ETV Bharat / business

১০ গ্ৰামত সোণৰ মৃল্য় ৭১,৭০০ টকাৰে নতুন অভিলেখ - Gold price record

Gold silver rates today: আজি ভাৰতত সোণ-ৰূপৰ মূল্যৰ বৃদ্ধি পাইছে । সোণৰ মূল্য ৭১,৭০০ টকা হৈছেগৈ প্ৰতি ১০ গ্ৰামত ।

Gold silver rates today
সোণ-ৰূপৰ মূল্য
author img

By ETV Bharat Assamese Team

Published : April 8, 2024 at 10:47 PM IST

2 Min Read
Choose ETV Bharat

নেশ্য়নেল ডেস্ক, ৮ এপ্ৰিল: নতুন দিল্লীত সোমবাৰে সোণৰ মূল্য়ই সৰ্বকালৰ অভিলেখ স্থাপন কৰে । এইচ ডি এফ চি চিকিউৰিটিজৰ মতে,মূল্যৱান ধাতুৰ সুৰক্ষিত চাহিদা বৃদ্ধি হোৱাৰ পিচত প্ৰতি ১০ গ্ৰামত ৩৫০ টকাকৈ বৃদ্ধি পোৱাত ইয়াৰ মূল্য় ৭১,৭০০ টকালৈ উৰ্ধমুখী হয় । হালধীয়া ধাতুবিধৰ মূল্য 2024ত প্ৰতি 10 গ্ৰামত 7,700 টকালৈ বৃদ্ধি হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইপিনে,ৰূপৰ মূল্যও ৮০০ টকা বৃদ্ধি হৈ প্ৰতি কিলোগ্ৰামত ৮৪,০০০ টকাৰে শীৰ্ষত উপনীত হৈছে । ইয়াৰ পূৰ্বে প্ৰতি কিলোগ্ৰামত মৃল্য় আছিল 83,200 টকা । এইচ ডি এফ চি চিকিউৰিটিজৰ কমোডিটিজৰ জ্যেষ্ঠ বিশ্লেষক সৌমিল গান্ধীয়ে এই প্ৰসংগত কয়,"দিল্লীৰ বজাৰত সোণৰ মূল্য (২৪ কেৰেট) প্ৰতি ১০ গ্ৰামত ৭১,৭০০ টকাৰে অভিলেখ ৰচনা কৰিছে । প্ৰতি ১০ গ্ৰামত ৩৫০ টকাকৈ বৃদ্ধি হোৱাৰ ফলত বিদেশী বজাৰত তীব্ৰ সংকেত আহি পৰিছে ।" তদুপৰি আন্তৰ্জাতিক বজাৰত সোণ প্ৰতি আউন্সত 2,336 আমেৰিকান ডলাৰলৈ বৃদ্ধি হৈছে । ইয়াৰ পূৰ্বৰ মূল্য়ৰ তুলনাত 7 আমেৰিকান ডলাৰ অধিক হৈছে । সোমবাৰে সোণৰ মূল্য আন এক অভিলেখ উচ্চতাত উপনীত হয় বুলি গান্ধীয়ে লগতে কয় ।

এলকেপি চিকিউৰিটিজৰ ভিপি গৱেষণা বিশ্লেষক জাটিন ত্ৰিবেদীয়ে কয়,"সোণৰ মূল্যৰ উৰ্ধমুখী গতি অব্যাহত আছে । বিশ্বব্যাপী কেঅ'এমএক্সৰ মূল্যবৃদ্ধিৰ দ্বাৰা সমৰ্থিত হোৱাবাবে পুৱা প্ৰতি আউন্সত 2,350 আমেৰিকান ডলাৰ স্পৰ্শ কৰে ।" তেওঁ পুনৰ কয়,"বিশ্বব্যাপী কেন্দ্ৰীয় বেংকসমূহে চলি থকা সোণ ক্ৰয়ৰ ফলত মূল্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সমৰ্থন আগবঢ়োৱা হৈছে । যদিও সামগ্ৰিক মূল্যৰ দৃষ্টিভংগী তীব্ৰ হৈছে তথাপি এই সপ্তাহত কিছু সলনি হৈ ৬৯,৫০০ টকা হোৱাৰ সম্ভাৱনা নোহোৱা নহয় ।"

লগতে পঢ়ক:ভাৰতত প্ৰথমবাৰৰ বাবে অত্যধিক বৃদ্ধি সোণ-ৰূপৰ মূল্য, চাওক ক’ত কিমান দাম বাঢ়িল - Gold Rates Today