ETV Bharat / business

ক'ত নিৰ্মাণ হ'ব দেশৰ সৰ্ববৃহৎ ফলৰ বজাৰ ? - LARGEST FRUIT MARKET IN INDIA

১,৯০১.১৭ কোটি টকা ব্যয়েৰে ১৯৯.১২ একৰ ভূমিত নিৰ্মাণ হ'ব বৃহৎ ফলৰ বজাৰখন ।

largest fruit market
দেশৰ সৰ্ববৃহৎ ফলৰ বজাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 7, 2025 at 4:22 PM IST

4 Min Read

হায়দৰাবাদ : দেশত নিৰ্মাণ হ'ব এখন বৃহৎ ফলৰ বজাৰ । বিশ্বমানৰ আন্তঃগাঁথনিৰে নিৰ্মিত এই বজাৰখন দেশৰ সৰ্ববৃহৎ ফলৰ বজাৰ হ'ব । ইতিমধ্যে বজাৰ নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ হৈছে । বজাৰখনৰ বিতং প্ৰকল্প প্ৰতিবেদনো (ডিপিআৰ) ইতিমধ্যে প্ৰস্তুত হৈছে । ৰাজ্য চৰকাৰৰ ওচৰত এই প্ৰতিবেদন দাখিল কৰা হৈছে ।

ফলৰ বজাৰখনৰ বিশেষত্ব ?

আপুনি শুনি আচৰিত হ'ব ১৯৯.১২ একৰ ভূমিত নিৰ্মাণ কৰা হ'ব এই ফলৰ বজাৰখন । যাৰ আনুমানিক ব্যয় ১,৯০১.১৭ কোটি টকা হ'ব বুলি পৰিকল্পনা কৰা হৈছে । বজাৰখনৰ মুখ্য আকৰ্ষণ হ'ব এক বৃহৎ টাৱাৰ ।

১৯,৩৭৫ বৰ্গফুট অঞ্চল আৱৰি থকা এই টাৱাৰৰ উচ্চতা হ'ব ১০০ ফুট । অত্যাধুনিক এই টাৱাৰত থাকিব হেলিপেড । টাৱাৰটোত ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে ৪ টা মহলা, ৬ টা তীব্ৰ গতিৰ যাত্ৰীবাহী এলিভেটৰ থাকিব । ভূমি পাৰ্চেলবোৰ ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বাণিজ্য আৰু ৰপ্তানি প্ৰতিষ্ঠানবোৰক লীজত দিয়া হ'ব ।

প্ৰকল্পটোৰ বাবে ভূমি অধিগ্ৰহণৰ বাবদ ৩৫০ কোটি টকা খৰচ হ'ব । একেদৰে নিৰ্মাণ আৰু তথ্য প্ৰযুক্তি আন্তঃগাঁথনিৰ বাবে ১,৬৯৪.৭৪ কোটি টকা ব্যয় হ'ব বুলি অনুমান কৰা হৈছে ।

হায়দৰাবাদত হ'ব সৰ্ববৃহৎ ফলৰ বজাৰ

আচলতে হায়দৰাবাদৰ উপকণ্ঠৰ কোহেদাত নিৰ্মাণ হ'ব এই ফলৰ বজাৰখন । মাৰ্কেটিং বিভাগে মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ অনুমোদনৰ অপেক্ষাত ৰাজ্য চৰকাৰৰ ওচৰত বিতং প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) দাখিল কৰিছে । মুখ্যমন্ত্ৰীৰ সেউজ সংকেত পালেই এই প্ৰকল্পৰ কাম আৰম্ভ হ'ব ।

উল্লেখ্য যে, ১৯৮৬ চনত হায়দৰাবাদৰ কোথাপেটত স্থাপিত বৰ্তমানৰ ফলৰ বজাৰ মাত্ৰ ২২ একৰ ভূমিত বিস্তৃত । অৱশ্যে বৰ্ধিত ভিৰৰ প্ৰতি লক্ষ্য ৰাখি বজাৰখন ২০২১ চনত কোহেদালৈ স্থানান্তৰ কৰা হয় । অৱশ্যে তাত নিৰ্মাণ কৰা চালিবোৰ ধাৰাসাৰ বৰষুণ আৰু বতাহৰ ফলত খহি পৰে । যাৰ ফলত বজাৰখন বাটাচিঙ্গাৰামৰ এইচএমডিএ লজিষ্টিক পাৰ্কলৈ অস্থায়ীভাৱে স্থানান্তৰিত কৰিবলৈ বাধ্য হয় ।

ৰাজ্যখনৰ বৰ্ধিত উদ্যান শস্য খণ্ডক সমৰ্থন কৰাৰ বাবে এক সমৰ্পিত, বৃহৎ ফলৰ বজাৰৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাক স্বীকৃতি দি চৰকাৰে কোহেদাক আদৰ্শ স্থান হিচাপে নিৰ্ধাৰণ কৰিছে ।

দিল্লীৰ বাহিৰত এখন ফলৰ বজাৰ

বৰ্তমান ভাৰতৰ সৰ্ববৃহৎ ফলৰ বজাৰ দিল্লীত ১০০ একৰ ভূমিত পৰিচালিত হৈ আছে । প্ৰস্তাৱিত কোহেদা বজাৰৰ লক্ষ্য হৈছে ইয়াক অতিক্ৰম কৰা । ২০৪৭ চনৰ ভিতৰত ফলৰ চাহিদা পূৰণ কৰাৰ বাবে অনুমান আৰু আন্তঃগাঁথনিৰ পৰিকল্পনা কৰা হৈছে ।

এই দৃষ্টিভংগীৰ ভিতৰত আছে বাণিজ্য আৰু ৰপ্তানিৰ সুযোগ সম্প্ৰসাৰিত কৰা, কৃষকসকলৰ বাবে ন্যায্য মূল্য নিশ্চিত কৰা আৰু গ্ৰাহকসকলক মানদণ্ডৰ উৎপাদন প্ৰদান কৰা ।

প্ৰকল্পৰ মুখ্য আৱণ্টনবোৰৰ ভিতৰত আছে :

  • মূল বাণিজ্যিক আন্তঃগাঁথনিৰ বাবে ৪৮.৭১ একৰ ভূমি
  • আভ্যন্তৰীণ পথৰ বাবে ৫৬.০৫ একৰ
  • টোল গেট, নলা আৰু গাঁৱৰ ৰাস্তাৰ বাবে ১৭.২৭ একৰ
  • পাৰ্কিঙৰ সুবিধাৰ বাবে ১৬.৫৯ একৰ
  • ফুল, ড্ৰাই ফ্ৰুটছ, দুগ্ধজাত সামগ্ৰী, মাছ, মাংস, ফ্ৰ'জেন আৰু পেকিং কৰা খাদ্যৰ দৰে আনুষংগিক সামগ্ৰীৰ বাবে ১০.৯৮ একৰ
  • শীতল ভঁৰাল ইউনিটৰ (cold storage unit) বাবে ৯.৫০ একৰ

বজাৰৰ অন্যান্য সুবিধা

বজাৰখনৰ অতিৰিক্ত সুবিধাবোৰৰ ভিতৰত থাকিব ফলৰ খুচুৰা জ'ন, সঁজুলি ৰখা স্থান, প্ৰাথমিক প্ৰছেচিং ইউনিট, ট্ৰিটমেণ্ট প্ৰকল্প, প্ৰশাসনিক কাৰ্যালয়, পৰীক্ষাগাৰ, বিশ্ৰাম গৃহ, অগ্নি নিৰ্বাপক আৰু আৰক্ষী থানা, স্বাস্থ্য কেন্দ্ৰ, শ্বপিং কমপ্লেক্স, আৱৰ্জনা ব্যৱস্থাপনা আৰু এটা বিদ্যুৎ উপকেন্দ্ৰ । মিছন ভাগীৰথৰ জৰিয়তে দৈনিক ৩ লাখ লিটাৰ পানী যোগান নিশ্চিত কৰা হ'ব ।

তেলেংগানাৰ বাবে এক ফ্লেগশ্বিপ প্ৰকল্প : মন্ত্ৰী তুম্মালা

এই প্ৰকল্পটোক তেলেংগানাৰ বাবে এক মুখ্য পদক্ষেপ হিচাপে অভিহিত কৰি মন্ত্ৰী তুম্মালাই কয়, "আমি এনে এক ফলৰ বজাৰ নিৰ্মাণ কৰিবলৈ গৈ আছো যি কেৱল ৰাজ্যখনক সেৱা প্ৰদান কৰাই নহয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰয়োজনীয়তাও পূৰণ কৰিব ।"

"বিশ্বমানৰ আন্তঃগাঁথনিৰ সৈতে এই বজাৰে ৰাজ্যখনত ফল উৎপাদন যথেষ্ট বৃদ্ধি কৰিব আৰু খণ্ডটোত বিনিয়োগ বৃদ্ধি কৰিব ।" মন্ত্ৰী তুম্মালাই কয় ।

লগতে পঢ়ক :১০০ বছৰৰো অধিক পুৰণি পামবান দলং পুনৰ মুকলি প্ৰধানমন্ত্ৰী মোদীৰ - RAMESHWARAM BRIDGE INAUGURATION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.