বিগত ৫ বছৰত বন্যপ্ৰাণীৰ আক্ৰমণত কিমান লোকে হেৰুৱালে প্ৰাণ...
মানুহ-বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাতৰ ফলত মহাৰাষ্ট্ৰত সৰ্বাধিক লোকৰ মৃত্যু ঘটিছে ৷ অন্যান্য ৰাজ্যৰ পৰিসংখ্যাই কি কয়…

Published : August 9, 2025 at 7:49 PM IST
নতুন দিল্লী: মানুহ আৰু বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাতে বহু নিৰীহৰ প্ৰাণ কাঢ়িছে ৷ সমগ্ৰ দেশতে থকা এই সমস্যাৰ স্থায়ী সমাধান উলিওৱাত ব্যৰ্থ হৈছে চৰকাৰ ৷ যোৱা পাঁচ বছৰত দেশজুৰি বাঘ আৰু হাতীৰ দৰে বন্যপ্ৰাণীৰ আক্ৰমণত ৩,২০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে ।
উল্লেখযোগ্য যে জনসাধাৰণৰ ওপৰত বন্যপ্ৰাণীৰ আক্ৰমণে আঘাত, মৃত্যু আৰু জীৱিকাৰ প্ৰতি আশংকা সৃষ্টি কৰে । বৰ্তমান সময়ত মানুহ-বন্যপ্ৰাণীৰ মাজত হোৱা সংঘাতৰ ঘটনা গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে ।
কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত পাঁচ বছৰত বাঘ আৰু হাতীৰ আক্ৰমণত ৩,২৫১ জন লোকে প্ৰাণ হেৰুৱাইছে । ২০২০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত বিভিন্ন ৰাজ্যত বাঘৰ আক্ৰমণত নিহত হোৱা লোকৰ মুঠ সংখ্যা ৩৮২ জন ।

ইয়াৰ ভিতৰত সৰ্বাধিক লোকৰ মৃত্যু ঘটিছে মহাৰাষ্ট্ৰত ৷ তাৰ পিছতে উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত সৰ্বাধিক লোকৰ মৃত্যু হৈছে । মহাৰাষ্ট্ৰত মুঠ ২১৮ জন, উত্তৰ প্ৰদেশত ৬১ জন আৰু মধ্যপ্ৰদেশত ৩২ জন লোকৰ মৃত্যু হৈছে ।
আনহাতে, পশ্চিমবংগত বাঘৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা ১২ জন আৰু উত্তৰাখণ্ডত ৯ জন । লগতে বিহাৰত ১৭ জন আৰু অসমত ৪ জন লোকৰ মৃত্যু হৈছে ।
তথ্য অনুসৰি যোৱা পাঁচ বছৰত মুঠ ২৮৬৯ জন লোকৰ হাতীৰ আক্ৰমণত নিহত হৈছে । এই সময়ছোৱাত ওড়িশাত হাতীৰ আক্ৰমণত সৰ্বাধিক ৬২৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । আনহাতে, বনৰীয়া হাতীৰ আক্ৰমণত পশ্চিমবংগত ৪৩৬ জন, অসমত ৩৮৩ জন আৰু তামিলনাডুত ২৫৬ জন লোকৰ মৃত্যু হৈছে ।
বন্যপ্ৰাণী-মানুহৰ সংঘাতৰ সমাধানৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ
কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রালয়ে বন্যপ্ৰাণী-মানুহৰ সংঘাতৰ সৈতে মোকাবিলা কৰিবলৈ এক পৰামৰ্শ আগবঢ়াইছে ৷ এই পৰামৰ্শৰ ভিতৰত আছে- সমন্বিত আন্তঃবিভাগীয় ব্যৱস্থা, প্ৰধান সংঘাতৰ স্থান চিনাক্তকৰণ, মানক পৰিচালনা পদ্ধতি মানি চলা, দ্ৰুত সঁহাৰি দল গঠন, শীঘ্ৰে ধন পৰিশোধৰ বাবে এক্স-গ্ৰেচিয়া পেমেণ্টৰ পৰিমাণ পৰ্যালোচনা কৰিবলৈ ৰাজ্য আৰু জিলা পৰ্যায়ৰ সমিতি গঠন আৰু আঘাতপ্ৰাপ্ত ব্যক্তি বা মৃত্যুৰ ক্ষেত্ৰত ক্ষতিগ্ৰস্ত ব্যক্তিসকলক ২৪ ঘণ্টাৰ ভিতৰত ক্ষীপ্ৰ সাহায্য প্ৰদানৰ বাবে নিৰ্দেশনা জাৰি কৰা ৷
কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়েও শস্যৰ ক্ষতিকে ধৰি মানৱ-বন্যপ্ৰাণী সংঘাত নিৰ্মূলকৰণৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰ্দেশনা জাৰি কৰে । বিশেষকৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা (পি এম এফ বি ৱাই) ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । পি এম এফ বি ৱাইৰ পুনৰুজ্জীৱিত কাৰ্যকৰী নিৰ্দেশনাৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে বন্যপ্ৰাণীৰ আক্ৰমণৰ ফলত হোৱা শস্যৰ ক্ষতিৰ বাবদ ক্ষতিপূৰণ প্ৰদান কৰিব পাৰে ।

ইয়াৰ উপৰিও দুৰ্গম অঞ্চলত বিভিন্ন আঁচনিৰ অধীনত ৰাজ্যিক কৃষি বা উদ্যান শস্য বিভাগৰ দ্বাৰা বিকল্প শস্যৰ বাবে বিস্তৃত দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত আৰু কাৰ্যকৰী কৰাটোও অন্তৰ্ভুক্ত কৰা হৈছে ।
হাতী, নাহৰফুটুকী, সাপ, বনৰীয়া গাহৰি, ভালুক, নীলগাই আদিৰ দৰে বনৰীয়া জীৱ-জন্তুৰ সৈতে জড়িত মানুহ-বন্যপ্ৰাণী সংঘাতৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবেও সুকীয়া নিৰ্দেশনা জাৰি কৰে ।
অন্যান্য বিষয়ৰ লগতে বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ ৰ ধাৰা ১১(১)(ক) অনুসৰি ৰাজ্যৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনক আইনখনৰ প্ৰথম অনুসূচীত অন্তৰ্ভুক্ত হোৱা জীৱ-জন্তু চিকাৰৰ অনুমতি প্ৰদানৰ ক্ষমতা প্ৰদান কৰা হৈছে, যিবোৰ মানৱ জীৱনৰ বাবে বিপজ্জনক ।

তদুপৰি, আইনখনৰ ধাৰা ১১(১)(খ) অনুসৰি ৰাজ্যখনৰ মুখ্য বন্যপ্ৰাণী বিষয়া বা যিকোনো কৰ্তৃত্বপ্ৰাপ্ত বিষয়াক আইনৰ তফছিল-II ৰ অধীনত বন্যপ্ৰাণী চিকাৰৰ অনুমতি প্ৰদানৰ ক্ষমতা প্ৰদান কৰা হৈছে, যদিহে এনে প্ৰাণী মানুহৰ জীৱন বা সম্পত্তিৰ বাবে বিপজ্জনক বুলি বিবেচিত হয় ।
লগতে পঢ়ক: পাপৰি কছাৰী : যাৰ নাম শুনিলেই হাত কঁপি উঠে চোৰাংচিকাৰীৰ - ASSAM FORESTER PAPORI KACHARI

