প্ৰথমবাৰৰ বাবে অসমৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহীলৈ আনাৰস ৰপ্তানি
২,১০০ কিলোগ্ৰাম উৎকৃষ্ট মানৰ, জৈৱিকভাৱে উত্তৰ পূৰ্বাঞ্চলত উৎপাদিত অনাৰস ইউএইলৈ ৰপ্তানি কৰা হয় ।

Published : August 3, 2025 at 10:02 PM IST
গুৱাহাটী : উত্তৰ-পূব ভাৰতৰ বাবে এক গৌৰৱৰ ক্ষণ । কিয়নো অসমৰ পৰা প্ৰথমবাৰৰ বাবে UAE (সংযুক্ত আৰব আমিৰশ্বাহী) লৈ অনাৰস ৰপ্তানী কৰা হৈছে ।
জিংছাই এণ্টাৰপ্ৰাইজ(JINGSHAI ENTERPRISE)এ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰা শুকুৰবাৰে এয়াৰ ইণ্ডিয়াৰ (Air India)ৰ জৰিয়তে ২,১০০ কিলোগ্ৰাম উৎকৃষ্ট মানৰ, জৈৱিকভাৱে উত্তৰ পূৰ্বাঞ্চলত উৎপাদিত অনাৰস ইউএইলৈ ৰপ্তানি কৰা হয় ।

পূৰ্বতেও ৫০ মেট্ৰিক টন উত্তৰ পূৰ্বাঞ্চলত উৎপাদিত সামগ্ৰী ডুবাই, শ্বাৰজাহ (sharjah) আৰু আবুধাবি অভিমুখে ৰপ্তানি কৰা হৈছিল । জিংছাই এণ্টাৰপ্ৰাইজৰ সঞ্চালক ৰাজীৱ মেধিয়ে কয়, "এই ৰপ্তানীৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱিকভাৱে উৎপাদিত কৃষি সামগ্ৰীসমূহে বিশ্বৰ বজাৰ দখল কৰাৰ । আমি অসমৰ খেতিৰ উৎপাদিত সামগ্ৰী আৰু বিশ্ব বজাৰৰ মাজৰ এটি সংযোগকাৰী ।"

"মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ দিহা পৰামৰ্শ আৰু প্ৰেৰণাত এইবাৰ আনাৰসখিনি ৰপ্তানি কৰিবলৈ সক্ষম হৈছো । আমি হৃদয়ৰ পৰা ভাৰতৰ কৃষি আৰু প্ৰচেছড ফুড ডেভেল'পমেণ্ট অৰ্থৰিটি (APEDA), FIEO আৰু সকলো অংশীদাৰক ধন্যবাদ জনাইছো ।" মেধিয়ে কয় ।

উল্লেখযোগ্য যে, জিংছাই এণ্টাৰপ্ৰাইজে ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ এপ্ৰিলত ১০০০ কিলোগ্ৰাম জহা চাউল ভিয়েটনামলৈ ৰপ্তানি কৰিছিল, যি অসমৰ জোহা চাউলৰ প্ৰথম ৰপ্তানি আছিল । জিংছাই এণ্টাৰপ্ৰাইজে বিগত পাঁচ বছৰৰ পৰা কৃষিক্ষেত্ৰত কাৰ্যকৰী হৈ আছে ।

ইতিমধ্যে টাইৱান, ছিংগাপুৰ, অষ্ট্ৰেলিয়া আৰু মধ্যপ্ৰাচ্যৰ কেইবাটাও দেশৰ সৈতে যোগসূত্র স্থাপন কৰি আছে, যাৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ এটি বিশেষ কৃষি আৰু উৎপাদন সামগ্ৰী ৰপ্তানি সম্ভাৱনা আছে ।

