ETV Bharat / business

সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১.২৫ লাখ হোৱাৰ সম্ভাৱনা !

বিশেষজ্ঞসকলৰ মতে অনাগত দিনত আৰু বৃদ্ধি হ'ব সোণৰ মূল্য ।

Gold Price in India
সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১.২৫ লাখ হোৱাৰ সম্ভাৱনা ! (ANI)
author img

By ETV Bharat Assamese Team

Published : February 23, 2025 at 2:16 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : আপুনি সোণৰ অলংকাৰ ক্ৰয়ৰ কথা চিন্তা কৰি আছে নেকি ? তেনেহ'লে সোনকালে সিদ্ধান্ত লওক । কাৰণ আগন্তুক দিনত সোণৰ মূল্য আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে বৰ্ধিত মূল্যৰ বাবে একাংশ বিশেষজ্ঞই হ্ৰস্বম্যাদী লাভ লোৱাৰ চাপৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে ।

তথাপিও তেওঁলোকে ভৱিষ্যতে সোণত বিনিয়োগ কৰাৰ পৰা যথেষ্ট লাভৰ দাবী কৰিছে । বিশেষজ্ঞসকলৰ মতে অহা ডেৰৰ পৰা দুবছৰৰ ভিতৰত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১.২৫ লাখ টকা হ'ব পাৰে ।

  • সোণৰ মূল্য বৃদ্ধিৰ আশংকা :

চুইজাৰলেণ্ডস্থিত ব্ৰোকাৰেজ ফাৰ্ম ইউবিএছয়ে বিনিয়োগৰ বৰ্ধিত চাহিদাৰ বাবে সোণৰ মূল্যৰ পূৰ্বানুমান ৩২০০ ডলাৰ প্ৰতি আউন্সলৈ বৃদ্ধিৰ আশংকা কৰিছে । এই মাহৰ আৰম্ভণিতে অৰ্থাৎ ২০২৫ৰ ফেব্ৰুৱাৰীত ই এই বছৰৰ বাবে সোণৰ মূল্যৰ লক্ষ্য প্ৰতি আউন্সত ৩,০০০ ডলাৰলৈ বৃদ্ধি কৰে । কিয়নো বৈদেশিক মুদ্ৰা সঞ্চয় আৰু ইটিএফৰ বৈচিত্ৰতাৰ বাবে কেন্দ্ৰীয় বেংকৰ শক্তিশালী চাহিদাৰ কথা স্বীকাৰ কৰা হৈছিল ।

ব্ৰোকাৰেজ ফাৰ্ম ইউবিএছয়ে প্ৰতিবেদনত কৈছে, "আমি শেহতীয়াকৈ মূল্যৱান ধাতুবিধৰ ওপৰত আমাৰ দৃষ্টিভংগী মধ্যমীয়া ওজনৰ পৰা সম্পূৰ্ণ ওজনলৈ উন্নীত কৰিছো, যিহেতু ট্ৰাম্প প্ৰশাসনৰ শুল্ক নীতি আগবাঢ়িছে আৰু বিশ্বব্যাপী বাণিজ্যত ব্যাপক আৰু গভীৰ ব্যাঘাতৰ আশংকা বৃদ্ধি পাইছে। বিশেষকৈ, আমি বৰ্তমানৰ পৰিৱেশত মুখ্য হিতাধিকাৰী হিচাপে সোণ আৰু ৰূপক দেখিছো ।"

  • সোণে পৰ্টফলিঅ'ৰ ভাৰসাম্য বজাই ৰাখে :

বিপদাশংকা-বিমুখ পৰ্টফলিঅ' সৃষ্টি কৰাত সোণ গুৰুত্বপূৰ্ণ । আমি সন্তুলিত আমেৰিকান ডলাৰ-আধাৰিত পৰ্টফলিঅ'ৰ ৫ শতাংশ সোণৰ বাবে আৱণ্টন কৰিম । অৱশ্যে, কেন্দ্ৰীয় বেংকৰ ক্ৰয়ৰ পৰা ৰূপ প্ৰত্যক্ষভাৱে লাভান্বিত নহ'ব । তথাপিও, সোণৰ উচ্চ মূল্যই ৰূপৰ মূল্যক কিছু সমৰ্থন প্ৰদান কৰাৰ সম্ভাৱনা আছে । ইয়াৰ কাৰণ হৈছে ৰূপৰ সোণৰ সৈতে এক স্থিৰ আৰু শক্তিশালী ইতিবাচক সম্পৰ্ক আছে ।

ইটিভি ভাৰতৰ সৈতে এক বিশেষ বাৰ্তালাপত এইচডিএফচি চিকিউৰিটিজৰ মুদ্ৰা আৰু সামগ্ৰীৰ মুৰব্বী অনুজ গুপ্তাই কয় যে সোণে প্ৰতি ১০ গ্ৰামত ৮৭,০০০ টকা প্ৰতিৰোধৰ সন্মুখীন হয় । এই স্তৰ ভংগ কৰাৰ পিছত সোণত অধিক তীব্ৰতা আশা কৰা হৈছে ।

তেওঁ বিনিয়োগকাৰীসকলক সতৰ্ক স্থিতি গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছিল । তেওঁ উল্লেখ কৰে যে দীৰ্ঘম্যাদী সময়ত সোণৰ বাবে এক তীব্ৰ দৃষ্টিভংগী আছে আনহাতে হ্ৰস্বম্যাদী সময়ত কিছু লাভ বুকিং হোৱাৰ সম্ভাৱনা আছে ।

  • ৰূপৰ মূল্যবৃদ্ধি নহয় :

অল ইণ্ডিয়া জেম এণ্ড জুৱেলাৰী ডমেষ্টিক কাউন্সিলৰ (জিজেচি) প্ৰাক্তন সভাপতিগৰাকীয়ে ইটিভি ভাৰতক এক বিশেষ বাৰ্তালাপত কয় যে সোণৰ মূল্য সামান্য হ্ৰাস পাইছে । অৱশ্যে অহা ৩-৪ মাহত ই প্ৰতি ১০ গ্ৰামত ৮৯,০০০-৯০,০০০ টকাত উপনীত হ'ব বুলি আশা কৰা হৈছে ।

তেওঁ উল্লেখ কৰে যে মে-জুন মাহত সোণৰ মূল্য হ্ৰাস হোৱা দেখা যাব পাৰে । তেওঁ কয় যে অহা ১ৰ পৰা ১.৫ বছৰত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৫,০০০ টকা হ'ব পাৰে । ৰূপৰ মূল্য বৃদ্ধিৰ বাবে বেছি সম্ভাৱনা নাই ।

  • সোণৰ মূল্য আৰু বাঢ়িব নেকি ?

গোল্ডমেন চেক্সৰ শেহতীয়া পডকাষ্ট, ‘‘কিয় সোণৰ মূল্য আৰু বৃদ্ধি হ'ব’’ৰ পৰামৰ্শ অনুসৰি সোণৰ বাবে বছৰৰ শেষৰ টাৰ্গেট প্ৰতি আউন্সত ৩,৫০০ ডলাৰ হ'ব পাৰে । ইয়াৰ বাবে দুটা বিষয় উত্থাপন কৰা হৈছে । প্ৰথমতে, কেন্দ্ৰীয় বেংকবোৰৰ পৰা চাহিদা বৃদ্ধি আৰু দ্বিতীয়তে ইটিএফ প্ৰবাহৰ এক প্ৰত্যাশিত বৃদ্ধি, কিয়নো ফেডে এই বছৰ দুবাৰ হাৰ হ্ৰাস কৰিব বুলি আশা কৰা হৈছে । ই লগতে উল্লেখ কৰে যে ২০২৫ চনৰ শেষৰ ফালে সোণ সহজে ৩,৩০০ ডলাৰত উপনীত হ'ব পাৰে ।

লগতে পঢ়ক :অষ্টম দৰমহা আয়োগত ইউনিফৰ্ম ফিটমেণ্ট ফেক্টৰ কাৰ্যকৰী কৰাৰ দাবী NC-JCMৰ - FITMENT FACTOR AT SALARY BAND