নতুন দিল্লী : কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা সংশোধন কৰিবলৈ চলিত বৰ্ষৰ ১৬ জানুৱাৰী, ২০২৫ তাৰিখে কেন্দ্ৰীয় কেবিনেটে অষ্টম দৰমহা আয়োগক অনুমোদন জনায় । শেহতীয়াকৈ কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দ্য নেচনেল কাউন্সিল জইণ্ট কনছালটেটিভ মেচিনেৰী (এন চি-জেচিএম)-এ চৰকাৰৰ পৰা কমেও ২.৫৭ (যিটো সপ্তম দৰমহা আয়োগৰ সৈতে একে) বা তাতকৈ অধিক ফিটমেণ্ট ফেক্টৰ দাবী কৰিছিল ।
ফিটমেণ্ট ফেক্টৰ হ’ল চৰকাৰী কৰ্মচাৰীৰ মৌলিক দৰমহা আৰু পেঞ্চন সংশোধন কৰিবলৈ ব্যৱহাৰ কৰা বহুগুণক । উদাহৰণস্বৰূপে, ফিটমেণ্ট ফেক্টৰ ২.৫৭ মানে ১৫৭ শতাংশ দৰমহা বৃদ্ধি ।
এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে সপ্তম দৰমহা আয়োগতো ২.৫৭ ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ কৰা হৈছিল, যাৰ বাবে কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন ১৫৭ শতাংশ বৃদ্ধি পাইছিল, যাৰ বাবে নূন্যতম দৰমহা ৭ হাজাৰ টকাৰ পৰা ১৮ হাজাৰ টকালৈ বৃদ্ধি পাইছিল ।
এনে পৰিস্থিতিত প্ৰশ্ন হয় যে যদি চৰকাৰে পুনৰ অষ্টম দৰমহা আয়োগত এই ফিটমেণ্ট কাৰ্যকৰী কৰে, তেন্তে বৰ্তমান ১৮ হাজাৰ টকাৰ দৰমহা পোৱা কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কিমান হ’ব ?
- ১৮ হাজাৰ টকা উপাৰ্জন কৰা কৰ্মচাৰীৰ দৰমহা কিমান বৃদ্ধি পাব ?
মন কৰিবলগীয়া যে যদি চৰকাৰে NC-JCMৰ দাবী মানি লয়, তেন্তে বৰ্তমানৰ নূন্যতম মজুৰি মাহে ১৮ হাজাৰ টকাৰ পৰা ৪৬,২৬০ টকালৈ বৃদ্ধি পাব । ইয়াৰ উপৰিও মাহে নূন্যতম ৯ হাজাৰ টকাৰ পেঞ্চন ২৩,১৩০ টকালৈ বৃদ্ধি পাব ।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি, অষ্টম দৰমহা আয়োগৰ অধীনত ২.৮৬ ফিটমেণ্ট ফেক্টৰৰো দাবী কৰা হৈছিল । অৱশ্যে প্ৰাক্তন বিত্ত সচিব সুভাষ গাৰ্গে ইয়াক চন্দ্ৰ বিচৰাৰ দৰে আখ্যা দিয়ে । তেওঁ প্ৰায় ১.৯২ ফিটমেণ্ট ফ্যাক্টৰৰ পৰামৰ্শও দিছিল ।
এনে পৰিস্থিতিত যদি ফিটমেণ্ট ফেক্টৰ ১.৯২ অনুমোদন হয়, তেন্তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ নূন্যতম দৰমহা ১৮,০০০ টকাৰ পৰা ৩৪,৫৬০ টকালৈ বৃদ্ধি পাব, যিটো ৯২ শতাংশ বৃদ্ধি ।
- নূন্যতম ফিটমেণ্ট কাৰক কি হ’ব লাগে -
নেশ্যনেল কাউন্সিল-জইণ্ট কনছালটেটিভ মেচিনেৰীৰ সম্পাদক (কৰ্মচাৰী পক্ষ) শিৱ গোপাল মিশ্ৰই NDTV প্ৰফিটক জনোৱা মতে, তেওঁৰ মতে ফিটমেণ্ট ফেক্টৰ কমেও ২.৫৭ বা তাতকৈ বেছি হ’ব লাগে ৷ কিয়নো ইয়াক গণনা কৰিবলৈ ব্যৱহাৰ কৰা নীতি-নিয়মসমূহ পুৰণি আৰু ই বৰ্তমানৰ কৰ্মচাৰীৰ প্ৰয়োজনীয়তাক প্ৰতিফলিত নকৰে ।
- কেতিয়া গঠন হ'ব অষ্টম দৰমহা আয়োগ ?
খবৰ অনুসৰি ২০২৫ চনৰ এপ্ৰিল মাহৰ ভিতৰত চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰিব পাৰে । ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে আয়োগৰ অধ্যক্ষ আৰু আন দুজন সদস্যৰ নাম ঘোষণা কৰিব পাৰে । আয়োগ গঠনৰ পিছত পৰামৰ্শসমূহ কাৰ্যকৰী হ’বলৈ প্ৰায় এবছৰ সময় লাগিব পাৰে ৷