ETV Bharat / business

নামৰূপত স্থাপন হ'ব ইউৰিয়া প্ৰকল্প: বাজেটত ঘোষণা বিত্তমন্ত্ৰীৰ - UNION BUDGET 2025

কেন্দ্ৰীয় বাজেটত অসমৰ বাবে বিশেষ আঁচনি ৷ নামৰূপত বাৰ্ষিক ১২.৭ লাখ মেট্ৰিক টন ক্ষমতাৰ এটা উদ্যোগ স্থাপন কৰা হ'ব । বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ঘোষণা ৷

UNION BUDGET 2025
অসমত ইউৰিয়া প্ৰকল্প স্থাপন কৰিব চৰকাৰে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 1, 2025 at 4:37 PM IST

Updated : February 1, 2025 at 7:31 PM IST

2 Min Read

হায়দৰাবাদ: কৃষকক ইউৰিয়াৰ যোগান বৃদ্ধিৰ বাবে অসমত ইউৰিয়া প্ৰকল্প স্থাপন কৰা হ’ব ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে পুৱা তেওঁৰ কাৰ্যকালৰ অষ্টমখন কেন্দ্ৰীয় বাজেট দাখিল কৰি এই ঘোষণা কৰে ৷ তেওঁ কয়, "অসমৰ নামৰূপত বাৰ্ষিক ১২.৭ লাখ মেট্ৰিক টন ক্ষমতাৰ এটা উদ্যোগ স্থাপন কৰা হ'ব । পূৰ্বাঞ্চলৰ তিনিটা বন্ধ হৈ যোৱা ইউৰিয়া প্ৰকল্প পুনৰ মুকলি কৰা হৈছে । সমবায় খণ্ডৰ ঋণ পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমক চৰকাৰে সহায় কৰিব ।"

“বিশ্বৰ সকলো প্ৰধান অৰ্থনীতিৰ ভিতৰত ভাৰতৰ অৰ্থনীতি আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে । বিগত ১০ বছৰৰ উন্নয়নৰ ট্ৰেক ৰেকৰ্ড আৰু গাঁথনিগত সংস্কাৰে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে । বাজেটত প্ৰস্তাৱিত উন্নয়নমূলক ব্যৱস্থাসমূহে দৰিদ্ৰ, যুৱক-যুৱতী, কৃষক, মহিলা, কৃষি বৃদ্ধি আৰু উৎপাদনশীলতাক প্ৰেৰণা যোগোৱা, গ্ৰাম্য সমৃদ্ধি আৰু স্থিতিস্থাপকতা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷" বিত্তমন্ত্ৰীয়ে কয় ৷

তেওঁ আৰু কয় যে দক্ষতাপূৰ্ণ বিনিয়োগ আৰু প্ৰযুক্তিৰ জৰিয়তে কৃষিক্ষেত্ৰত নিবনুৱা সমস্যা দূৰ কৰিবলৈ, প্ৰব্ৰজন ৰোধৰ বাবে পৰ্যাপ্ত সুযোগ সৃষ্টি কৰিবলৈ, গ্ৰাম্য মহিলা, যুৱ কৃষক, গ্ৰাম্য প্ৰান্তীয় যুৱক-যুৱতী আৰু ক্ষুদ্ৰ কৃষক আৰু ভূমিহীন পৰিয়ালসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ গ্ৰাম্য সমৃদ্ধি আৰু স্থিতিস্থাপকতা কাৰ্যসূচী আৰম্ভ কৰা হ’ব ।

সীতাৰমণে কয় যে সমগ্ৰ পূৰ্বাঞ্চলত খাদ্য প্ৰক্ৰিয়াকৰণৰ কাম-কাজ প্ৰচাৰৰ বাবে বিহাৰত ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তি, উদ্যোগীকৰণ আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান গঠন কৰা হ’ব । ইয়াৰ জৰিয়তে কৃষকৰ উৎপাদিত সামগ্ৰীৰ মূল্য সংযোজনৰ জৰিয়তে আয় বৃদ্ধি কৰাৰ লগতে যুৱক-যুৱতীসকলক দক্ষতা, উদ্যোগীকৰণ আৰু কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰা হ’ব । মাছ উৎপাদন আৰু জলজ কৃষিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম দেশ । বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় একচেটিয়া অৰ্থনৈতিক মণ্ডল আৰু উচ্চ সাগৰৰ পৰা মীনপালনৰ বহনক্ষম ব্যৱহাৰৰ বাবে চৰকাৰে এক সক্ষম কাঠামো আনিব ।

লগতে পঢ়ক: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উপস্থাপন কৰিলে বাজেট; অসমৰ বাবে ঘোষণা বিত্তমন্ত্ৰীৰ

ৰাজ্যসমূহৰ অংশীদাৰিত্বৰে ৫০টা পৰ্যটনস্থলীৰ উন্নয়ন; হোমষ্টেলৈ মুদ্ৰা ঋণ বৃদ্ধি

আয়কৰত ডাঙৰ পৰিৱৰ্তন : বছৰি ১২ লাখ পৰ্যন্ত আয়ৰ ওপৰত নাথাকিব কোনো কৰ

Last Updated : February 1, 2025 at 7:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.