ETV Bharat / business

২০২৪-২৫ বিত্তীয় বৰ্ষত ২৮০০ কোটি টকাৰ চাহ বিক্ৰী অসমৰ

যোৱা বছৰ গড় হিচাপত প্ৰতি কিলোগ্রাম চাহৰ মূল্য ২০০.০৮ টকা আছিল । চলিত বৰ্ষত প্রতি কিলোগ্রাম চাহৰ মূল্য হৈছে ২৫২.৮৩ টকা ।

Assam Tea Industry
পূৰ্বতকৈ অধিক দৰত চাহ বিক্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 17, 2024 at 5:38 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : সংকটৰ মাজতো ভাল খবৰ । ৰাজ্যখনত চাহ উদ্যোগৰ গভীৰ সংকট চলি থকাৰ কথা নতুন নহয় । সেইদৰে চাহ শ্ৰমিকৰ অনাদায় বকেয়া পৰিশোধ কৰিব নোৱৰাৰ বাবে অসম চাহ নিগমৰ সম্পত্তি বিক্ৰী কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিবলগীয়া হৈছে । এনে এক পৰিৱেশৰ মাজতো আশাৰ বতৰা যে গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ অধীনত চাহ ব্যৱসায়ীসকলে পূৰ্বতকৈ অধিক দৰত চাহ বিক্ৰী কৰাৰ সুবিধা পাইছে । এই কথা সদৰী কৰিছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ ক্ৰেতা সংঘৰ সাধাৰণ সম্পাদক দীনেশ বিহানীয়ে ।

এই প্ৰসংগত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ ক্ৰেতা সংঘৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "যোৱা বছৰটোত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে ১০২.৯২ নিযুত কিলোগ্রাম চাহ ২,০৫৯ কোটি টকাত বিক্রী হোৱাৰ বিপৰীতে এই বছৰ এতিয়ালৈকে ১১১.০৩ নিযুত কিলোগ্রাম চাহপাত ২,৮০০ কোটি টকাত বিক্ৰী হৈছে । জলবায়ু পৰিবৰ্তনৰ বাবে চলিত বৰ্ষত চাহৰ উৎপাদন পূৰ্বৰ তুলনাত হ্রাস পালেও চাহ নিলাম কেন্দ্ৰযোগে চাহ বিক্রীত অধিক দাম লাভ কৰাক লৈ চাহ ব্যৱসায়ীসকলৰ মাজলৈ উৎসাহ কঢ়িয়াই আনিছে ।"

Assam Tea Industry
পূৰ্বতকৈ অধিক দৰত চাহ বিক্ৰী (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "যোৱা বছৰ গড় হিচাপত প্ৰতি কিলোগ্রাম চাহৰ মূল্য ২০০.০৮ টকা লাভ কৰাৰ বিপৰীতে চলিত বৰ্ষত প্রতি কিলোগ্রাম চাহৰ মূল্য হিচাপে লাভ কৰিছে ২৫২.৮৩ টকা । সেই হিচাপে এইবাৰ চাহ ব্যৱসায়ীসকলে গড় হিচাপত প্রতি কিলোগ্রাম চাহৰ বিপৰীতে পূৰ্বতকৈ ৫২.৭৫ টকা বেছিকৈ লাভ কৰিছে । এই দৰ বৃদ্ধিয়ে ৰাজ্যৰ চাহ ব্যৱসায়ীসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে । এইবাৰ উত্তৰ-পূব ভাৰতৰ পৰা চাহৰ ৰপ্তানিও আগৰ তুলনাত বৃদ্ধি পাইছে ।"

তেওঁ লগতে কয়, "জলবায়ু পৰিবৰ্তনৰ বাবেই যোৱা বৰ্ষৰ তুলনাত এইবাৰ ৰাজ্যত চাহৰ উৎপাদন হ্ৰাস পাইছে । যোৱা বছৰ ডিচেম্বৰত ৯০.২০ নিযুত কিলোগ্রাম চাহ উৎপাদন হোৱাৰ বিপৰীতে এই বছৰ ছেপ্টেম্বৰত উৎপাদনৰ পৰিমাণ আছিল ৮৯.৯৮ নিযুত কিলোগ্রাম ।"

২০২৪-২৫ বিত্তীয় বৰ্ষত ২৮০০ কোটি টকাৰ চাহ বিক্ৰী

উল্লেখ্য যে যি সময়ত বতৰৰ পৰিৱৰ্তনকে ধৰি একাধিক কাৰণত অসমৰ চাহ উদ্যোগটো অস্তিত্বৰ সংকটত ভুগি আছে সেই সময়তে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ২০২৪-২৫ বিত্তীয় বৰ্ষত ২৮০০ কোটি টকাৰ চাহ বিক্ৰী হোৱাটো আশাৰ বতৰা । এই তথ্যই এটা কথাই স্পষ্ট কৰি দিছে যে হাজাৰ প্ৰতিকূলতাৰ মাজতো অসমৰ চাহে এতিয়াও নিজৰ গৌৰৱ আৰু মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম ।

বিগত বৰ্ষৰ তুলনাত এই বছৰ চাহৰ বিক্ৰী উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে । চাহ নিলাম কেন্দ্ৰই প্ৰকাশ কৰা মতে, চলিত বিত্তীয় বৰ্ষৰ অক্টোবৰ মাহলৈকে ১১১.০৩ নিযুত কেজি চাহ বিক্ৰী হৈছে গড়ে প্রতি কেজিত ২৫২ টকাকৈ । ইয়াৰ বিপৰীতে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ অক্টোবৰলৈকে ১০২.৯২ নিযুত কেজি চাহ বিক্ৰী হৈছিল গড়ে ২০০.০৮ টকাকৈ প্ৰতি কেজিত ।

Assam Tea Industry
পূৰ্বতকৈ অধিক দৰত চাহ বিক্ৰী (ETV Bharat Assam)

আনহাতে, বিগত বৰ্ষৰ তুলনাত এই বছৰ ৩১ নিযুত কেজি চাহ ৰপ্তানি কৰা হৈছে । সেইদৰে ৰাছিয়া, ইৰানকে ধৰি ইউৰোপৰ বহু দেশতো ভাৰতৰ চাহৰ চাহিদা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে । অসমৰ চাহ উদ্যোগ শক্তিশালী কৰাৰ স্বাৰ্থত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বাবেও এনে ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে বুলি দীনেশ বিহানীয়ে কয় । তেওঁ উল্লেখ কৰা মতে, অসমৰ অধিকাংশ চাহ বাগিচাই এতিয়া ডিজিটেল মাধ্যমেৰেহে শ্ৰমিকক মজুৰি প্ৰদান কৰে আৰু গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ সকলো কামেই ইতিমধ্যেই ডিজিটেল হৈছে ।

লগতে পঢ়ক:ৰাজকোষ উদং: বিধায়ক পুঁজিৰ দেখাদেখি নাই, চাহ নিগমৰ সম্পত্তিও নিলামৰ দিশে

বহিঃৰাজ্যৰ চাহপাতৰ বাবে বিশ্বত বদনাম হৈছে অসমৰ !