বিপদত ভাৰতীয় উদ্যোগৰ মেৰুদণ্ড; লঘু আৰু মধ্যমীয়া উদ্যোগীৰ চৰকাৰলৈ আবেদন
এই ক্ষেত্ৰখনে কেৱল বৃহৎ মাত্ৰাত সংস্থাপন হেৰুওৱাৰ বিপদত পৰাই নহয়, বেংক ঋণ লাভৰ ক্ষেত্ৰতো অনিশ্চয়তাই দেখা দিছে ।

Published : August 30, 2025 at 12:22 PM IST
নতুন দিল্লী : আমেৰিকাৰ নতুন শুল্ক নীতি বলৱৎ হোৱাৰ লগে লগে ভাৰতীয় উদ্যোগৰ ৰাজহাড় হিচাপে পৰিগণিত লঘু আৰু মধ্যমীয়া উদ্যোগীসকলে (SMEs) আগন্তুক সময়ত সৰ্বাধিক লোকচানৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে । এই ক্ষেত্ৰখনে কেৱল বৃহৎ মাত্ৰাত সংস্থাপন হেৰুওৱাৰ বিপদত পৰাই নহয়, বেংক ঋণ লাভত উপনীত হোৱাৰ ক্ষেত্ৰতো কঠিনতাৰ সৃষ্টি হৈছে । ফলত বহু ব্যৱসায়ী তথা উদ্যোগৰ মালিকে এতিয়া চৰকাৰৰ পৰা সকাহ লাভৰ উপায়ৰ ফালে চাই থাকিবলগা হৈছে, যেনেদৰে কোভিডৰ সময়ত তেওঁলোকক সাহায্য প্ৰদান কৰা হৈছিল ।
লঘু আৰু মধ্যমীয়া উদ্যোগলৈ অনাগত সময়ত আহিবলগা প্ৰত্যাহ্বানবোৰ সম্পৰ্কে ইটিভি ভাৰতৰ আগত এছ এম ই ফ'ৰামৰ অধ্যক্ষ বিনোদ কুমাৰে স্বীকাৰ কৰে যে ভাৰতীয় উৎপাদকসকলে আমেৰিকাৰ পৰা অধিক ভাল মূল্য লাভ কৰে । ইয়াৰ ফলত ৰপ্তানিকাৰক ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে লাভদায়ক হয় ।
তেওঁ কয় যে আমেৰিকাৰ বজাৰে গুণমানসম্পন্ন উৎপাদনৰ বাবে প্ৰিমিয়াম মূল্য প্ৰদান কৰে । এতিয়া তেনে পৰ্যায়ৰ মূল্য প্ৰদান কৰিবলৈ প্ৰস্তুত হোৱা অন্য দেশৰ সন্ধান কৰাটো কঠিন হ'ব । তেওঁৰ মতে, যদিও বিকল্প বজাৰ লাভ কৰা যায়, কিন্তু সিমান পৰিমাণৰ লাভৰ মাৰ্জিন লাভ কৰাটো এক প্ৰত্যাহ্বান হৈ থাকিব ।
তেওঁ কয় যে এই উৎপাদিত সামগ্ৰী অৱশ্যে ঘৰুৱা প্লেটফৰ্মতো বিক্ৰী কৰিব পৰা যায়, কিন্তু ব্যৱসায়ীসকলে লাভৰ বাবে দীঘলীয়া সময়লৈকে চাপৰ সন্মুখীন হৈ থাকিব লাগিব । সংস্থাপনৰ ক্ষেত্ৰত তেওঁ সতৰ্কবাণী প্ৰদান কৰি কয় যে লাখ লাখ লোকৰ জীৱিকাৰ প্ৰতি আজি ভাবুকিৰ সৃষ্টি হৈছে । যদি দ্ৰুত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে শুল্কৰ প্ৰভাৱত লাখ লাখ লোকে সংস্থাপন হেৰুৱাব পাৰে ।
এছ এম ই ৰণকৌশল
বিনোদ কুমাৰে লগতে কয় যে ভাৰতীয় এছ এম ই ফ'ৰামে আমেৰিকান শুল্কৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰায় ১ লাখ সদস্যৰ সৈতে যোগাযোগ কৰিছে । এতিয়ালৈকে প্ৰায় ৭০২০ উদ্যোগীয়ে প্ৰশ্নাৱলীৰ উত্তৰ দিছে আৰু ভাৰতৰ উদ্যোগীসকলে শুল্ক আৰু ইয়াৰ প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ বাবে কেইবাটাও প্ৰক্ৰিয়াৰ সন্ধান কৰিছে । ২৯ আগষ্টৰ নিশা ৮ বজালৈকে হোৱা সমীক্ষাত ১৬ শতাংশ উত্তৰদাতাই কৈছে যে যদি এই প্ৰতিবন্ধকতা অব্যাহত থাকে তেন্তে ক্ৰেতা ধৰি ৰাখিবলৈ অৰ্ডাৰৰ এটা অংশ অন্য দেশৰ উদ্যোগীলৈ আউটছৰ্চ কৰাৰ কথা চিন্তা কৰি আছে ।
আনহাতে, ৫৭ শতাংশ উদ্যোগীয়ে আমেৰিকাত মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত জি চি চি অঞ্চল, মৰ্কোছুৰ, আফ্ৰিকা আৰু ব্ৰিটেইনৰ দৰে দেশক ব্যৱহাৰৰ কৰাৰ কথা চিন্তা কৰি আছে । অন্য ২৭ শতাংশ উদ্যোগীয়ে আমেৰিকাৰ বাহিৰৰ ক্ৰেতাৰ সৈতে দৰ-দাম কৰাৰ বাবে চিন্তা কৰি আছে । অৱশ্যে এই ক্ষেত্ৰত বিক্ৰী মূল্যৰ সৈতে আপোচ কৰিবলগা হ'ব পাৰে । কিয়নো আমেৰিকাৰ বজাৰত লাভ কৰা প্ৰিমিয়াম গুণমান বিশিষ্ট সামগ্ৰীৰ বাবে লাভ কৰা মূল্য অধিক ।
বেছিভাগ ৰপ্তানিকৰ্তা উদ্যোগীয়ে ভাবে যে এই শুল্ক স্থিতি এক অস্থায়ী পৰিস্থিতি, যিটো ভাৰত চৰকাৰৰ হস্তক্ষেপত দুমাহৰ পৰা তিনিমাহৰ ভিতৰত সমাধান হ'ব । আনহাতে, আমেৰিকান ক্ৰেতাসকলেও ইমান কম সময়তে অনা ভাৰতীয় ৰপ্তানিকৰ্তাৰ পৰা একে গুণমান বিশিষ্ট সামগ্ৰী লাভ কৰাটো কঠিন হ'ব । তেনে ক্ষেত্ৰত তেওঁলোকে চৰকাৰী হস্তক্ষেপত এতিয়ালৈকে প্ৰৱেশ নকৰা মিত্ৰ দেশবোৰৰ বজাৰত ব্যৱসায়িক পথ খোলাৰ উপায়ৰ দিশে আশা কৰি আছে ।
চৰকাৰলৈ আবেদন
ভাৰত এছ এম ই ফ'ৰামে এক আবেদন-পত্ৰৰ জৰিয়তে ভাৰত চৰকাৰৰ সন্মুখত নিজৰ দাবীবোৰ দাখিল কৰিছে । ফ'ৰামৰ অধ্যক্ষই কেবিনেট সচিব চি ভি সোমনাথনলৈ এক পত্ৰ প্ৰেৰণ কৰিছে । এই পত্ৰত কোৱা হৈছে, "বৰ্তমানৰ শুল্ক পৰিৱেশত উৎপন্ন হোৱা প্ৰত্যাহ্বান আৰু ৰাষ্ট্ৰীয় ৰপ্তানি বিধিকৰণ নীতিক সমৰ্থন জনোৱাৰ তাৎক্ষণিক প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আপোনাৰ মাৰ্গদৰ্শনত চৰকাৰী হস্তক্ষেপৰ অনুৰোধ জনাইছো । আমি বিশ্বৰ মুখ্য প্ৰৱেশদ্বাৰ চহৰসমূহত বাণিজ্য ডেস্ক আৰু ৰপ্তানি বিপণন চকী স্থাপন, প্ৰচাৰ আৰু বিক্ৰীৰ বাবে বিদেশত দক্ষ পেছাদাৰী নিয়োগ কৰিবলৈ অনুৰোধ জনাইছোঁ ।"
ভাৰত এছ এম ই ফ'ৰামৰ অধ্যক্ষই লগতে লিখিছে, "আমি ই চি এল জি এছৰ ওপৰত ভিত্তি কৰি ছিডবি, ৰাজহুৱা বেংক আৰু এন বি এফ চিৰ মাধ্যমেৰে অগ্ৰাধিকাৰ ভিত্তিত ৰপ্তানি কাৰ্যকৰী পুঁজি উইণ্ডো গঠন কৰিবলৈ আহ্বান জনাইছো ।"
লগতে শুল্ক প্ৰভাৱিত ক্লাষ্টাৰৰ বাবে পূৰ্ব অনুমোদিত চি জি টি এম এছ ই টপ-আপ গেৰাণ্টি আৰু ৰেহাই মূল্য নিৰ্ধাৰণৰ ব্যৱস্থা কৰাৰ বাবেও অনুৰোধ জনোৱা হৈছে । উৎপাদন বন্ধ হোৱা আৰু কৰ্মসংস্থাপন হেৰুওৱাৰ পৰা ৰক্ষা পৰিবলৈ পূৰ্ব-সত্যাপিত ফাৰ্মৰ সাতদিনৰ ভিতৰত বিস্তাৰিত বিৱৰণ বিচাৰিছে । এই ব্যৱস্থাবোৰ গ্ৰহণ কৰিলে ভাৰতীয় এছ এম ইবোৰক সুৰক্ষা প্ৰদান কৰিব আৰু তেওঁলোকৰ বিশ্বজনীন ব্যৱসায়িক উপস্থিতিক মজবুত কৰিব বুলি উল্লেখ কৰা হৈছে ।

