ETV Bharat / business

EPF য়ে মুকলি কৰিলে Passbook Lite, এটা ক্লিক কৰিয়েই চাব পাৰিব PF ৰ সম্পূৰ্ণ তথ্য

EPFO 3.0 ৰিফৰ্মছে প্ৰদান কৰিছে পাছবুক লাইট, সহজে PF ট্ৰান্সফাৰকে আদি কৰি বিভিন্ন সা-সুবিধা ।

epfo 3.0 reforms passbook light pf transfer annexure k facility
EPF য়ে মুকলি কৰিলে Passbook Lite (getty image)
author img

By ETV Bharat Assamese Team

Published : September 20, 2025 at 5:00 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: কৰ্মচাাৰী ভৱিষ্যত নিধি সংগঠনে EPFO 3.0 ৰিফৰ্মচৰ অধীনত কেইবাটাও নতুন সেৱা আৰম্ভ কৰিছে, যাৰ উদ্দেশ্য কৰ্মচাৰীসকলক আৰু বহুতো সুবিধা প্ৰদান কৰা । এই সংশোধনৰ শুভাৰম্ভ কৰে শ্ৰম আৰু নিযুক্তি মন্ত্ৰী মনসুখ মাণ্ডব্যই । তেওঁ উল্লেখ কৰে যে এই পদক্ষেপ কেৱল কাৰীকৰীভাৱেই গুৰুত্বপূৰ্ণ নহয়, ই কৰ্মচাৰীসকলৰ সময় অপচয় হোৱাৰ পৰা ৰক্ষা কৰিব ।

পাছবুক লাইটৰ শুভাৰম্ভ:

EPFO য়ে মুকলি কৰে পাছবুক লাইট । ইয়াৰ জৰিয়তে সদস্যসকলে নিজৰ পিএফ খাতাত তেওঁলোকৰ অনুদান আৰু জমাপুঞ্জি ক্ষিপ্ৰতাৰে নিৰীক্ষণ কৰিব পাৰিব । পূৰ্বতে ইয়াৰ বাবে পৃথককৈ পাছবুক পৰ্টেলত লগইন কৰিব লাগিছিল, যাৰবাবে দ্বৈত লগ-ইন আৰু পাছৱৰ্ডৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হৈছিল । নতুন সুবিধাৰ জৰিয়তে এই প্ৰক্ৰিয়া যথেষ্ট সৰল আৰু ক্ষীপ্ৰ হৈ পৰিব । কিন্তু যিসকল সদস্যই সম্পূৰ্ণ পাছবুকৰ তথ্য চাব বিচাৰে, তেওঁলোকে মুখ্য পৰ্টেলৰ ব্যৱহাৰ কৰিব পাৰিব ।

PF ট্ৰান্সফাৰ এতিয়া তেনেই সহজ:

চাকৰি সলনি কৰা কৰ্মচাৰীসকলৰ বাবে PF ট্ৰান্সফাৰৰ প্ৰক্ৰিয়াকো সহজ কৰি তুলিছে । পূৰ্বতে ইয়াৰ বাবে Form ১৩ পূৰণ কৰিব লাগিছিল আৰু Annexure K কেবল PF কাৰ্যালয়ৰ মাজতহে শ্বেয়াৰ হৈছিল । এতিয়া পোনপতীয়াকৈ EPFO পৰ্টেলৰ পৰা Annexure K PDF ডাউনলোড কৰিব পাৰিব । ইয়াৰ লগতে, তেওঁলোকে PF স্থিতি ট্ৰেক কৰিব পাৰিব ।

অপাৰেশ্যনেল এফিচিয়েন্সি আৰু API ৰ অন্তৰ্ভুক্তি:

মন্ত্ৰী মাণ্ডব্যই কয় যে EPFO 3.0 ৰ সংশোধনীৰ অন্তৰ্গত API ক অন্তৰ্ভুক্তি কৰিব আৰু পাছবুক পৰ্টেলত ভিৰ কম কৰি অপাৰেশ্যনেল এফিচিয়েন্সি বৃদ্ধি কৰিব । ইয়াৰ পোনপটীয়া সুবিধা লাখ লাখ কৰ্মচাৰীয়ে লাভ কৰিব, যাৰ জৰিয়তে এতিয়া জমাপুঞ্জি নিৰীক্ষণ তথা বিভিন্ন কাম-কাজৰ ক্ষেত্ৰত বিশেষ অসুবিধাৰ সন্মুখীন নহ'ব ।

ক্ষিপ্ৰ হ'ব ছেটেলমেণ্ট আৰু অগ্ৰিম প্ৰক্ৰিয়া:

EPFO য়ে চেটেলমেণ্ট আৰু অগ্ৰিম ৰাশিৰ স্বীকৃতি প্ৰক্ৰিয়াও সহজ কৰি তুলিছে । এতিয়া কেইবাটাও বিষয় দায়িত্বত থকা কৰ্তৃপক্ষৰ পৰা আঁতৰাই সহ-আয়ুক্ত তথা নিম্ন স্তৰৰ কৰ্তৃপক্ষক অৰ্পণ কৰা হৈছে ।

লগতে পঢ়ক: ১০ বছৰেই ৮০ প্ৰকাৰৰ গছৰ পাত খাই জীয়াই থকা এজন যুৱক

উত্তৰ-পূব ভাৰত মহোৎসৱ ২০২৫: ছিংগাপুৰত হ'ব সংস্কৃতি, বাণিজ্য আৰু পৰ্যটনৰ চৰ্চা