বেংগালুৰু: এগৰাকী প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধানৰ হত্য়া ৷ এই হত্যাকাণ্ডত নাম সাঙোৰ খাইছে প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীৰ পত্নীৰ ৷
পুত্ৰৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মৃত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীৰ পত্নীক ৷ পুত্ৰই দাখিল কৰা এজাহাৰত হত্যাকাণ্ডটোত মাতৃ আৰু ভগ্নী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছিল ।
এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকত ৷ প্ৰাক্তন ডি জি পি ওমপ্ৰকাশৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্বত থকা আৰক্ষীয়ে পুত্ৰ কাৰ্তিকেশৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ পত্নী পল্লৱীক ৷
সোমবাৰে এজন আৰক্ষী বিষয়াই কয় যে, যথোচিত তদন্তৰ বাবে গোচৰটো বেংগালুৰুৰ কেন্দ্ৰীয় অপৰাধ শাখালৈ স্থানান্তৰ কৰা হৈছে ।
বিষয়াগৰাকীয়ে লগতে কয় ‘‘গোচৰটোৰ তদন্তকাৰী বিষয়াই পল্লৱী ওমপ্ৰকাশ (৬৪) ক গ্ৰেপ্তাৰ কৰিছে । অভিযুক্তক ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰোৱাৰ পিছত ন্যায়াধীশে ১৪ দিনৰ বাবে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।’’
আৰক্ষীয়ে তদন্তৰ খাতিৰত পল্লৱীক অপৰাধস্থলীলৈ নিয়াৰ সময়তে তাত উপস্থিত সাংবাদিকৰ আগত তেওঁ গাৰ্হস্থ্য হিংসাৰ বলি হোৱা বুলি দাবী কৰে ৷
উল্লেখ্য যে, কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী অধীক্ষক তথা বিহাৰৰ পৰা অহা ১৯৮১ বেটচৰ আই পি এছ বিষয়াজনৰ মৃতদেহ দেওবাৰে বেংগালুৰুৰ সম্ভ্ৰান্ত এইচ এছ আৰ লে-আউটত থকা তিনি মহলীয়া অট্টালিকাটোৰ তলৰ মহলাত তেজেৰে তুমুৰলি অৱস্থাত উদ্ধাৰ হৈছিল ৷ তীব্ৰ বাক-বিতণ্ডাৰ পিছতে পল্লৱীয়ে স্বামী প্ৰকাশৰ মুখত জলকীয়াৰ গুড়ি নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ।
জলকীয়াৰ গুড়িৰ ফলত হোৱা জ্বলনৰ পৰা সকাহ বিচাৰি প্ৰাক্তন আৰক্ষী অধীক্ষকগৰাকীয়ে পানী বিচাৰি থাকোতে পত্নী পল্লৱীয়ে তেওঁক একাধিকবাৰ ছুৰীৰে আঘাত কৰি ঠাইতে হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ সূত্ৰই দাবী কৰা মতে, স্বামীক হত্যা কৰাৰ পিছত তেওঁ বন্ধুক ভিডিঅ’ কল কৰি কয়, “মই দানৱটোক হত্যা কৰিছো ।”
এজাহাৰত পুত্ৰ কাৰ্তিকেশে অভিযোগ কৰে যে, বিগত এসপ্তাহ ধৰি মাতৃ পল্লৱীয়ে পিতৃক হত্যাৰ ভাবুকি দিছিল । "এই ভাবুকিৰ বাবেই দেউতা ভনীয়েকৰ ঘৰত থাকিবলৈ গৈছিল" বুলি কাৰ্তিকেশে কয় ৷
কাৰ্তিকেশে অভিযোগ কৰে, "দুদিন পূৰ্বে মোৰ সৰু ভনী কৃতি তালৈ গৈ মোৰ দেউতাক ঘৰলৈ উভতি যাবলৈ হেঁচা দিছিল । কৃতিয়ে দেউতাক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে ঘৰলৈ ঘূৰাই আনিছিল ।"
তেওঁ কয় যে দেওবাৰে সন্ধিয়া প্ৰায় ৫ বজাত যেতিয়া তেওঁ ডমলুৰৰ কৰ্ণাটক গ’লফ এছ’চিয়েশ্যনত আছিল ৷ তেতিয়া তেওঁৰ ওচৰ-চুবুৰীয়াই ফোনযোগে তেওঁৰ পিতৃ তলত পৰি থকা অৱস্থাত পোৱা গৈছে বুলি জনাইছিল ।
"মই ঘৰলৈ লৰালৰিকৈ গৈ তাত উপস্থিত থকা আৰক্ষী বিষয়া আৰু আন আন লোকসকলক দেখা পাইছিলোঁ । মোৰ দেউতা তেজেৰে তুমুৰলি হৈ পৰি আছিল আৰু তেওঁৰ মূৰ আৰু শৰীৰত আঘাত পাইছিল । তেওঁৰ মৃতদেহৰ কাষত এটা ভঙা বটল আৰু এখন দা পোৱা গৈছিল । তাৰ পিছত তেওঁক ছেইণ্ট জনছ হাস্পতাললৈ লৈ যোৱা হৈছিল" বুলি কাৰ্তিকেশে প্ৰকাশ কৰে ৷
আৰক্ষীক দিয়া এজাহাৰত তেওঁ কয়, "মোৰ মা পল্লৱী আৰু মোৰ ভনী কৃতিয়ে মোৰ দেউতাৰ সৈতে সঘনাই কাজিয়া কৰিছিল । মোৰ দেউতাৰ হত্যাকাণ্ডৰ লগত তেওঁলোক জড়িত বুলি মোৰ দৃঢ় সন্দেহ । এই গোচৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো ।"
সূত্ৰই জনোৱা মতে, এই হত্যাকাণ্ডৰ মূল কাৰণ হৈছে দম্পতীটোৰ মাজত সঘনাই হোৱা কাজিয়া । জানিব পৰা মতে, কৰ্ণাটকৰ দণ্ডেলিৰ সম্পত্তিক কেন্দ্ৰ কৰি হোৱা বিবাদেই এই হত্য়াকাণ্ডৰ মূল কাৰক আছিল ।
কিছুমাহ পূৰ্বে পল্লৱীয়ে এইচ এছ আৰ লেআউট থানাত এজাহাৰ দাখিল কৰিছিল । তাত থকা আৰক্ষীয়ে পোনচাটেই কথাটো নাকচ কৰাত তেওঁ থানাৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে বুলি সূত্ৰই দাবী কৰিছে । লগতে জানিব পৰা গৈছে যে পল্লৱী স্কিজ’ফ্ৰেনিয়া ৰোগত আক্ৰান্ত হৈছিল আৰু দীৰ্ঘদিনৰে পৰা ঔষধ সেৱন কৰি আছিল ।
মৰণোত্তৰ পৰীক্ষাৰ অন্তত সোমবাৰে বেংগালুৰুত সম্পূর্ণ ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় প্রাক্তন শীর্ষ আৰক্ষী বিষয়াগৰাকীৰ ৷ তেওঁৰ পুত্ৰই সকলো মাংগলিক ৰীতি-নীতি সম্পূৰ্ণ কৰে ৷
পিতৃক দাহনৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কাৰ্তিকেশে কয়, "কালিৰ কাণ্ডৰ পিছত মই এজাহাৰ দাখিল কৰিলো । আৰক্ষীয়ে নিজৰ কাম কৰি আছে আৰু তেওঁলোকৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে । মই আৰু কোনো মন্তব্য দিব নিবিচাৰো ৷ কাৰণ তদন্তই সকলো কথা প্ৰকাশ কৰিব । তাৰ বাবে অপেক্ষা কৰো আহক ।"
৬৮ বছৰীয়া অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়াগৰাকী বিহাৰৰ চম্পাৰণৰ বাসিন্দা আৰু তেওঁ ভূতত্ত্বত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । প্ৰকাশক ২০১৫ চনৰ ১ মাৰ্চত আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি দিয়া হৈছিল ।
লগতে পঢ়ক: অন্ধবিশ্বাসৰ বলি হ’ল নেকি মুণ্ডা বস্তিৰ দম্পতী ! তিনি অভিযুক্তক গ্ৰেপ্তাৰ