ETV Bharat / business

BoB ৰ নতুন আঁচনি, FD ৰ অধীনত বেংকে ৪৪৪ দিনৰ বাবে গ্ৰাহকক দিছে উন্নত ৰিটাৰ্ণ

ৰাজহুৱা খণ্ডৰ বেংক অৱ বৰোদাই গ্ৰাহকক দিছে উপহাৰ । কি জানো আহক...

Bank of Baroda launched new FD Scheme available on v444 days tenure
ৰাজহুৱা খণ্ডৰ বেংক অৱ বৰোদাই গ্ৰাহকক দিছে উপহাৰ (Getty Image)
author img

By ETV Bharat Assamese Team

Published : April 8, 2025 at 10:42 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : RBIৰ MPC ৰ বৈঠক এতিয়াও চলি আছে । ৰেপো ৰেট সম্পৰ্কীয় সিদ্ধান্ত অহা ৯ এপ্ৰিলত আহিব । ইয়াৰ পূৰ্বেও ৰাজহুৱা খণ্ডৰ বেংক অৱ বৰোদাই গ্ৰাহকক উপহাৰ দিছে । বেংকটোৱে আৰম্ভ কৰিছে নতুন বিশেষ FD আঁচনি । ইয়াৰ সুবিধাসমূহ অহা ৭ এপ্ৰিলৰ পৰা লাভ কৰিব পাৰিব । এই আঁচনিৰ নাম হৈছে BoB Square Drive Deposit Scheme ।

এই FD আঁচনিৰ অধীনত বেংকে ৪৪৪ দিনৰ বাবে গ্ৰাহকক উন্নত ৰিটাৰ্ণ দি আছে । ইয়াত কলযোগ্য আৰু নন-কলযোগ্য দুয়োটা বিকল্প উপলব্ধ । নন-কলবলৰ বাবে ১ কোটিতকৈ অধিক আৰু ৩ কোটিতকৈ কম বিনিয়োগ কৰিব পাৰিব । এই আঁচনিসমূহৰ বাবে একক আৰু যৌথ দুয়োটা একাউণ্ট খুলিব পাৰিব ।

  • কিমান ৰিটাৰ্ণ পাব?

বেংক অৱ বৰোডাই ইয়াৰ স্কোৱাৰ ড্ৰাইভ ডিপ’জিট আঁচনিৰ বিনিয়োগকাৰীসকলক কলযোগ্য বিকল্প বাছি ল’লে ৭.১৫ শতাংশ সুত আগবঢ়াইছে । জ্যেষ্ঠ নাগৰিকে ৭.৬৫ শতাংশ সুত আৰু ছুপাৰ জ্যেষ্ঠ নাগৰিকে ৭.৭৫ শতাংশ সুত লাভ কৰিছে ।

নন-কলযোগ্য বিকল্প বাছি লোৱাৰ সময়ত সাধাৰণ নাগৰিকে ৭.২০ শতাংশ সুত, জ্যেষ্ঠ নাগৰিকে ৭.৭০ শতাংশ আৰু ছুপাৰ জ্যেষ্ঠ নাগৰিকে ৭.৮০ শতাংশ সুত লাভ কৰিছে ।

  • সাধাৰণ এফ ডিৰ ওপৰত বেংকে কিমান সুত দি আছে?

বেংক অৱ বৰোদাই ২০২৫ চনৰ ৭ এপ্ৰিলৰ পৰা ফিক্সড ডিপ’জিটৰ নতুন সুতৰ হাৰ ৰূপায়ণ কৰিছে । জ্যেষ্ঠ নাগৰিকে লাভ কৰিছে ০.৫০ শতাংশ অতিৰিক্ত সুত । ২ বছৰতকৈ অধিক আৰু ৩ বছৰ পৰ্যন্ত সময়সীমাত বেংকটোৱে সৰ্বাধিক ৰিটাৰ্ণ দিছে ।

  • কাৰ্যকাল অনুসৰি সুতৰ হাৰ
  1. ৭ দিনৰ পৰা ১৪ দিনলৈ – ৪.২৫%
  2. ১৫ দিনৰ পৰা ৪৫ দিনলৈ – ৪.৫০%
  3. ৪৬ দিনৰ পৰা ৯০ দিনলৈ – ৫.৫০%
  4. ৯১ দিনৰ পৰা ১৮০ দিনলৈ – ৫.৬০%
  5. ১৮১ দিনৰ পৰা ২১০ দিনলৈ – ৫.৭৫%
  6. ২১১ দিনৰ পৰা ২৭০ দিনলৈ – ৬.২৫%
  7. ২৭১ দিনৰ পৰা ১ বছৰৰ কমলৈকে – ৬.৫০%
  8. ১ বছৰ – ৬.৮৫%
  9. ১ বছৰৰ অধিক আৰু ৪০০ দিনলৈকে – ৭%
  10. ৪০০ দিনতকৈ অধিক আৰু ২ বছৰৰ কম – ৭%
  11. ২ বছৰৰ ওপৰৰ আৰু ৩ বছৰলৈকে – ৭.১৫%
  12. ৩ বছৰৰ ওপৰৰ আৰু ৫ বছৰলৈকে – ৬.৮০%
  13. ৫ বছৰৰ ওপৰৰ আৰু ১০ বছৰলৈকে – ৬.৫০%
  14. ১০ বছৰৰ ওপৰৰ – ৬.২৫%

লগতে পঢ়ক : শ্বেয়াৰ বজাৰত কিছু সুস্থিৰতা; ছেনছেক্স ৯০০ পইণ্ট, নিফটি 22,400 পইণ্টলৈ বৃদ্ধি

লগতে পঢ়ক : ক'ত নিৰ্মাণ হ'ব দেশৰ সৰ্ববৃহৎ ফলৰ বজাৰ ?