নতুন দিল্লী : দশক দশক ধৰি প্ৰদূষণৰ সমস্যাত ভুগি থকা যমুনা নদীৰ পানীৰ প্ৰদূষণ বহু ঠাইত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । ইয়াৰ ফলত নৈখনৰ বুকুত ফেন জমা হোৱাৰ দৰে সমস্যা নিয়ন্ত্ৰণৰ দিশত ইতিবাচক লক্ষণ দেখা গৈছে ।
পৰিৱেশ সম্পৰ্কীয় এক শেহতীয়া প্ৰতিবেদন অনুসৰি মে’ মাহত যমুনাত ফছফেটৰ পৰিমাণ যথেষ্ট পৰিমাণে হ্ৰাস পায় । পৰিৱেশ বিশেষজ্ঞসকলৰ মতে এই পৰিৱৰ্তনৰ বাবেই ভৱিষ্যতে যমুনাত ফেন জমা হোৱাৰ সমস্যা কিছু পৰিমাণে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷
ডি পি চি চিয়ে যমুনা সন্দৰ্ভত প্ৰকাশ কৰিছে এই প্ৰতিবেদন
দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে যমুনা নদীৰ প্ৰদূষণ সন্দৰ্ভত প্ৰস্তুত কৰিছে এক প্ৰতিবেদন ৷ ইয়াত উল্লেখ কৰা হৈছে যে মে’ মাহত যমুনাৰ পানীত ফছফেটৰ মাত্ৰা গড়ে প্ৰতি লিটাৰত ১.৫৭ মিলিগ্ৰাম পোৱা গৈছিল, যিটো বিগত এপ্ৰিল মাহত প্ৰতি লিটাৰত ১.৯২ মিলিগ্ৰাম আছিল ।
ইয়াৰ পূৰ্বে এপ্ৰিল মাহত আছগৰপুৰৰ ওচৰত এই স্তৰ ৫.৭৭ আৰু ওখলাত ৫.৪৪ পোৱা গৈছিল আৰু গুণগত মান অনুসৰি এই স্তৰ আছিল অতি উচ্চ ।

জৈৱিক আৱৰ্জনাসমূহৰ উপস্থিতি যমুনাত বেছি
দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিৰ প্ৰতিবেদনত বি অ’ ডি (জৈৱ-ৰাসায়নিক অক্সিজেন চাহিদা) আৰু ডি অ’ (দ্ৰৱীভূত অক্সিজেন) ৰ মাত্ৰাৰো পৰীক্ষা আৰু পৰ্যালোচনা কৰা হৈছে । পল্লা, ৱাজিৰাবাদ, ওখলা আদি ঠাইত যমুনাৰ পানীত বি অ’ ডিৰ পৰিমাণ বেছি হোৱা দেখা গৈছে ।
ইয়াৰ পৰা দেখা যায় যে এই স্থানসমূহত জৈৱিক আৱৰ্জনাসমূহৰ উপস্থিতি অধিক । আই টি আই, নিজামুদ্দিন আৰু আছগৰপুৰৰ দৰে একাংশ স্থানত বি অ’ ডিৰ মাত্ৰা প্ৰতি লিটাৰত ৩০-৫৬ মিলিগ্ৰামৰ ভিতৰত পোৱা গৈছে, যাৰ মানক সীমা প্ৰতি লিটাৰত মাত্ৰ ৩ মিলিগ্ৰাম ।
যমুনাত ফেন জমা হোৱাৰ কাৰণ
যমুনাত ফেনৰ এটা প্ৰধান কাৰণ হৈছে ফছফেটকে ধৰি নদীত মিলিত হোৱা প্ৰদূষক আৰু নলা-নৰ্দমাৰ উচ্চ মাত্ৰা । মে’ মাহত ফছফেটৰ মাত্ৰা কিছু পৰিমাণে হ্ৰাস পাইছে ৷ আন একাংশ ঠাইতো বি অ’ ডিৰ মাত্ৰা উন্নত হৈছে যদিও ই অতি ক্ষণস্থায়ী ৷
ইয়াৰ পিছতো যমুনাৰ পানীত আঠটা স্থানৰ ভিতৰত ছয় স্থানতে পোৱা নগ’ল অক্সিজেন । ইয়াত অক্সিজেনৰ পৰিমাণ শূন্য হৈয়েই থাকিল । ডিটাৰজেণ্টত সঘনে উপলব্ধ ফছফেটে নদীত মিলি যোৱাৰ পিছত পানীৰ পৃষ্ঠ কঠিন কৰি তোলে, যাৰ ফলত নৈখনৰ বুকুত ফেনৰ সৃষ্টি হয় ৷
মে’ মাহত স্বাভাৱিকতকৈ অধিক বৰষুণৰ প্ৰভাৱ
সমিতিৰ বিষয়াসকলৰ মতে, মে’ মাহত স্বাভাৱিক পৰিমাণতকৈ অধিক পৰিমাণে বৰষুণ হৈছে । বাৰিষাৰ প্ৰস্তুতিৰ অংশ হিচাপে নলা পৰিষ্কাৰ কৰাৰ কামো দ্ৰুতগতিত সম্পন্ন কৰা হৈছে । এনে পৰিস্থিতিত যমুনা নদীৰ প্ৰদূষণৰ স্তৰ অধিক উন্নত হোৱাৰ সম্ভাৱনা আছে । দিল্লীত বাৰিষাৰ তিনি-চাৰি মাহৰ ভিতৰত যমুনাৰ পানীৰ প্ৰদূষণৰ মাত্ৰা যথেষ্ট উন্নত হয় ।

যমুনা নদীত এমোনিয়াক নাইট্ৰজেনৰ মাত্ৰা চিন্তনীয়
এই নৈত কলিফৰ্ম বেক্টেৰিয়াৰ উপস্থিতিও বিপদজনক মাত্ৰাত পোৱা গৈছে । নিজামুদ্দিন অঞ্চলত ইয়াৰ মাত্ৰা প্ৰতি ১০০ মিলিলিটাৰত ৭৯,০০০ পোৱা গৈছিল, যাৰ মানক সীমা ২৫০০ এম পি এন/১০০ মিলিলিটাৰ । যমুনা নদীত এমোনিয়াকেল নাইট্ৰজেনৰ মাত্ৰাও চিন্তাৰ বিষয় ।
বিশেষকৈ আছগৰপুৰ, ওখলা আৰু অমৰ কলনীৰ দৰে অঞ্চলত ইয়াৰ মাত্ৰা প্ৰতি লিটাৰত ২.৩৬ মিলিগ্ৰাম হৈছেগৈ ৷
নিৰন্তৰ নিৰীক্ষণ আৰু সংশোধনীমূলক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয়
ডি পি চি চিৰ ব’ৰ্ডৰ সদস্য তথা পৰিৱেশবিদ ড৹ অনিল কুমাৰ গুপ্তাই যমুনালৈ নলা-নৰ্দমা আৰু উদ্যোগিক আৱৰ্জনা প্ৰবাহ অব্যাহত থকা বুলি মন্তব্য় কৰে ৷ যাৰ ফলত যমুনা নদীৰ মানত বিৰূপ প্ৰভাৱ পৰা দেখা গৈছে ৷

কিন্তু ফছফেট আৰু এমোনিক নাইট্ৰজেনৰ মাত্ৰা সামান্য হ্ৰাস পোৱাৰ ফলত চৰকাৰৰ এই প্ৰচেষ্টাৰ আংশিক প্ৰভাৱ পৰাৰ ইংগিত পোৱা যায় । ভৱিষ্যতেও নিৰন্তৰ নিৰীক্ষণ আৰু সংশোধনীমূলক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় । তেতিয়াহে যমুনা নদীৰ অৱস্থা উন্নত হ’ব ।
লগতে পঢ়ক: এয়া দেশৰ সংকট: WHOৰ তথ্য মতে প্ৰদূষণৰ তালিকাত শীৰ্ষস্থানত আছে বৰ্ণিহাট