ETV Bharat / business

কিনিম বুলি ভাবিছে যদি খৰধৰ কৰক, হ্ৰাস পাইছে সোণৰ মূল্য

বুধবাৰৰ দিনটোত প্ৰায় ৩ হাজাৰ টকালৈ হ্ৰাস পাইছে সোণৰ দাম ।

GOLD PRICE TODAY
হ্ৰাস পাইছে সোণৰ মূল্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 23, 2025 at 11:35 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: সোণ কিনিব বিচৰাসকলৰ বাবে সুখবৰ ৷ কিয়নো বুধবাৰৰ দিনটোত হ্ৰাস পাইছে সোণৰ মূল্য ।

মঙলবাৰৰ দিনটোত সৰ্বকালৰ অভিলেখ ভংগ কৰি সোণৰ মূল্যই স্পৰ্শ কৰিছিল লাখৰ ঘৰ ৷ তাৰে এদিন পিছত অৰ্থাৎ আজিৰ দিনটোত হ্ৰাস পাইছে সোণৰ দাম ।

বুধবাৰৰ দিনটোত প্ৰায় ৩ হাজাৰ টকালৈ হ্ৰাস পাইছে সোণৰ দাম । সেই অনুসৰি আজিৰ দিনটোত গুৱাহাটী মহানগৰীত ২২ কেৰেটৰ সোণৰ দাম প্ৰতি দহ গ্ৰামত ৯৫ হাজাৰ টকা হোৱাৰ বিপৰীতে ২৪ কেৰেট সোণৰ প্ৰতি দহ গ্ৰামত এই মূল্য হৈছে ৯৯ হাজাৰ টকা ৷

GOLD PRICE TODAY
হ্ৰাস পাইছে সোণৰ মূল্য (ETV Bharat Assam)

এই সন্দৰ্ভত নিখিল অসম স্বৰ্ণশিল্পী সমিতি কামৰূপৰ সাধাৰণ সম্পাদক নয়ন ধৰে কয় "আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণত জি এছ টি লৈ মূল্য হৈছে ৯৯ হাজাৰ টকা । মঙলবাৰে ইয়াৰ মূল্য আছিল ১ লাখ ২ হাজাৰ টকা । ইয়াৰ বিপৰীতে আজিৰ দিনটোত ২২ কেৰেটৰ ১০ গ্ৰাম সোণত জি এছ টি লৈ মূল্য হৈছে ৯৫ হাজাৰ টকা ৷ মঙলবাৰেও ২২ কেৰেট সোণৰ মূল্য ৯৫ হাজাৰ টকাই আছিল । আজিৰ দিনটোত সোণৰ মূল্য কমিছে যদিও অহা দিনবোৰত সোণৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনায়ে বেছি । মঙলাবাৰৰ দিনটোত লাখৰ ঘৰ অতিক্ৰম কৰিছিল ১০ গ্ৰাম সোণৰ মূল্যই । পৰৱৰ্তী সময়ত লাখৰ ঘৰ অতিক্ৰম কৰিব সোণৰ মূল্যই ।’’

GOLD PRICE TODAY
হ্ৰাস পাইছে সোণৰ মূল্য (ETV Bharat Assam)

উল্লেখ্য যে, চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা বর্তমানলৈকে বিগত ১১২ দিনত ২৪ কেৰেটৰ প্ৰতি ১০ গ্রাম সোণৰ দাম ৭৬,১৬২ টকাৰ পৰা ২৩,৮৩৮ টকা বাঢ়ি এক লাখ টকা পর্যন্ত হৈছে । মূল্যৱান ধাতুবিধৰ দাম বৃদ্ধিৰ এই ধাৰা অব্যাহত থাকিলে বছৰটোৰ শেষলৈ ইয়াৰ দাম ১.১০ লাখ টকা পর্যন্ত হ'ব বুলি ধাৰণা কৰা হৈছে ।

বিদেশী বিনিয়োগ বেংক গ'ল্ডমেন ছেইক্সৰ সমীক্ষা অনুসৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত এইবছৰত সোণৰ দাম ৪,৫০০ ডলাৰ প্ৰতি আউন্সলৈ বৃদ্ধি হ'ব পাৰে ৷ আন্তঃৰাষ্ট্ৰীয় দৰ অনুসৰি ভাৰতত এই বছৰত সোণৰ দাম ১.৩০ লাখ টকা পর্যন্ত বাঢ়িব ।

কি কি কাৰণত সোণৰ মূল্য বৃদ্ধি পাইছে ?

  • নয়ন ধৰে জনোৱা অনুসৰি, আমেৰিকাৰ শেহতীয়া শুল্ক নীতি অর্থাৎ চীন প্রমুখ্যে বিভিন্ন ৰাষ্ট্ৰই ৰপ্তানি কৰা সামগ্ৰীত অত্যধিক শুল্ক আৰোপ কৰাটোৱে বাণিজ্য যুদ্ধৰ আশংকা বৃদ্ধি কৰিছে । এনে পৰিস্থিতিত অৰ্থনীতিৰ বিকাশ স্তিমিত হোৱাৰ সম্ভাৱনা আছে । অর্থনীতিৰ বিকাশৰ মন্থৰতাই মন্দাৱস্থা সৃষ্টি কৰিব পাৰে । সেয়ে সচেতন বিনিয়োগকাৰীসকলে আটাইতকৈ ভৰসাযোগ্য মাধ্যম সোণত বিনিয়োগ বৃদ্ধি কৰিছে । কিয়নো অর্থনৈতিক মন্দাৰ সময়ত সোণত বিনিয়োগ সুৰক্ষিত বুলি বিবেচনা কৰা হয় ।
  • ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য পতন হোৱাটোও ইয়াৰ অন্যতম কাৰণ ৷
  • এতিয়া বিয়াৰ বতৰ আৰম্ভ হৈছে । সেয়ে অলংকাৰৰ চাহিদা বাঢ়িছে । দাম যথেষ্ট বৃদ্ধি পোৱা সত্ত্বেও অলংকাৰৰ বিক্ৰী বাঢ়িছে‌ ।

লগতে পঢ়ক: ৫ বছৰত ২০ লাখ টকা, ডাকঘৰে সুৰক্ষিত কৰিব আপোনাৰ ভৱিষ্যত