাৰ আধাৰ কাৰ্ডত থকা নিৰ্দিষ্ট বিৱৰণ যেনে আপোনাৰ নাম, জন্ম তাৰিখ, ফোন নম্বৰ আৰু ঠিকনা আপডেট কৰাৰ বিকল্প আগবঢ়ায় । এই সুবিধা অনুসৰি আপুনি আপোনাৰ জনগাঁথনিগত তথ্য যেনে যোগাযোগ নম্বৰ আৰু ঠিকনাৰ লগতে বায়োমেট্ৰিক ডাটাৰ বিৱৰণ- য'ত আপোনাৰ আইৰিছ (চকুৰ মণিবলয়) স্কেন, আঙুলিৰ ছাপ আৰু মুখমণ্ডলৰ ফটোগ্ৰাফ অন্তৰ্ভুক্ত থাকে, সংশোধন কৰিব পাৰে ।
- আপুনি আপোনাৰ আধাৰ ফটো অনলাইনযোগে সলনি কৰিব পাৰিবনে ?
বৰ্তমান সময়ত, অনলাইনৰ জৰিয়তে আপুনি আপোনাৰ আধাৰ ফটো আপডেট কৰিব নোৱাৰে । অন্যান্য বিৱৰণৰ পৰিৱৰ্তনৰ বাবে অনলাইন সুবিধা উপলব্ধ থাকিলেও, আপোনাৰ ফটো আপডেট কৰাৰ বাবে আপুনি আধাৰ সেৱা কেন্দ্ৰ (ASK) বা পঞ্জীয়ন কেন্দ্ৰ (Enrollment Centre) লৈ যাব লাগিব । আপোনাৰ আধাৰ কাৰ্ডৰ ফটো সলনি কৰিবলৈ আপুনি এই কেন্দ্ৰবোৰৰ যিকোনো এটালৈ ব্যক্তিগতভাৱে যোৱাৰ পিছত কিছুমান নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগিব ৷
লগতে পঢ়ক : আজিৰে পৰা সলনি হ'ল এইবোৰ নিয়ম... - NEW RULES FROM 1st SEPTEMBER
- আপোনাৰ আধাৰ কাৰ্ডৰ ফটো সলনি কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহ :-
- আধাৰ পঞ্জীয়ন কেন্দ্ৰলৈ যাওক : আপোনাৰ নিকটতম আধাৰ সেৱা কেন্দ্ৰলৈ যাওক ।
- এপইণ্টমেণ্ট বুক কৰক : যোৱাৰ আগতে অনলাইন বা অফলাইনযোগে আপোনাৰ এপইণ্টমেণ্ট বুক কৰক ।
- প্ৰপত্ৰখন পূৰণ কৰক : ফটো আপডেটৰ বাবে প্ৰয়োজনীয় প্ৰপত্ৰখন সম্পূৰ্ণ কৰক।
- প্ৰপত্ৰখন দাখিল কৰক : প্ৰপত্ৰখন কেন্দ্ৰৰ আধাৰ বিষয়াক অৰ্পণ কৰক ।
- ফটো আৰু বায়োমেট্ৰিক প্ৰমাণীকৰণ : বিষয়াই আপোনাৰ বায়োমেট্ৰিক বিৱৰণ পৰীক্ষা কৰিব আৰু আপোনাৰ নতুন ফটো তুলিব ।
- কোনো অতিৰিক্ত নথি-পত্ৰৰ প্ৰয়োজন নাই : আপোনাৰ ফটো সলনি কৰাৰ বাবে আপুনি কোনো অতিৰিক্ত নথি-পত্ৰ দাখিল কৰাৰ প্ৰয়োজন নাই ।
- 100 টকা পৰিশোধ কৰক : আপুনি ফটো আপডেটৰ বাবে প্ৰযোজ্য 100 টকাৰ মাচুল পৰিশোধ কৰিব লাগিব ।
- স্বীকৃতি স্লিপ লাভ কৰক : আপুনি আবেদন দাখিলৰ প্ৰমাণ হিচাপে এটা স্লিপ (Acknowledgment Slip) লাভ কৰিব ।
- ফটো আপডেট সময়সীমা : নতুন ফটোখন 90 দিনৰ ভিতৰত আপডেট কৰা হ'ব, যাৰ পিছত আপুনি আপডেটেড পিভিচি বা ডিজিটেল আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰে ।
- আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তা
বিভিন্ন ক্ষেত্ৰত আধাৰ কাৰ্ডে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ চৰকাৰী আৰু বেচৰকাৰী সেৱা, ৰাজসাহায্য, পেন্সন, জলপানি, সামাজিক লাভালাভ, বেংকিং, বীমা, কৰ, শিক্ষা, নিযুক্তি, আৰু স্বাস্থ্যসেৱা এই আটাইবোৰ ক্ষেত্ৰত যি কোনো সুবিধা বা লাভালাভৰ বাবে আধাৰ কাৰ্ড থকাটো খুবেই জৰুৰী ।

