ETV Bharat / business

অষ্টম দৰমহা আয়োগ; মাহে ৮৮ হাজাৰকৈ বাঢ়িব পাৰে এইসকল কৰ্মচাৰীৰ দৰমহা - 8TH PAY COMMISSION

ফিটমেণ্ট ফেক্টৰৰ অধীনত কৰ্মচাৰীলৈ বেছিক বেতন এক নিৰ্দিষ্ট গুণিতকৰ সৈতে পূৰণ কৰা হয় ।

8TH PAY COMMISSION
প্ৰতিনিধিত্বমূলক ছবি (Getty Images)
author img

By ETV Bharat Assamese Team

Published : March 22, 2025 at 2:27 PM IST

3 Min Read

নতুন দিল্লী : সপ্তম দৰমহা আয়োগৰ সমাপন হোৱাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে এই বৰ্ষৰ আৰম্ভণিতে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ গঠনক অনুমোদন প্ৰদান কৰে । অৱশ্যে বৰ্তমান চৰকাৰে ইয়াৰ পেনেলৰ বাবে অধ্যক্ষ আৰু অন্যান্য দুই সদস্যৰ নাম ঘোষণা কৰা নাই । কিন্তু ধাৰণা কৰা হৈছে যে চৰকাৰে অহা মাহত অষ্টম দৰমহা আয়োগৰ পেনেল গঠনৰ কথা ঘোষণা কৰিব পাৰে ।

পেনেল গঠন হোৱা পিছত কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ বাবে প্ৰক্ৰিয়া আগবাঢ়িব । লগতে এইটোও নিশ্চিত কৰা হ'ব কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহালৈ কি ফিটমেন্ট ফেক্টৰ নিৰ্ধাৰিত কৰা হ'ব । সংবাদ মাধ্যমৰ ৰিপোর্ট অনুসৰি অষ্টম দৰমহা আয়োগত 2.86 ফিটিং ফেক্টৰ ব্যৱহাৰ হ'ব পাৰে ।

ফিটমেণ্ট ফেক্টৰ কি ?

এইখিনিতে জনাই থওঁ যে ফিটমেণ্ট ফেক্টৰ হৈছে চৰকাৰী কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন নিৰ্ধাৰণ কৰাৰ এক সূত্ৰ । এই সূত্ৰৰ অধীনত কৰ্মচাৰীৰ বেছিক বেতন এক নিৰ্দিষ্ট গুণিতকৰ সৈতে পূৰণ কৰা হয় । ফিটমেণ্ট ফেক্টৰৰ লক্ষ্য কৰ্মচাৰীৰ আৰ্থিক অৱস্থা উন্নত কৰা । ফিটমেণ্ট ফেক্টৰ নিৰ্ধাৰণ কৰাৰ সময়ত কৰ্মচাৰীৰ আৰ্থিক অৱস্থা, মূল্যবৃদ্ধিৰ হাৰ আৰু কৰ্মচাৰীৰ প্ৰয়োজনসমূহক মনত ৰখা হয় । ফিটমেণ্ট ফেক্টৰ দৰমহা সমিতিৰ পৰামৰ্শৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয় ।

কিমান বাঢ়িব পাৰে দৰমহা ?

নতুন দৰমহা আয়োগত ২.৮৬ ফিটিং ফেক্টৰ ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে । এইটো হ'লে চৰকাৰে এই ফিটমেণ্ট প্ৰয়োগ কৰিলে কেন্দ্ৰীয় কৰ্মচাৰীৰ সৰ্বনিম্ন দৰমহা ৫১,৪৮০ টকা হৈ যাব । বৰ্তমান সপ্তম দৰমহা আয়োগত কেন্দ্ৰীয় কৰ্মচাৰীৰ সৰ্বনিম্ন দৰমহা ১৮ হাজাৰ টকা ।

ছিনিয়ৰ ছেকচন অফিচাৰৰ কিমান বৃদ্ধি হ'ব ?

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগৰ বাবে যদি ২.৮৬ ফিটিং ফেক্টৰ ব্যৱহাৰ কৰে, তেন্তে ছিনিয়ৰ ছেকচন অফিচাৰ অথবা এছিষ্টেণ্ট অডিট অফিচাৰ আৰু মেনেজিং অডিট অফিচাৰৰ দৰমহাত বৃহৎ পৰিমাণৰ বৃদ্ধি ঘটিব ব। এইসকল কৰ্মচাৰী পৰ্যায়-৮ শ্ৰেণীত পৰে ।

সপ্তম দৰমহা আয়োগৰ অধীনত বৰ্তমান পৰ্যায়-৮ শ্রেণীত পৰা কেন্দ্ৰীয় কৰ্মচাৰীসকলে ৪৭,৬০০ টকা মাহিলি দৰমহা লাভ কৰে । এনে অবস্থাত অষ্টম দৰমহা আয়োগত তেওঁলোকৰ দৰমহা প্ৰায় ১,৩৬,০০০ টকা হ'ব বুলি আশা কৰা হৈছে । অৰ্থাৎ তেওঁলোকৰ দৰমহা ৮৮ হাজাৰ টকাৰো অধিক বৃদ্ধিৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :অষ্টম দৰমহা আয়োগত ইউনিফৰ্ম ফিটমেণ্ট ফেক্টৰ কাৰ্যকৰী কৰাৰ দাবী NC-JCMৰ - FITMENT FACTOR AT SALARY BAND
লগতে পঢ়ক :অষ্টম দৰমহা আয়োগ: ১৮০০০ টকাৰ দৰমহা পোৱা কৰ্মচাৰীৰ দৰমহা কিমান বৃদ্ধি পাব ? - 8TH PAY COMMISSION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.