ETV Bharat / business

১ এপ্ৰিলৰ পৰা উপকৃত হ'ব কৃষক, পিয়াঁজ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

কেন্দ্ৰীয় চৰকাৰে পিঁয়াজৰ ওপৰত ৰপ্তানি শুল্ক প্ৰত্যাহাৰ কৰিছে ৷ ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা ই কাৰ্যকৰী হ’ব ৷

Centre withdraws 20 per cent export duty on onion applicable from 1st April -2025
পিয়াঁজ ৰপ্তানি (IANS)
author img

By ETV Bharat Assamese Team

Published : March 24, 2025 at 4:14 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: দেশবাসীৰ বাবে এক ভাল খবৰ ৷ কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰিছে পিয়াঁজ ৰপ্তানিৰ ওপৰত ২০ শতাংশ শুল্ক । ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই মাচুল ।

ইয়াৰ পূৰ্বে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত পিঁয়াজৰ ৰপ্তানিৰ ওপৰত ২০ শতাংশ শুল্ক আৰোপ কৰা হৈছিল । এই সন্দৰ্ভত ৰাজহ বিভাগে এক অধিসূচনা জাৰি কৰিছে । ২০২৩ চনৰ ৮ ডিচেম্বৰৰ পৰা ২০২৪ চনৰ ৩ মে’লৈকে প্ৰায় পাঁচ মাহৰ বাবে শুল্ক, নূন্যতম ৰপ্তানি মূল্য (এম ই পি) আৰু ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

২০২৪ চনৰ ১৩ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱা পিঁয়াজৰ ওপৰত ২০ শতাংশ ৰপ্তানি শুল্ক এতিয়া আঁতৰাই দিয়া হৈছে । ৰপ্তানি নিষেধাজ্ঞা থকাৰ পাছতো চৰকাৰে কয় যে ২০২৩-২৪ চনৰ ভিতৰত মুঠ পিঁয়াজৰ ৰপ্তানি ১৭.১৭ লাখ টন আৰু ২০২৪-২৫ চনত (১৮ মাৰ্চলৈকে) ১১.৬৫ লাখ টন । ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত মাহেকীয়া পিঁয়াজৰ ৰপ্তানিৰ পৰিমাণ ০.৭২ লাখ টনৰ পৰা ২০২৫ চনৰ জানুৱাৰী মাহত ১.৮৫ লাখ টনলৈ বৃদ্ধি পাইছে ।

গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে এই সিদ্ধান্তই কৃষকসকলৰ বাবে পাৰিতোষিক মূল্য নিশ্চিত কৰাৰ দিশত আৰু গ্ৰাহকৰ বাবে পিঁয়াজৰ মূল্যৰ স্থিতিশীলতা বজাই ৰখাৰ দিশত চৰকাৰৰ দায়বদ্ধতাৰ সাক্ষ্য, এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত যেতিয়া পাচলিৰ বজাৰ আৰু খুচুৰা উভয়ৰে মূল্য নৰম হৈছে, কাৰণ ভাল পৰিমাণৰ ৰবি শস্যৰ আগমনৰ আশা কৰা হৈছে ।

ইয়াত কোৱা হৈছে যে বৰ্তমানৰ পাচলিৰ বজাৰৰ ইয়াৰ দাম বিগত বছৰৰ এই একে সময়ছোৱাৰ তুলনাত অধিক । তথাপিও সৰ্বভাৰতীয় ওজনযুক্ত গড় মডেলৰ মূল্য ৩৯ শতাংশ হ্ৰাস পাইছে । একেদৰে সৰ্বভাৰতীয় গড় খুচুৰা পিঁয়াজৰ মূল্য বিগত মাহৰ তুলনাত ১০ শতাংশ হ্ৰাস পোৱা গৈছে ।

লগতে পঢ়ক : উৎসৱৰ বাবে চিন্তা নাই ! ৰেচন কাৰ্ডধাৰীয়ে লাভ কৰিব বিনামূলীয়াকৈ চাউল

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় বজাৰত বাঢ়িছে ভাৰতীয় 'গোলি চডা' ৰ সমাদৰ