ETV Bharat / bharat

ভিজিনজাম বন্দৰত উপস্থিত বিশ্বৰ সৰ্ববৃহৎ কাৰ্গো জাহাজ এম এছ চি ইৰিণা - WORLDS LARGEST CARGO SHIP

২৬,৩৪৬ টি ই ইউ ক্ষমতাৰে জাহাজখনৰ ডেকখন ফিফাৰ ষ্টেণ্ডাৰ্ড ফুটবল খেলপথাৰৰ তুলনাত প্ৰায় চাৰিগুণ দীঘলীয়া অঞ্চলত বিস্তৃত ।

WORLDS LARGEST CARGO SHIP
এই জাহাজখন অতি বৃহৎ কণ্টেইনাৰ জাহাজৰ পোষ্ট-ছুয়েজমেক্স শ্ৰেণীৰ অন্তৰ্গত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 4:09 PM IST

2 Min Read

তিৰুৱনন্তপুৰম: বিশ্বৰ সৰ্ববৃহৎ মালবাহী জাহাজ এম এছ চি ইৰিণা উপস্থিত হৈছে কেৰালাৰ ভিজিনজাম বন্দৰত ৷ নতুনকৈ উদ্বোধন কৰা সাগৰীয় বন্দৰটোৰ বাবে ই চিহ্নিত হৈছে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ৷ সোমবাৰে পুৱা প্ৰায় ৮ বজাত বন্দৰৰ প্ৰৱেশদ্বাৰত জল চেল্যুটেৰে আদৰণি জনোৱা হয় জাহাজখনক ।

বিগত ৩ জুনত জাহাজখনে ভিজিনজামৰ সমীপৰ সাগৰত উপস্থিত হৈছিল যদিও পূৰ্বে আন ছখন জাহাজৰ সময় নিৰ্ধাৰণ হোৱাৰ বাবে বন্দৰৰ সমীপত উপস্থিত হোৱাত পলম হৈছিল । কেপ্টেইন উইলি এণ্টনিয়ে ই টিভি ভাৰতক জনোৱা মতে, ভিজিনজামত প্ৰায় ৩ হাজাৰ কণ্টেইনাৰ নমোৱা হ’ব ৷

ভিজিনজাম বন্দৰত বিশ্বৰ সৰ্ববৃহৎ কাৰ্গো জাহাজ (ETV Bharat)

এম এছ চি ইৰিনাই বিশ্বৰ ভিতৰতে সৰ্বাধিক টি ই ইউ (টুৱেণ্টি ফুট ইকুইভেলেণ্ট ইউনিট) ক্ষমতা লাভ কৰিছে । ৩৯৯.৯ মিটাৰ দৈৰ্ঘ আৰু ৬১.৩ মিটাৰ প্ৰস্থৰ এই জাহাজখন ২০২৩ চনত এছিয়া আৰু ইউৰোপৰ মাজত বৃহৎ পৰিসৰৰ সামগ্ৰীৰ চলাচল সম্ভৱ কৰি তোলাৰ লক্ষ্যৰে মুকলি কৰা হৈছিল । ভিজিনজাম বন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, ২৬,৩৪৬ টি ই ইউ ক্ষমতাৰে জাহাজখনৰ ডেকখন ফিফাৰ ষ্টেণ্ডাৰ্ড ফুটবল খেলপথাৰৰ তুলনাত প্ৰায় চাৰিগুণ দীঘলীয়া অঞ্চলত বিস্তৃত । ইয়াৰ প্ৰস্থও ১৬.২ মিটাৰ ।

WORLDS LARGEST CARGO SHIP
বন্দৰৰ প্ৰৱেশদ্বাৰত জল চেল্যুটেৰে আদৰণি এম এছ চি ইৰিণাক (ETV Bharat)

এই জাহাজখন অতি বৃহৎ কণ্টেইনাৰ জাহাজৰ পোষ্ট-ছুয়েজমেক্স শ্ৰেণীৰ অন্তৰ্গত । ২৮ মে’ত ছিংগাপুৰৰ পৰা ভিজিনজামলৈ যোৱাৰ পথত ছিংগাপুৰৰ পৰা আনল’ডিং প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি স্পেইনলৈ যোৱাৰ কথা আছে জাহাজখন ।

কেপ্টেইন উইলি এণ্টনিয়ে এনেকুৱা এখন বৃহৎ জাহাজৰে নিজৰ গৃহভূমিলৈ যাব পৰাত সুখ প্ৰকাশ কৰে । এৰ্ণাকুলাম জিলাৰ অংগমালীৰ আন এজন মালয়ালী লোকো জাহাজখনৰ ক্ৰুৰ অংশ । কেপ্টেইন উইলিয়ে উল্লেখ কৰে যে শেহতীয়াকৈ ভ্ৰমণ কৰা অন্যান্য বন্দৰৰ তুলনাত ভিজিনজামৰ গভীৰতা এক উল্লেখযোগ্য সুবিধা আৰু তেওঁ আলোকপাত কৰে যে কেনেকৈ বন্দৰটোৱে বিশ্বৰ সামুদ্ৰিক মানচিত্ৰত দ্ৰুতগতিত আত্মপ্ৰকাশ কৰিছে ।

WORLDS LARGEST CARGO SHIP
২০২৩ চনত এছিয়া-ইউৰোপৰ মাজত বৃহৎ পৰিসৰত সামগ্ৰী পৰিবহণৰ বাবে আৰম্ভ কৰা হৈছে এই কাৰ্গো জাহাজখনৰ যাত্ৰা (ETV Bharat)

আদানী গোটৰ দ্বাৰা পৰিচালিত ভিজিনজাম আন্তঃৰাষ্ট্ৰীয় সাগৰীয় বন্দৰটো ২ মে’ত উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । নতুনকৈ মুকলি কৰা বন্দৰটোৰ বাবে এম এছ চি ইৰিনাৰ আগমনক এক বৃহৎ সাফল্য হিচাপে গণ্য কৰা হৈছে ।

লগতে পঢ়ক: কলম্বিয়াৰ চিনেটৰ আৰু ৰাষ্ট্ৰপতি পদৰ সম্ভাব্য প্ৰাৰ্থীক উদ্দেশ্যি গুলীচালনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.