EPFO ৰ উচ্চ পেঞ্চন নিষ্পত্তি প্ৰক্ৰিয়া পুনৰ আৰম্ভ, দ্ৰুত পদক্ষেপৰ নিৰ্দেশ
জানুৱাৰীৰ ভিতৰত প্ৰাথমিক নিষ্পত্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সময়সীমা নিৰ্ধাৰণ ইপিএফঅ'ৰ ।

Published : November 30, 2024 at 12:38 PM IST
হায়দৰাবাদ : কেইবা সপ্তাহৰ অনিশ্চয়তাৰ পিছত কৰ্মচাৰী ভৱিষ্যৎ নিধি সংস্থা (ইপিএফঅ')য়ে উচ্চ পেঞ্চন আৱেদনৰ নিষ্পত্তি বন্ধ কৰিবলৈ ইয়াৰ শেহতীয়া মৌখিক আদেশ প্ৰত্য়াহাৰ কৰিছে । কেন্দ্ৰীয় কাৰ্যালয়ে এতিয়া আঞ্চলিক কাৰ্যালয়সমূহক প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিবলৈ আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক সংশোধিত পেঞ্চন পৰিশোধ নথিপত্ৰ (পিপিঅ') জাৰী কৰিবলৈ নিৰ্দেশ দিছে । এই সিদ্ধান্তটো নিলম্বনৰ দ্বাৰা প্ৰভাৱিত হোৱা শ্ৰমিক আৰু অৱসৰপ্ৰাপ্ত সকলৰ প্ৰতিবাদৰ পিছতে গ্ৰহণ কৰা হৈছে ।
কৰ্মচাৰী ভৱিষ্যৎ নিধি সংস্থাৰ কেন্দ্ৰীয় ট্ৰাষ্টী পৰিষদ (চিবিটি)ৰ সদস্য চুনকাৰী মাল্লেশ্বামে কেন্দ্ৰীয় কাৰ্যালয় আৰু শ্ৰম মন্ত্ৰালয়ৰ দৃষ্টি আকৰ্ষণ কৰি সমস্যাটো সমাধান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । তেওঁ নিশ্চিত কৰে যে ইপিএফঅ'য়ে এতিয়া উচ্চ পেঞ্চন আবেদনৰ নিষ্পত্তি পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে ।
ইপিএফঅ'য়ে জানুৱাৰীৰ ভিতৰত প্ৰাথমিক নিষ্পত্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আঞ্চলিক কাৰ্যালয়সমূহৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰিছে । যোগ্য আবেদনকাৰীসকলক দাবীৰ জাননী জাৰি কৰা আৰু তেওঁলোকৰ আবেদন অনুমোদন কৰাৰ বিষয়ে ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে ।
ইতিমধ্যে ইপিএছ প্ৰাপ্য পৰিশোধ কৰা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক অগ্ৰাধিকাৰ দিয়া আৰু সংশোধিত পিপিঅ' জাৰী কৰা হ'ব । যিসকলে জাননী পোৱাৰ তিনি মাহৰ ভিতৰত পৰিশোধ কৰা নাই আঞ্চলিক কাৰ্যালয়সমূহক তেওঁলোকৰ বাবে সুত গণনা কৰাৰ দায়িত্ব দিয়া হৈছে ।
ইপিএফৰ বৰঙণিৰ নিম্নতম মজুৰিৰ সীমা ১৫,০০০ টকাৰ পৰা ২১,০০০ টকালৈ বৃদ্ধি কৰাৰ লগতে ইপিএফৰ সাধাৰণ পেঞ্চনাৰসকলৰ বাবে নিম্নতম পেঞ্চন বৃদ্ধি কৰাকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ আজি এক চিবিটি বৈঠক অনুষ্ঠিত হ'ব ।

