ETV Bharat / business

আই পি এল অনুৰাগীৰ বাবে ভাল খবৰ, এয়াৰটেলে মুকলি কৰিলে নতুন প্লেন - AIRTEL PLAN WITH JIOHOTSTAR

জিঅ' হটষ্টাৰৰ চাবস্ক্ৰিপছনৰ সুবিধাৰ্থে এয়াৰটেলে মুকলি কৰিলে নতুন কেইবাটাও লাভজনক প্লেন ।

AIRTEL PLAN WITH JIOHOTSTAR
এয়াৰটেলে মুকলি কৰিলে নতুন প্লেন (Getty Image)
author img

By ETV Bharat Assamese Team

Published : March 23, 2025 at 4:37 PM IST

2 Min Read

নতুন দিল্লী: ভাৰতী এয়াৰটেলে গ্ৰাহকসকলৰ বাবে ৩০১ টকাৰ এক নতুন প্ৰিপেইড পেক মুকলি কৰিছে । ভাৰতী এয়াৰটেলৰ ই এটা নতুন প্ৰিপেইড প্লেন যাক জিঅ' হটষ্টাৰৰ সুবিধাৰ সৈতে মুকলি কৰা হৈছে । নজনাসকলৰ বাবে ভাৰতীয় টেলিকম অপাৰেটৰ জিঅ' হটষ্টাৰৰ সৈতে একত্ৰিত কৰা নতুন প্ৰিপেইড প্লেনসমূহ মুকলি কৰিছে ।

টেলিকম কোম্পানীসমূহৰ লক্ষ্য হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ উন্মাদনাৰ লাভ উঠোৱা । যি গ্ৰাহকে আই পি এল ২০২৫ জিঅ' হটষ্টাৰত চাব বিচাৰে, তেওঁলোকে এই ম’বাইল প্লেনসমূহ চাবস্ক্ৰাইব কৰিব পাৰে আৰু অতিৰিক্ত মূল্য অবিহনে এক্সেছ লাভ কৰিব পাৰে ।

এয়াৰটেলৰ ৩০১ টকাৰ প্ৰিপেইড প্লেনৰ সুবিধা

ভাৰতী এয়াৰটেলৰ ৩০১ টকাৰ প্ৰিপেইড প্লেনত ১ জিবি দৈনিক ডাটা, আনলিমিটেড কলিং আৰু দৈনিক ১০০ এছ এম এছৰ সুবিধাৰ সৈতে জিঅ'হটষ্টাৰ ম’বাইল চাবস্ক্ৰিপছনৰ সুবিধা থাকে । মনত ৰাখিব যে, ইয়াত জিঅ'হটষ্টাৰ (JioHotstar) ম’বাইলৰ বৈধতা ৩ মাহৰ । লগতে প্ৰিপেইড প্লেনৰ সেৱাৰ বৈধতা কেৱল ২৮ দিনৰ । প্লেনৰ সৈতে পোৱা অতিৰিক্ত সুবিধা অনুসৰি ৩ মাহৰ বাবে এপ'ল' ২৪/৭ চাৰ্কল আৰু বিনামূলীয়া হেল'টিউন অন্তৰ্ভুক্ত আছে । ভাৰতী এয়াৰটেলৰ দ্বাৰা 'JioHotstar' ৰ সৈতে অহা বহু নতুন প্ৰিপেইড প্লেন মুকলি কৰা হৈছে । এই প্লেনসমূহো অলপতে প্ৰচাৰ কৰা হৈছে । 'JioHotstar' চাবস্ক্ৰিপছন পৃথকে বা প্লেটফৰ্মৰ জৰিয়তে ক্ৰয় কৰা যাব পাৰে । আপোনাৰ হাতত বাছনিৰ বাবে বিভিন্ন স্তৰৰ প্লেন আছে ।

এয়াৰটেলে আৰু দুটা নতুন আইপিএল প্লেন মুকলি কৰিছে

ভাৰতী এয়াৰটেলে দুটা নতুন প্ৰিপেইড প্লেন মুকলি কৰিছে । যাৰ সহায়ত গ্ৰাহকে পোনপটীয়াকৈ নিজৰ ফোনেৰে আই পি এল (ইণ্ডিয়া প্ৰিমিয়াৰ লীগ) ষ্ট্ৰীমিং কৰাৰ অনুমতি লাভ কৰিব । নতুন আই পি এল প্লেনৰ আৰম্ভণি হয় মাত্ৰ ১০০ টকাৰ পৰা । দুটা নতুন প্লেন হৈছে - ১০০ টকা আৰু ১৯৫ টকাৰ । এইবোৰ ডাটা ভাউচাৰ । ইয়াৰ উপৰিও টেলিকম কোম্পানীটোৰ পুৰণি প্লেনসমূহো আছে যি 'JioHotstar OTT' ৰ সুবিধা লাভ কৰিব পাৰি ।

লগতে পঢ়ক : চিন্তাৰ কাৰণ নাই, প্ৰধানমন্ত্ৰী সৌৰঘৰৰ পৰা প্ৰতিমাহে উপাৰ্জন হ’ব কেবাহাজাৰ টকা... - PM SURYA GHAR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.