হায়দৰাবাদ: পৰ্যটনৰ প্ৰসাৰৰ বাবে মোদী চৰকাৰে ২০২৫-২৬ বৰ্ষৰ বাজেটত ৫০টা নতুন পৰ্যটনস্থলীৰ উন্নয়নৰ কথা ঘোষণা কৰিছে । এই পৰ্যটন স্থানসমূহ ৰাজ্যসমূহৰ সহযোগত উন্নয়ন কৰা হ’ব । কেন্দ্ৰীয় বাজেট ২০২৫ দাখিল কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, "ৰাজ্যৰ সৈতে অংশীদাৰিত্বৰে শীৰ্ষ ৫০ টা পৰ্যটন স্থান উন্নয়ন কৰাৰ লগতে হোমষ্টেলৈও মুদ্ৰা ঋণ প্ৰদান কৰা হ’ব ৷ ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বৰে ৫০টা পৰ্যটনস্থলী উন্নয়ন কৰা হ’ব ।"
বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে হোমষ্টেৰ বাবে মুদ্ৰা ঋণৰ উপৰিও হোটেলসমূহো এই সমন্বয় আঁচনিখনত অন্তৰ্ভুক্ত কৰা হ’ব । একাংশ বিদেশী পৰ্যটন গোটৰ বাবে ভিছা ৰেহাই থাকিব । সমন্বিত আঁচনিখনত হোটেলসমূহ অন্তৰ্ভুক্ত কৰা হ’ব আৰু ব্যক্তিগত খণ্ডৰ সৈতে অংশীদাৰিত্বৰে চিকিৎসা পৰ্যটন আৰু ‘‘হিল ইন ইণ্ডিয়া’’ৰ প্ৰচাৰ কৰা হ’ব । ভ্ৰমণ অভিজ্ঞতাক অধিক সুলভ কৰি তুলিবলৈ আৰু স্থানীয় অৰ্থনীতিক উন্নীত কৰিবলৈ বিত্তমন্ত্ৰীয়ে হোমষ্টেৰ বাবে মুদ্ৰা ঋণ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে । ইয়াৰ লগতে যুৱক-যুৱতীসকলৰ বাবে আতিথ্য খণ্ডত নিযোগক গুৰুত্ব দিয়া হ’ব ।
বিত্তমন্ত্ৰী সীতাৰমণে জোৰ দি কয় যে ভাৰতৰ বৈচিত্ৰময় ঐতিহ্য আৰু সাংস্কৃতিক স্থানসমূহে অৰ্থনৈতিক বিকাশৰ অপৰিসীম সম্ভাৱনা ৰাখিছে । ভগৱান বুদ্ধৰ জীৱন আৰু সময়ৰ সৈতে জড়িত স্থানসমূহৰ প্ৰতি চৰকাৰে বিশেষ গুৰুত্ব দিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে কয় ।
ইয়াৰ পূৰ্বে মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম বাজেটত ধৰ্মীয় পৰ্যটনস্থলীৰ প্ৰচাৰৰ বাবে ঘোষণা কৰা হৈছিল, য’ত বিহাৰৰ কাশীৰ মহাবোধী মন্দিৰ নিৰ্মাণৰ কথা ঘোষণা কৰা হৈছিল । এই লক্ষ্যক আগুৱাই লৈ গৈ বিত্তমন্ত্ৰীয়ে বৌদ্ধ স্থানসমূহৰ প্ৰচাৰৰ কথা কয় । তেওঁ লগতে কয় যে পশ্চিম কোছি খালৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব ৷ যাৰ ফলত বিহাৰৰ মিথিলাঞ্চল অঞ্চলৰ ৫০ হাজাৰ হেক্টৰ ভূমি উপকৃত হ’ব ।
লগতে পঢ়ক: আয়কৰত ডাঙৰ পৰিৱৰ্তন : বছৰি ১২ লাখ পৰ্যন্ত আয়ৰ ওপৰত নাথাকিব কোনো কৰ