ভূপাল (মধ্যপ্ৰদেশ) : আপুনি হয়তো এগৰাকী প্ৰসূতিয়ে দুটা বা কেতিয়াবা তিনিটা সন্তান জন্ম দিয়াৰ কথা শুনিছে ৷ কিন্তু আপুনি কেতিয়াবা শুনিছেনে এগৰাকী প্ৰসূতিয়ে একেলগে চাৰিটা সন্তান জন্ম দিয়াৰ কথা ? এইবাৰ মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ কৈলাশনাথ কাটজু চিকিৎসালয়ত শিশুৰ জন্ম সন্দৰ্ভত পোহৰলৈ আহিছে এক বিশেষ খবৰ । যিটো খবৰে চিকিৎসককো স্তম্ভিত কৰি তুলিছে ।
জানিব পৰা মতে, এগৰাকী গৰ্ভৱতী মহিলাই একেলগে চাৰিটা সন্তান জন্ম দিছে । ইয়াৰ ভিতৰত আছে দুগৰাকী কন্যা আৰু দুজন পুত্ৰ । ভূপাল চিকিৎসালয়ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাই একেলগে চাৰিটা সন্তান জন্ম দিয়াৰ তথ্য পোহৰলৈ আহিছে । যোৱা বছৰৰ আৰম্ভণিতে এগৰাকী মহিলাই একেলগে তিনিটা সন্তান জন্ম দিছিল ।
- ২ টা শিশুৰ অৱস্থা সংকটজনক
ভূপালৰ কৈলাশনাথ কাটজু চিকিৎসালয়ৰ অধীক্ষক ডাঃ স্মিতা সাক্সেনাই কয়, "এই এটা অনন্য ঘটনা । যেতিয়া মহিলাগৰাকীয়ে প্ৰথম পৰীক্ষাৰ বাবে আহিছিল, তেতিয়া ছ'ন'গ্ৰাফী ৰিপ'ৰ্টত নিশ্চিত হৈছিল যে তেওঁৰ গৰ্ভত চাৰিটা ভ্ৰূণ আছে ৷ তেওঁৰ গৰ্ভাৱস্থাৰ সপ্তম মাহত অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তানকেইটা জন্ম হৈছিল । চাৰিওটা নৱজাতকৰ ওজন ৮০০ গ্ৰামৰ পৰা ১ কিলোগ্ৰামৰ ভিতৰত, যি স্বাভাৱিকতকৈ বহুগুণে কম বুলি গণ্য কৰা হয় ।’’
- ছ’ন’গ্ৰাফী ৰিপ’ৰ্টত ৪টা শিশু নিশ্চিত কৰা হৈছে
ত্ৰিপ্লেট জন্ম এতিয়া সাধাৰণ হৈ পৰিছে যদিও একেলগে চাৰিটা সন্তান জন্ম হোৱা ঘটনাটো এক বিৰল । মহিলাগৰাকী যেতিয়া প্ৰথম পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ আহিছিল তেতিয়াই তেওঁৰ ছ’ন’গ্ৰাফীত চাৰিটা ভ্ৰূণ নিশ্চিত হৈছিল । সপ্তম মাহত যেতিয়া প্ৰসৱ বেদনা আৰম্ভ হয়, তেতিয়াই মহিলাগৰাকীক জৰুৰী অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
এনে অৱস্থাত মহিলা আৰু শিশু উভয়ৰ বাবেই বিশেষ যত্নৰ প্ৰয়োজন হয় । চিকিৎসালয়ত চিকিৎসকৰ এটা দলে অহৰহ নৱজাতককেইটাৰ স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণ কৰি আছে ।
লগতে পঢ়ক : শৈশৱৰ স্মৃতিবোৰ আমি কিয় পাহৰি যাওঁ - গৱেষণাই কি কয় ? লগতে পঢ়ক : কণমানি নাজিৰ আৰু নাজিৰাৰ কাহিনীটো পঢ়ক... |