নতুন দিল্লী: ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ আৰম্ভণিতে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে অনুমোদন জনাইছিল ৷ তাৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে নতুন দৰমহা আয়োগৰ অধীনত ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা বৃদ্ধি পোৱা দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ আশা কৰিছিল ।
অৱশ্যে এতিয়া তেওঁলোকৰ আশা যেন নিৰ্বাপিত হ’বলৈ ওলাইছে আৰু ইয়াৰ বাবে তেওঁলোকে হয়তো বহু সময় অপেক্ষা কৰিব লাগিব ।
ফাইনেন্সিয়েল এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি, অষ্টম দৰমহা আয়োগৰ অধীনত পেঞ্চন আৰু দৰমহা বৃদ্ধি ২০২৬ চনৰ জানুৱাৰীৰ পৰিৱৰ্তে ২০২৭ চনলৈ পিছুৱাই দিয়া হ’ব পাৰে । দৰমহা আয়োগৰ কাৰ্যকাল আনুষ্ঠানিকভাৱে ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব, কিন্তু ইয়াৰ অধীনত সংশোধিত দৰমহা আৰু পেঞ্চনৰ পৰিৱৰ্তন ২০২৭ চনৰ আৰম্ভণিলৈকে কাৰ্যকৰী নহ’ব ।
১২ মাহৰ বকেয়া পাব
নতুন পে কমিচন কাৰ্যকৰী হ’লেহে কৰ্মচাৰীসকলৰ বাবে সকাহ হ’ব ৷ তেতিয়াই কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ১২ মাহৰ বকেয়া লাভ কৰিব । চৰকাৰী সূত্ৰ অনুসৰি, আয়োগে পৰামৰ্শ চূড়ান্ত কৰিবলৈ ১৫-১৮ মাহ সময়ৰ প্ৰয়োজন ৷ সেয়ে ২০২৬ চনৰ শেষৰফালে সম্পূৰ্ণ প্ৰতিবেদন প্ৰকাশ পোৱাৰ আশা কৰা হৈছে ।
কেতিয়া গঠন হ'ব অষ্টম দৰমহা আয়োগ ?
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অৱ ৰেফাৰেন্সে (ToR) এপ্ৰিল মাহত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন লাভ কৰিব পাৰে । বৰ্তমান চৰকাৰ আয়োগ গঠনৰ প্ৰক্ৰিয়াৰ অন্তিম পৰ্যায়ত আছে । কেবিনেটৰ পৰা অনুমোদন পোৱাৰ লগে লগে এই সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হ’ব । ইয়াৰ পিছত আয়োগে কাম আৰম্ভ কৰিব ।
কিমান ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ কৰিব পাৰি ?
ফিটমেণ্ট ফেক্টৰৰ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অষ্টম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ ১.৯২ ৰ পৰা ২.৮৬ ৰ ভিতৰত বৃদ্ধি পাব বুলি দাবী কৰা হৈছে । পূৰ্বে সপ্তম দৰমহা আয়োগত ইয়াৰ পৰিমাণ আছিল ২.৫৭ আৰু এতিয়া ইয়াক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে ।
কিমান বৃদ্ধি হ’ব দৰমহা ?
যদি ফিটমেণ্ট ফেক্টৰ ১.৯২ নিৰ্ধাৰণ কৰা হয়, তেন্তে নূন্যতম মজুৰি ১৮ হাজাৰ টকাৰ পৰা ৩৪,৫৬০ টকালৈ বৃদ্ধি পাব । আনহাতে, যদি ফিটমেণ্ট ফেক্টৰ ২.৫৭ হয়, তেন্তে নূন্যতম দৰমহা হ’ব ৪৬,২৬০ টকা । একেদৰে যদি ২.৮৬ ফিটমেণ্ট ফেক্টৰ প্ৰয়োগ কৰা হয়, তেন্তে দৰমহা হ’ব ৫১,৪৮০ টকা ।